নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি কালি সন্ধিয়া নগৰবেৰাত উপস্থিত হৈ দলীয় কৰ্মী-সমৰ্থকৰ সতে মত বিনিময় কৰে। নগৰবেৰা তৰুণ সংঘ প্ৰাংগণত অনুষ্ঠিত কাৰ্যকৰ্তা সন্মিলনত সভাপতিত্ব কৰে নগৰবেৰা মণ্ডলৰ সভাপতি গিৰিৰাজ তিমচিনাই। সন্মিলনত আগন্তুক লোকসভা নিৰ্বাচনত ৫নং গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে দলৰ সপক্ষে সকলোকে ভোটদান কৰিবলৈ আহ্বান জনোৱাৰ লগতে দলীয় কৰ্মী-সমৰ্থকক তৃণমূল পৰ্যায়ৰ ভোটাৰ ৰাইজক দলটিৰ নীতি-আদৰ্শ আৰু চৰকাৰৰ অভিলাসী আঁচনি সন্দৰ্ভত প্ৰচাৰ-প্ৰসাৰৰ দায়িত্ব দিয়ে। একেদৰে কা প্ৰৱৰ্তনে নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰাৰ দৰে সমাগত নিৰ্বাচনত হয়তো তাতকৈ ভাল ফল পাব আৰু কংগ্ৰেছ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী সন্দৰ্ভত বিশেষ একো নজনা বুলিও মন্তব্য কৰে। উক্ত সন্মিলনত প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ উপৰি বিজেপিৰ দক্ষিণ কামৰূপ জিলাৰ প্ৰভাৰী অনিৰ্বাণ গোস্বামী, দক্ষিণ কামৰূপ জিলাৰ সভাপতি অঞ্জন গোস্বামী, জিলাৰ সাধাৰণ সম্পাদকদ্বয়, জিলাৰ মৰ্চাৰ সভাপতিসকল, নগৰবেৰা মণ্ডলৰ প্ৰাক্তন সভাপতিকে প্ৰমুখ্য কৰি কাৰ্যকৰ্তা-সদস্যসকল উপস্থিত থাকে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস