নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ মে’ৰ পৰা ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু

🔹 ফাটবিহু ২০২৪ উদযাপন সমিতি গঠন

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ : চলিত বৰ্ষৰ ১০ মে’ৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হ’ব ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু উৎসৱ। ঢকুৱাখনাৰ ম’হঘুলি চাপৰিৰ ফাটবিহুৰ বাকৰিত অনুষ্ঠিত হোৱা ফাটবিহু সমিতিৰ সাধাৰণ পৰিষদৰ এখন সভাই দেওবাৰে ফাটবিহু উদযাপনৰ দিন ঘোষণা কৰি এখন উদযাপন সমিতি গঠন কৰি দিয়ে। আহোম ৰাজত্বকালৰে পৰাই স্বকীয় পৰম্পৰা আৰু ধাৰাবাহিকতা অব্যাহত ৰাখি অহা ১০, ১১ আৰু ১২ মে’ত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰাৰ সিদ্ধান্ত কৰা হৈছে৷ ২০২৪ বর্ষৰ ফাটবিহু মহোৎসৱ উদযাপন কৰিবলৈ আজিৰ সাধাৰণ সভাই মুকুল গগৈক সভাপতি, ভবেন্দ্ৰজিত গগৈক সম্পাদক, লক্ষীনন্দন শইকীয়া, গোবিন বৰুৱা, গুৰু গোবিন্দ দাসক উপ-সভাপতি, আশীষ কিশোৰ দাস, নীলিমা চাংমাই আৰু তৰুণ চেতিয়াক সহকাৰী সাধাৰণ সম্পাদক, দীপক চমুৱাক বিত্ত সম্পাদক হিচাপে লৈ ৭২ জনীয়া এখন শক্তিশালী উদযাপন সমিতি গঠন কৰি দিয়ে। গৰিষ্ঠসংখ্যক ফাটবিহু সমিতিৰ সদস্য আৰু বিহুপ্ৰেমী ৰাইজ উপস্থিত থকা সাধাৰণ পৰিষদৰ সভাত সভাপতিত্ব কৰে ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই। সম্পাদক ভাস্কৰ দাসে আঁত ধৰা সভাখনত সৰ্বসন্মতিক্ৰমে উদযাপন সমিতিৰ আন আন বিষয়ববীয়াসকল নিৰ্বাচিত কৰাৰ পিছত গণতান্ত্ৰিক নিৰ্বাচন প্ৰক্ৰিয়াৰ মাজেৰে উদযাপন সমিতিৰ সভাপতি হিচাপে মুকুল গগৈয়ে জয়লাভ কৰে। এই সভাতে ফাটবিহু সমিতিৰ সম্পাদক ভাস্কৰ দাসে ফাটবিহু সমিতিৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰাৰ লগতে ২০২৩-২৪ বৰ্ষৰ হিচাপ পৰীক্ষকৰ প্ৰতিবেদন দাখিল কৰে। ফাটবিহু ২০২৪ উৎসৱ সফল উদযাপনৰ বাবে অচিৰেই উপ-সমিতিসমূহ গঠন কৰা হ’ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে।

 

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like