নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ : ৰাজ্যত অব্যাহত আছে হাতী আৰু মানুহৰ সংঘাত ৷ৰূপহীহাটৰ বুঢ়াচাপৰিত যোৱানিশা হাতীৰ গছকত এজন লোকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ বন্যা কঢ়িয়াই আনিছে ৷যোৱানিশা হাতীৰ জাক এটাই বুঢ়াচাপৰি নেপালী গাঁও এটাত প্ৰৱেশ কৰি ঘৰ -দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে সূৰ্য বাহাদুৰ বুৰাটকী নামৰ এজন লোকৰ হাতীৰ আক্ৰমনত মৃত্যু হয়।বুঢ়াচাপৰি অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত সদায় হাতীৰ জাকে গাঁৱখনত সুমাই ব্যাপক ক্ষতি সাধন কৰি আহিছে ৷বন বিভাগক হাতী ৰোধৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে গাঁৱবাসীয়ে ৷ মৃত্যু হোৱা লোকজনৰ অতি দুখীয়া পৰিয়াল বাবে চৰকাৰ তথা বন বিভাগে ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে গাঁওবাসী তথা পৰিয়ালৰলোকে৷ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷
প্ৰেৰক জহিৰুল ইছলাম