গৌৰৱ গগৈয়ে বাপেকৰ নামত নহয়, নিজৰ নামত এইবাৰ নিৰ্বাচন খেলিব : জয়ন্ত মল্লবৰুৱা
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ গৌৰৱ গগৈয়ে এইবাৰ বাপেকৰ নামত নহয়, নিজৰ নামত নিৰ্বাচন খেলিব। গতিকে বাপেকৰ নামত নিৰ্বাচন খেলি যিটো ইমান দিন জিকি আছিল; পিতৃৰ নামত জিকাৰ যিটো তেওঁ গৌৰৱ অৰ্জন কৰি আছিল, আচলে সেয়া তেওঁৰ নিজৰ গৌৰৱ নহয়। গৌৰৱটো হ’ল বাপেকৰ নামত, তৰুণ গগৈৰ ল’ৰাই নিৰ্বাচন খেলিছিল। এইবাৰ গৌৰৱ গগৈ নিৰ্বাচন খেলিব আৰু গৌৰৱ গগৈ নিৰ্বাচন খেলিলে কেনেকৈ একেবাৰে নোহোৱা কৰি দিব লাগে সেই কামটো আমি জানোঁ। গতিকে, সেই কামটো এইবাৰ কৰি দেখুৱাই দিম। এইদৰেই আজি আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা যোৰহাটত প্ৰতিদ্বন্দিতা কৰিবলৈ ওলোৱা গৌৰৱ গগৈক এইদৰে প্ৰত্যাহ্বান জনায় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সাংবাদিকৰ সন্মুখত দিয়া সেই সাক্ষাৎকাৰটোত গৌৰৱ গগৈক কটাক্ষ কৰি তেওঁ আৰু কয় যে চাওক অসমৰ মাটিত যদি কোনো মানুহে শুদ্ধ অসমীয়া কথা ক’ব নোৱাৰে, অসমৰ জাতি-জনগোষ্ঠীৰ কথা বুজি নাপায়, অসমৰ যিটো সত্বা সেই কথাটো বুজি নাপায়; দিল্লীত ইংৰাজী আৰু হিন্দী ক’লেই অসমীয়া মানুহ আদৰি ল’ব নেকি? সেইটোতো হ’ব নোৱাৰে নহয়। যি অসমীয়া, আহোম মানুহে মেডাম-মেফিৰ দিনাখন আহোমৰ সাজগোজ পিন্ধিবলৈ লাজ কৰে, কিন্তু ঈদৰ দিনাখন টুপি পিন্ধি বহি থাকে। এইজন মানুহক অসমীয়া মানুৰে কেনেকৈ ভোট দিব। চাওক, যোৱা ৩ বছৰৰ তেওঁৰ ফটো বিলাক চাওক। ধুবুৰী লোকসভা সমষ্টিক লৈ সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে, আমি বাঘ-সিংহ যি আছে, তেওঁলোকক যুঁজি থাকিবলৈ দিছোঁ। এই আসনখন আমি বহুত আশা কৰি নিৰ্বাচন খেলা নাই। কাৰণ এই আসনখনৰ যি জনবিন্যাস (demography), সেই জনবিন্যাসত আমি নিৰ্বাচনত জিকাটো ইমান সহজ নহয়। লগতে তেওঁৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য, একমাত্ৰ এটাই লক্ষ্য যে ইয়াৰ পিছৰ যিটো বিধানসভা নিৰ্বাচন, তাত আমি ৪খন আসনত জিকিম আৰু সেই ৪খন আসনত জিকাৰ যিটো কাম সেই কামটো আমি এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ; সিমানেই কাম। আনহাতে সমষ্টিটোত বিজেপিৰ মিত্ৰজোঁটৰ অগপ দলে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিষয়টো লৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয়, অগপৰ নিজৰ এটা ব্যৱস্থা আছে। গতিকে অগপই ব্যৱস্থাৰ মাজেৰে তেখেতসকলে প্ৰাৰ্থী দিছে আৰু জাভেদ ইছলাম এজন ভাল পৰিয়ালৰ সুদক্ষ ল’ৰা, সুদক্ষ যুৱক। তেওঁৰ নিজৰ সমষ্টিত এবাৰ বিধায়ক হৈছে; মাক বিধায়ক আছিল, দেউতাক মন্ত্ৰী আছিল। গতিকে মই ভাবো তেওঁৰ ব্যৱস্থাৰ মাজেৰে ভাল কৰিব। কিন্তু বিজেপি দলে আমি, বিজেপি দলে জিকাৰ আশা নাই; কাৰণ বিজেপি দলে আমি নোৱাৰোঁ। আনহাতে কা (CAA) সন্দৰ্ভে কৰা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত যোৱাকালিলৈ পোষ্টাল নাগৰিকত্ব বিচাৰি এখনো আৱেদন পত্ৰ পৰা নাই বুলি শুনা বুলি মন্তব্য কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে, মানুহে যিমান হৈ-চৈ লগাই দিছিলে বহুত বাহিৰৰ মানুহ আহিব তেনেকুৱা নহয়। আমাৰ যিটো ধাৰণা বেছি মানুহ নহ’ব আৰু সেইখিনি হ’ল বহু দিনৰ পৰা ইয়াত থকা মানুহ। তেওঁ আৰু কয় যে, যিহেতু গোটেই খিনি বস্তু ৰাজ্যসভা, লোকসভাত হৈ গল; ইয়াক লৈ ৰাজপথত আন্দোলন বা বিতৰ্ক কৰি পৰিৱেশ নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ কাৰণে উচ্চতম ন্যায়ালয় আছে। যিয়ে ইয়াক বেয়া পায়, বন্ধ কৰিব বিচাৰে, তেওঁলোকে উচ্চতম ন্যায়ালয়লৈ যাব লাগে; তেওঁলোকৰ দুৱাৰ খোলা আছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী