ৰূপহীহাটত এআইইউডিএফৰ সভাত চাইকেল চোৰ আটক
নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ ৰূপহীহাটৰ ভকতগাঁও খেলপথাৰত সাংসদ বদৰুদ্দিন আজমল, বিধায়ক আমিনুল ইছলাম আৰু তথাকথিত মিঞা কবিয়ে এক ৰাজনৈতিক সভাত অংশ ল’ব বুলি দুদিন ধৰি ৰূপহীহাটৰ অলিয়ে গলিয়ে বাইকত উচ্চ স্বৰত প্ৰচাৰ কৰাৰ পিছত আজি অথন্তৰ লাগিল এ আই ইউ ডি এফৰ সভাত৷ ৪ বজাত দলীয় সভা অনুষ্ঠিত হব বুলি প্ৰচাৰ কৰাৰ পিছত আজি সভাস্থলীত একেবাৰে সেৰেঙা লোক উপস্থিত হয়৷ নগাঁও সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ প্ৰচাৰৰ বাবে আয়োজন আৰু আহ্বান কৰা সভাখনত ৬ বজালৈকে প্ৰায় ৩০০ মান মানুহহে গোট খায়৷ যাৰ ফলত ৬ বজালৈকে সভাস্থলীত উপস্থিত নহ’ল সাংসদ আজমল, বিধায়ক আমিনুল আৰু অন্যান্য দলীয় লোকসকল ৷ একমাত্ৰ ৰাইজৰ সেৰেঙা উৰস্থিতিৰ বাবেই আজলে সভালৈ নাহিল বুলি সকলোৱে সন্দেহ কৰে যদিও সন্ধিয়া ৬:৩০ মিনিটৰ পিছত এন্ধাৰৰ ভাগতহে মানকাচাৰৰ বিধায়ক আমিনুল ইছলামসহ কেইজনমান দলীয় আহি সভাস্থলীত উপস্থিত হয়৷ উল্লেখ্য যে ৰূপহীহাটত এ আই ইউ ডি এফৰ সভ অনুষ্ঠত হব বুলি বিধায়ক আমিনুল ইছলামে দেওবাৰে ৰূপহীহাটৰ একাংশ স্থানত নিজেও প্ৰচাৰ চলাই গৈছিল কিন্তু অৱশেষত ৪-৫শ মানুহৰ উপস্থিতিত সভাখন ফ্লপশ্বত পৰিণত হল৷ ইফালে দিনৰ পোহৰত আজমল নহা সভাখনত আহিল চাইকেল চোৰ৷ এআইইউডিএফৰ সভাৰ বাবে অহা লোকে ৰখাই থোৱা চাইকেল চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰে এটা চাইকেল চোৰ। চাইকেল চোৰক ৰাইজে হাতে লুটে কৰায়ত্ব কৰি উত্তম মাধ্যম সুধাই আৰক্ষীক খবৰ দিয়ে৷ চাইকেল চোৰটোৰ নাম ফাইজুল হক বুলি জানিব পৰা গৈছে৷ মিঞা কবি আহিব বুলি, আজমল আহিব বুলি মিঞা ভাষাত প্ৰচাৰ চলোৱাৰ পিছতো মুছলমান জনতা বহু চৰ্চিত সভাখনলৈ কোনো গুৰুত্ব নিদিয়াত চিন্তিত হৈ পৰিছে এ আই ইউ ডি এফ দল৷ ইয়াৰ লগে লগে সংখ্যালঘু অধ্যূষিত অঞ্চলৰ পৰা আজমলৰ সাম্প্ৰদায়িক ৰাজনীতি আৰু এ আই ইউ ডি এফৰ বেলি মাৰ যাব নেকি বুলি প্ৰশ্ন উঠিছে ৷
প্ৰেৰক জহিৰুল ইছলাম