পৰেশ বৰুৱাক ১০ দিন অসমত থাকি যাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ
কলাক্ষেত্ৰত আলফাৰ প্ৰাক্তন সদস্য/নিৰ্যাতিত পৰিয়াল আৰু নিৰুদ্দিষ্ট সদস্যৰ নিকটাত্মীয়সকলক আৰ্থিক সাহায্য প্ৰদান
মুখ্য অতিথি হিচাপে উপস্থিত মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা ডিজিটেল, ২ মাৰ্চঃ কলাক্ষেত্ৰ অনুষ্ঠিত এক অনুষ্ঠানত আলফাৰ প্ৰাক্তন সদস্য/নিৰ্যাতিত পৰিয়াল আৰু নিৰুদ্দিষ্ট সদস্যৰ নিকটাত্মীয়সকলক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। উক্ত অনুষ্ঠানটোৰ মুখ্য উদ্যোগ গ্ৰহণ কৰে গৃহ আৰু ৰাজনৈতিক বিভাগে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “য’ত অসমীয়াই সংখ্যালঘু, তাত স্বাধীন অসমৰ প্ৰয়োজন কি? পৰেশ বৰুৱাক টেলিফোন কৰিলেও মই এই কথা কওঁ। বৰপেটা, নলবাৰী, বঙাইগাঁও, গোৱালপাৰা,দৰঙৰ দৰে ঠাইত এটা জনসংখ্যাৰ বাবে মাটি হেৰুৱাইছে খিলঞ্জীয়াই। পৰেশ বৰুৱাক ১০ দিনৰ বাবে অসমলৈ আহি থাকি চাই যাবলৈ আহ্বান জনাইছোঁ । ১০ দিন থাকি ম্যানমাৰলৈ উভতি যোৱাৰ মন নোযোৱা হব। ৮০ৰ দশকৰ অসমীয়াৰ সংজ্ঞা আৰু আজিৰ অসমীয়াৰ মাজৰ সংজ্ঞাও সলনি হৈছে। যোৱা দুটা বছৰত ৰাজ্যত শান্তি দেখা পাইছোঁ। ইফালে আলফা চুক্তি সন্দৰ্ভত তেওঁ কয়, আলফাৰ শান্তি চুক্তিক ভৱিষ্যত প্ৰজন্মই মূল্যাংকন কৰিব। আলফাক সন্ত্ৰাসবাদী বুলি ক’লে মই বিশ্বাস নকৰো। দেশ আৰু জননীৰ বিৰুদ্ধে নহয় আলফা। এৰি অহা সংগঠনটোক সহায় কৰাৰ মানসিকতা থাকিব নালাগে।