বিজেপিলৈ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সূৰুয দিহিঙীয়া
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ মাৰ্চঃ কংগ্ৰেছত আন এক মোক্ষম আঘাত। নিৰ্বাচনৰ পূৰ্বে এটাৰ পিছত এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে প্ৰদেশ কংগ্ৰেছ। ইতিমধ্যে ধাৰাবাহিক পৰাজয়ৰ পিছত থানবান হোৱা দলটোৱে নিষ্ঠাৱান কৰ্মীৰ পদত্যাগৰ বোজা কঢ়িয়াব লগা হৈছে। আজি কংগ্ৰেছৰ পৰা পদত্যাগ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক সূৰুয দিহিঙীয়াই। পদত্যাগৰ পিছতেই বিজেপিত যোগদান এপিচিচিৰ সাধাৰণ সম্পাদক সূৰুয দিহিঙীয়াৰ।