কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ বটদ্ৰৱা ভ্ৰমণ বাতিল
নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ ১৫ মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঐতিহাসিক বটদ্ৰৱা প্ৰকল্পৰ প্ৰথম পৰ্য্যায়ৰ কাম শুভাৰম্ভ কৰা লগতে এখন জনসভাত অংশগ্ৰহণ কৰা কথা আছিল। কিন্তু হঠাৎ ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীক ফোনযোগে গৃহমন্ত্রীৰ বটদ্ৰৱা ভ্ৰমণ কাৰ্য্যসূচী বাতিল হোৱা বুলি জানিবলৈ দিয়ে। গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ কাৰ্যসূচীক লৈ বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে পূৰ্ণ প্ৰস্তুতি চলাইছিল। তিনি হাজাৰ গায়ন-বায়নৰ জোৰা বিশ সহস্ৰাধিক আয়তীৰ দিহানাম জনগোষ্ঠীয় লোক নৃত্যৰে বটদ্ৰৱা প্ৰকল্প স্থলীত গৃহমন্ত্ৰীক আদৰণি জনোৱাৰ প্ৰস্তুতি চলোৱা হৈছিল। ইতিমধ্যে গৃহমন্ত্ৰীৰ ভ্ৰমণক কেন্দ্ৰ কৰি বটদ্ৰৱা অঞ্চলত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলিছিল। নিশাৰ ভিতৰতে পথ নিৰ্মাণৰ কাম সম্পন্ন কৰি তুলিছিল। উল্লেখ্য যে বটদ্ৰৱা প্ৰকল্পস্থলীত পৃথিৱীৰ আতাইতকৈ ওখ গুৰু আসন, সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য্য খটোৱা অতিথি গৃহ, মিউজিয়াম, পুথিভঁৰাল, সংস্কৃতি চৰ্চা কেন্দ্ৰ, উদ্যান আদি নিৰ্মাণ কৰা হৈছে। উল্লেখযোগ্য যে ২০১৬ চনৰ ২৩ ছেপ্টেম্বৰত বিজেপি চৰকাৰে শাসনভাৰ গ্ৰহণ কৰাৰ পিছতেই বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত বটদ্ৰৱা থানৰ আকাশীগংগাৰ তীৰৰ ১৬৫ বিঘা ভূমি বেদখল মুক্ত কৰি সেই স্থানতেই ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প নিৰ্মাণকাৰ্য্য আৰম্ভ কৰিছিল। ১৫ মাৰ্চত ১৮৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পটি শুভ উদ্বোধন কৰাৰ কথা আছিল গৃহমন্ত্ৰী অমিত শ্বাহে।
প্ৰেৰক কন্দৰ্প কুমাৰ কলিতা