নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা শ্রমিকক ধর্ষণ কৰি হত্যা : ছিপাঝাৰত গ্রেপ্তাৰ দুই নৰপিশাচ

নিয়মীয়া বার্তা,  ১০ মার্চ : ছিপাঝাৰৰ এটা ইটাভাতাত কর্মৰত এগৰাকী মহিলা শ্রমিকক ধর্ষণ কৰি হত্যাৰ অভিযোগত গ্রেপ্তাৰ হৈছে দুটা নৰপিশাচ৷ ধৃত নৰপিশাচ দুটা হ’ল বলোৰাম হেমব্রম আৰু এলাইছ তালাক৷ দুয়োৰে ঘৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত৷ পাশৱিক ঘটনাটো ছিপাঝাৰৰ পূব নাওডিঙাৰ এম জে বি ইটাভাতাত সংঘটিত হয়৷ যোৱা শুকুৰবাৰে ভাতাটোৰ চিমনিৰ তলত মৃত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়৷ বুঢ়া আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামীৰ এজাহাৰৰ ভিত্তিত ঘটনাটোৰ তদন্ত কৰিবলৈ লয়৷ তদন্তকাৰী আৰক্ষীয়ে ঘটনাটোৰ বিভিন্ন দিশ অনুসন্ধান কৰি ধর্ষণ তথা হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত কালি প্রথমে এজন শ্রমিকক আটক কৰি সোধা-পোছা কৰে৷ শ্রমিকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আনজনো আৰক্ষীৰ জালত পৰে৷ জানিব পৰা মতে, ধৃত নৰপিশাচ দুটাই শ্রমিকগৰাকীক ধর্ষণ কৰি হত্যা কৰাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে৷ হত্যাকাণ্ডৰ নিশা মহিলা শ্রমিকগৰাকীক কৌশলেৰে প্রায় ৩০০ মিটাৰ দূৰৈৰ পথাৰৰ মাজলৈ নৰপিশাচ দুটাই লৈ গৈছিল৷ তাতে দুয়ো মিলি মহিলাগৰাকীক ধর্ষণ কৰে আৰু ধর্ষণৰ অন্তত হত্যা কৰে৷ নৰপিশাচ দুটাৰ লগতে নিহত মহিলাগৰাকীৰ ঘৰো কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত৷

 

প্ৰেৰক ৰঞ্জিত নাথ

You might also like