নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ : বজালী জিলা কংগ্ৰেছৰ সভাপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা গিৰীশ পাটগিৰীয়ে কংগ্ৰেছ দল ত্যাগ কৰি আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ উল্লেখযোগ্য যে পাঠশালা কালিঘাট নিৱাসী পাটগিৰীয়ে ১৯৯০ চনতে বৰপেটা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে যোগদান কৰি যুৱ কংগ্ৰেছৰ উপ-সভাপতি, বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক, মুখপাত্ৰ, বৰপেটা জিলা কংগ্ৰেছৰ উপ-সভাপতি, বজালী জিলা কংগ্ৰেছৰ সভাপতি আদিকে ধৰি বিভিন্ন পদ অলংকৃত কৰি কংগ্ৰেছ দলক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰাৰ লগতে দলটোৰ দুৰ্দিনৰ সময়তো পাটগিৰীয়ে আনুগত্য প্ৰকাশ কৰি দলটোৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ তৃণমূল পৰ্যায়ক সংগঠিত কৰি আহিছিল৷ পাঠশালা মহাবিদ্যালয় প্ৰশাসনিক সমিতিৰ সভাপতি, ঐতিহ্যমণ্ডিত নৰেশ্বৰ ৰণা বংশীয় সভাৰ সভাপতি, বজালীৰ কেইবাখনো শিক্ষানুষ্ঠানৰ পৰিচালনা সমিতিৰ সভাপতিৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ অহা পাটগিৰীয়ে আজি বিজেপি দলত আনুষ্ঠানিকভাবে যোগদান কৰে৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ আদৰ্শৰ প্ৰতি উদ্বুদ্ধ হৈয়ে আজি গুৱাহাটীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত পাটগিৰীয়ে দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰা বুলি পাঠশালাত সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ পাটগিৰীৰ যোগদানে বজালীত বিজেপি দলক আৰু অধিক ত্বৰান্বিত কৰিব বুলি আশা কৰি বিভিন্নজনে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে৷
প্ৰেৰক কল্যাণ কলিতা