নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিষ্কৃত আটাছু নেতা মিলন বুঢ়াগোহাঁইৰ বিৰুদ্ধে আদালতত গোচৰ তৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় সমিতিৰ

🔹 দুই নেতালৈ কাৰণ দৰ্শোৱা জাননী

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ : উজনি অসমৰ শক্তিশালী জনগোষ্ঠীয় সংগঠন হিচাপে পৰিচিত সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ বহিষ্কৃত সভাপতি মিলন বুঢ়াগোহাঁয়ে অপৰাধজনিত গোচৰত দীৰ্ঘ সময় পলাতক হৈ থাকি অৱশেষত অগ্ৰিম জামিন লৈ পুনৰ জনগোষ্ঠীয় সংগঠনটোক ধ্বংস কৰাৰ উদ্দেশ্যে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ বিৰুদ্ধে উঠা অভিযোগত সৰৱ হৈ উঠিছে বৰ্তমানৰ কেন্দ্ৰীয় সমিতি ৷ জনগোষ্ঠীয় সংগঠনটোৰ লক্ষ্য-উদ্দেশ্য, আস্থা, বিশ্বাস ভৰিৰে মোহাৰি সেই সময়ৰ সভাপতি মিলন বুঢ়াগোহাঁইৰ ধন সংগ্ৰহৰ এক বিস্ফোৰক অডিঅ’ ভাইৰেল হোৱাৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ ঘটনাটো সন্দৰ্ভত কেইবাগৰাকীও ব্যক্তি গ্ৰেপ্তাৰ হৈছিল যদিও চুপাৰি ছিণ্ডেকেটৰ নাম লৈ ধন সংগ্ৰহ কৰি জনগোষ্ঠীয় সংগঠনটোক বদনামি কৰা মিলন বুঢ়াগোহাঁয়ে দেশ এৰি পলায়ন কৰাৰ অভিযোগ উঠিছিল ৷ ছটা মাহৰ পূৰ্বে সংঘটিত এই ঘটনাৰ পিছত সংগঠনটোৰ সৰ্বোচ্চ সমিতিয়ে বিতৰ্কিত সভাপতি মিলন বুঢ়াগোহাঁইক তাৎক্ষণিকভাৱে সভাপতিৰ দায়িত্বৰ পৰা অপসাৰণ কৰি প্ৰাথমিক সদস্যৰ পৰাও বহিষ্কাৰ কৰিছিল ৷ পৰৱৰ্তী সময়ত ভাৰপ্ৰাপ্ত সভাপতি হিচাপে বসন্ত গগৈক দায়িত্ব অৰ্পণ কৰি চৰাইদেউ জিলাত যোৱা ৯, ১০, ১১ জানুৱাৰীত তিনিদিনীয়া অধিৱেশন অনুষ্ঠিত কৰি বসন্ত গগৈক পূৰ্ণাংগ সভাপতি হিচাপে নিৰ্বাচিত কৰি এখন শক্তিশালী সমিতি গঠন কৰি দিছিল ৷ কিন্তু শেহতীয়াকৈ অগ্ৰিম জামিন লৈ মুক্ত বিচৰণৰ সুবিধা লাভ কৰা মিলন বুঢ়াগোহাঁয়ে দুটা দিনৰ পূৰ্বে কেইজনমান সদস্যক লৈ গোলাঘাটত সমান্তৰাল এখন কেন্দ্ৰীয় সমিতি গঠন কৰি নিজকে সংগঠনটোৰ স্বয়ম্ভু সভাপতি বুলি দাবী কৰা কাৰ্য্যত ক্ষুব্ধ হৈ পৰিছে সংগঠনটোৰ কেন্দ্ৰীয় সমিতি৷ ধন দাবীৰ গোচৰত পলাতক, আটাছুৰ প্ৰাথমিক সদস্যৰ পৰাও বহিষ্কৃত তথা অগ্ৰিম জামিনৰ আওতাত থকা মিলন বুঢ়াগোহাঁয়ে নিজকে স্বয়ম্ভু সভাপতি বুলি দাবী কৰি সমিতি গঠনক লৈ আটাছু কৰ্মীৰ সৈতে সংঘাতত লিপ্ত হোৱা কাৰ্য্যই জনগোষ্ঠীটোক সমাজত হেয় প্ৰতিপন্ন কৰাহে পৰিলক্ষিত হ’ল ৷ চৰাইদেউৰ তিনিদিনীয়া অধিৱেশনত গঠন হোৱা নৱগঠিত কেন্দ্ৰীয় সমিতিখনক নস্যাৎ কৰি সংগঠনৰ সংবিধান, নীতি-আদৰ্শক ভৰিৰে মোহাৰা মিলন বুঢ়াগোহাঁয়ে নিজকে স্বয়ম্ভু সভাপতি বুলি দাবী কৰা ঘটনাৰ পিছতেই আজি শিৱসাগৰত কেন্দ্ৰীয় সমিতিৰ এখনি জৰুৰী কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ শিৱসাগৰ চহৰৰ ঐক্যৰ প্ৰেক্ষাগৃহত সভাপতি বসন্ত গগৈৰ পৌৰোহিত্যত অনুস্থিত বৈঠকত তিনিটাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ প্ৰথম প্ৰস্তাৱ অনুসৰি ধন দাবীৰ গোচৰত পলাতক হৈ থাকি অগ্ৰিম জামিনত মুক্ত আকাশৰ তললৈ আহিয়েই সংগঠনৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা, বৈধ নৱগঠিত সমিতিক নসাৎ কৰি নিজকে স্বয়ম্ভু সভাপতি বুলি দাবী কৰি জনগোষ্ঠীয় সংগঠনটোৰ মান-মৰ্যাদা নষ্ট কৰা মিলন বুঢ়াগোহাঁইৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে আদালতত গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ কাৰ্য্যনিবাহক সভাৰ দ্বিতীয় প্ৰস্তাৱ অনুসৰি চৰাইদেউৰ তিনিদিনীয়া অধিৱেশনত শপতনামাত স্বাক্ষৰ কৰি কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি চাও দেৱজিত গগৈ আৰু উপ-সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰা ভাস্কৰ বৰগোহাঁয়ে বিতৰ্কিত মিলন বুঢ়াগোহাঁইৰ সৈতে মিলিত হৈ গোলাঘাটত সমান্তৰাল সমিতি গঠন কৰাৰ বাবে দুয়োগৰাকীলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হয় ৷ আগন্তু ৭২ ঘন্টাৰ ভিতৰত কাৰ্য্যনিৰ্বাহক সভাই প্ৰেৰণ কৰা জাননীৰ উত্তৰ দিব লাগিব দুয়োগৰাকী নেতাই ৷ তদুপৰি একেখন কাৰ্য্যনিৰ্বাহক সভাতেই ১২ মাৰ্চ তাৰিখে জিলাই জিলাই আটাছুৱে জনজাতিকৰণৰ দাবী আৰু জাতিধ্বংসী ‘কা’ৰ বিৰুদ্ধে দুঘন্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ আজি নিশা এক প্ৰেছ বিজ্ঞপ্তিত সংগঠনটোৰ যুটীয়া সম্পাদক দিগন্ত চাংমাই আৰু অচ্যুত বৰগোহাঁয়ে এই গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ বিষয়ে জানিবলৈ দিয়ে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like