নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত বিপুলানন্দ বৰা সোঁৱৰণী শিশু অভিনয় কৰ্মশালাৰ সামৰণি

‘ৰেডকাৰ্ডিনেল মোশ্বন পিকচাৰ্ছ’আৰু ‘মঞ্চশিল্প’ৰ যৌথ উদ্যোগত অনুষ্ঠিত “স্বৰ্গীয় বিপুলানন্দ বৰা সোঁৱৰণী দ্বিতীয় বাৰ্ষিক গ্ৰীষ্মকালীন শিশু অভিনয় কৰ্মশালা”ৰ সফল সামৰণি পৰে।

এই সামৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত কৰ্মশালাত অংশগ্ৰহণ কৰা শিশু শিল্পীসকলৰ দ্বাৰা ‘সীমাহীন আকাশৰ ঠিকনা’ শীৰ্ষক এখন পূৰ্ণাংগ শিশু নাটক সফলতাৰে পৰিৱেশন কৰা হয়।

যোৱা ৪ জুলাইৰ পৰা ২১ জুলাইলৈকে ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই ১৮ দিনীয়া অভিনয় কৰ্মশালাখন অনুষ্ঠিত হৈছিল। প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈকে অনুষ্ঠিত এই কৰ্মশালাত ডিব্ৰুগড় আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অন্যান্য জিলাৰ পৰা অহা প্ৰায় ৪৫ গৰাকী শিশু আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।

কৰ্মশালাখনত মুখ্য প্ৰশিক্ষক হিচাপে মৃদুপৱন বৰা আৰু সহকাৰী প্ৰশিক্ষক হিচাপে তপন সোণোৱালে শিশুসকলক অভিনয়ৰ প্ৰশিক্ষণ প্ৰদান কৰে। সামৰণী অনুষ্ঠানত নাট্যকাৰ তথা মুখ্য প্ৰশিক্ষক মৃদুপৱন বৰাৰ ৰচনা আৰু পৰিচালনাত ‘সীমাহীন আকাশৰ ঠিকনা’ নামৰ পূৰ্ণাংগ নাট খন পদৰ্শন কৰা হয়।

শিশুসকলৰ সাৱলীল অভিনয়েৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰা এই নাটকখনৰ কাৰিকৰী দিশসমূহো আছিল অতি নিখুঁত আৰু আকৰ্ষণীয়। নাটকখনৰ সংগীতৰ দায়িত্বত আছিল ৰাইহান ৰফিক আহমেদ আৰু ৰাকেশ চাংমাই। পোহৰ নিয়ন্ত্ৰণত ৰাতুল দাস আৰু সঞ্জয় শ্বাহে দায়িত্ব পালন কৰাৰ বিপৰীতে ৰূপসজ্জাত আছিল ৰাতুল বৈশ্য।

সেইদৰে, মঞ্চসজ্জাৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব সুচাৰুৰূপে পালন কৰে তন্ময় ভট্টাচাৰ্য, প্ৰিন্স শৰ্মা, প্ৰিয়াংশা ভট্টাচাৰ্য, বেদান্ত আৰু সুজলে।নাটক প্ৰদৰ্শনীৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিশু শিল্পীসকলৰ অভিভাৱক আৰু বহুসংখ্যক আমন্ত্ৰিত অতিথি উপস্থিত থাকে।

অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট অতিথিসকলৰ ভিতৰত অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেতা তথা পৰিচালক অসীম কুমাৰ শৰ্মা, জ্যেষ্ঠ চলচ্চিত্ৰ সাংবাদিক অমৃত বৰুৱা আৰু জ্যেষ্ঠ নাট্যকৰ্মী জ্যোতিপ্ৰকাশ ভট্টাচাৰ্যৰ উপস্থিতিয়ে অংশগ্ৰহণকাৰী শিশুসকলক বিশেষভাৱে উৎসাহিত কৰে।

বিশিষ্ট ব্যক্তিসকলে শিশুসকলৰ অভিনয়ৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে উদ্যোক্তাসকলৰ এনে প্ৰয়াসক শলাগ লয়।এই গ্ৰীষ্মকালীন অভিনয় কৰ্মশালাই শিশুসকলৰ সামগ্ৰিক মানসিক আৰু বৌদ্ধিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ভৱিষ্যতেও মঞ্চশিল্প আৰু ৰেডকাৰ্ডিনেল মোশ্বন পিকচাৰ্ছৰ এনে প্ৰয়াসে নতুন প্ৰজন্মক সংস্কৃতিৰ দিশে ধাৱমান হোৱাত সহায় কৰিব বুলি উপস্থিত ৰাইজে মত প্ৰকাশ কৰে।

বিশেষ বাৰ্তা, ডিব্ৰুগড়, ২৭ জুলাই

You might also like