নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোচ লৈ গ্রেপ্তাৰ কনিষ্ঠ গাণনিক সহায়িকা মুনমুন

🔹 যোৰহাট কোষাগাৰ কার্যালয়ত অভিযান

বিশেষ বার্তা, যোৰহাট, ১৫ মার্চ : চৰকাৰী দৰমহাৰ টকাৰে নোজোৰা একাংশ কর্মচাৰীৰ ঘোচ লোৱাৰ মানসিকতাৰ পৰিৱর্তন হোৱা নাই৷ দুর্নীতিৰ বিৰুদ্ধে ঘোচখোৰ চৰকাৰী বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ স্থিতিৰে শেহতীয়াকৈ ব্যাপক অভিযান চলাই থকাৰ মাজতে কালি যোৰহাটৰ কোষাগাৰ বিষয়াৰ কার্যালয়ৰ এগৰাকী মহিলা কর্মচাৰীক ঘোচ লোৱাৰ সময়ত হাতে–লোটে ধৰা পেলায় দুর্নীতি নিবাৰক আৰু তদাৰকী শাখাই৷ ধৃত মহিলা কর্মচাৰীগৰাকী যোৰহাট কোষাগাৰ বিষয়াৰ কার্যালয়ৰ কনিষ্ঠ গাণনিক সহায়িকা মুনমুন সেন৷ মুনমুন সেনে সমাজ কল্যাণ বিভাগৰ অধীনৰ জিলা সংহত শিশু উন্নয়ন প্রকল্প বিষয়াৰ কার্যালয়ৰ কর্মচাৰীৰ বিল মুকলি কৰি দিয়াৰ নামত তিনি হাজাৰ টকা দাবী কৰিছিল৷ কালি সংহত শিশু উন্নয়ন প্রকল্প বিষয়াৰ কার্যালয়ৰ কর্মচাৰীয়ে বিল মুকলি কৰিবলৈ আহি তিনি হাজাৰ টকা মুনমুন সেনক উৎকোচ দিয়াৰ সময়তে দুর্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটা দলে হাতে–লোটে ধৰা পেলায়৷ দিনৰ প্রায় ১২ বজাত যোৰহাটৰ জিলা আয়ুক্ত কার্যালয়ৰ চৌহদত থকা কোষাগাৰ বিষয়াৰ কার্যালয়ত এই ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে, বিভাগটোৰ কনিষ্ঠ গাণনিক সহায়িকা মুনমুন সেনে কার্যালয়টোত যোগদান কৰাৰ পিছৰে পৰা বিভিন্ন কামত অহা ব্যক্তি আৰু চৰকাৰী কর্মচাৰীক বিভিন্ন অজুহাত দেখুৱাই ধন দাবী কৰি আহিছিল৷ সংহত শিশু উন্নয়ন প্রকল্প বিষয়াৰ কার্যালয়ৰ কর্মচাৰীকো বিল উলিয়াই দিয়াৰ নামত টকা বিচাৰত কালি তেওঁলোকে দুর্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ কাষ চাপে আৰু টকা লোৱাৰ সময়তে মহিলা কর্মচাৰীগৰাকী হাতে–লোটে গ্রেপ্তাৰ হয়৷ প্রায় দুঘণ্টাৰ অধিক সময় দুর্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে ঘোচখোৰ মহিলা কর্মচাৰী মুনমুন সেনক সোধা–পোছা কৰি গুৱাহাটীলৈ লৈ যায়৷

You might also like