নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনকৰা কিশোৰীক যৌন নির্যাতন উপ–আৰক্ষী অধীক্ষকৰ

🔹 দেৰগাঁৱত জ্যেষ্ঠ আৰক্ষী বিষয়াৰ ভয়ংকৰ কাণ্ড

নিয়মীয়া বার্তা, ৰঙামাটি, ১৮ মার্চ : অসম আৰক্ষীক পুনৰ লজ্জানত কৰিলে দেৰগাঁৱৰ কিৰণ চন্দ্র নাথ নামৰ এজন উপ–আৰক্ষী অধীক্ষকে৷ দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত কর্মৰত উপ–আৰক্ষী অধীক্ষক কিৰণ চন্দ্র নাথে দৰিদ্র পৰিয়ালৰ এগৰাকী বনকৰা নাবালিকা কিশোৰীক দীর্ঘদিন ধৰি ভয়–ভাবুকিৰে যৌন নির্যাতন চলাই অহাৰ এক গুৰুতৰ অভিযোগক লৈ উত্তাল হৈ পৰিছে দেৰগাঁও৷ জানিব পৰা মতে, স্মার্ট পুলিচৰ নাক গুৰিতে কাটি সম্প্রতি পলাতক হৈ আছে অভিযুক্ত কিৰণ চন্দ্র নাথ৷ ঘটনা সম্পর্কত জানিব পৰা মতে, ডিএছপি কিৰণ চন্দ্র নাথৰ দেৰগাঁৱৰ জ্যোতি নগৰস্থিত বাসগৃহত আছিল ১৫ বছৰীয়া এগৰাকী বনকৰা কিশোৰী৷ যোৱা ১৪ মার্চত কিশোৰীগৰাকী দুদিনৰ বাবে নিজ ঘৰলৈ যাব বিচৰাত আৰক্ষী বিষয়া নাথে কিশোৰীগৰাকীক নিজা গাড়ীৰে নি কছাৰীপামত ভাৰাঘৰত থকা পিতৃ–মাতৃৰ কাষত থৈ আহিছিল৷ সেই দিনাই ঘটিল এক অঘটন৷ মাজনিশা নাবালিকা কিশোৰীগৰাকীয়ে ডিঙিত চিপ লৈ আত্মহননৰ চেষ্টা চলায়৷ দৈৱক্রমে এই দৃশ্য কিশোৰীগৰাকীৰ ভাতৃৰ চকুত পৰে আৰু তৎকালে কিশোৰীগৰাকীক নিশ্চিত মৃত্যুমুখৰ পৰা উদ্ধাৰ কৰে৷ পিছত কিশোৰীগৰাকীয়ে চৰম লজ্জাৰ সন্মুুখীন হৈ নিষ্ঠুৰ সিদ্ধান্ত ল’বলৈ বাধ্য হোৱা বুলি উল্লেখ কৰি কিৰণ নাথে চলাই অহা নির্যাতনৰ কাহিনী ব্যাখ্যা কৰে পৰিয়ালৰ লোকক৷ তৎসত্ত্বেও ডাঙৰ মানুহৰ লগত যুঁজাৰ শক্তি নাই বাবেই কিশোৰীগৰাকীক পুনৰ নাথৰ ঘৰলৈ নপঠোৱাৰ সিদ্ধান্ত লৈ পৰিয়ালটোৱে সকলো সহি থাকে৷ কিন্তু যোৱানিশা কিৰণ নাথে কছাৰীপামৰ ঘৰলৈ গৈ নাবালিকাগৰাকীক জোৰ–জুলুম কৰি পুনৰ গাড়ীত বহুৱাই তেওঁৰ ঘৰলৈ আনিবলৈ বিচাৰোঁতে পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে ওলাই আহি হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে আৰু কিশোৰীগৰাকীক গাড়ীৰ পৰা নমাই ৰাখি আৰক্ষী বিষয়া নাথৰ কু-কীর্তিৰ বিৰুদ্ধে দেৰগাঁও থানাত নিশাই গোচৰ তৰে৷ ইপিনে, দেৰগাঁও থানাত এজাহাৰ দাখিলৰ বাবে ভুক্তভোগী পৰিয়ালটো উপস্থিত হোৱাৰ সময়তে অভিযুক্তৰ পত্নী আৰু পুত্র উপস্থিত হৈ এই সমগ্র ঘটনা গাপ দিয়াৰ চেষ্টা কৰে আৰু তর্ক–বিতর্কৰ সূত্রপাত কৰে৷ থানাৰ চৌহদত অপ্রীতিকৰ পৰিৱেশ সৃষ্টি কৰা কিৰণ নাথৰ পত্নী–পুত্রক মাজনিশালৈকে থানাৰ ভিতৰত বহুৱাই ৰাখে আৰক্ষীয়ে৷ কিৰণ নাথৰ পৰিয়ালে গোচৰ দিয়াত বাধা প্রদান কৰাক লৈ থানা চৌহদতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ উল্লেখ্য যে কিশোৰীগৰাকীৰ পক্ষত কছাৰীপামৰ শতাধিক লোক থানালৈ আহি অভিযুক্তক শীঘ্রে কৰায়ত্ত কৰাৰ দাবী জনায়৷ ঘটনা সম্পর্কত আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬/ ৫০৬ আৰ/ডব্লিউ ৬ ধাৰাৰ অধীনত ৪২/২৪ নম্বৰত গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে৷ ইপিনে ডি এছ পি নাথ আৰু পৰিয়ালে গোচৰ উঠাহ ল’বলৈ পৰিয়ালটোক বিভিন্ন প্রলোভন আৰু ভাবুকি প্রদান কৰি থকাৰ অভিযোগ উঠিছে৷ শেহতীয়াকৈ কিৰণ নাথৰ পত্নীয়ে নিজে ৰক্ষা পাবৰ বাবে বনকৰা কিশোৰীগৰাকীৰ মাতৃৰ ওপৰতো এটা চুৰিৰ গোচৰ তৰা বুলি জানিব পৰা গৈছে৷ ইফালে, সন্ধিয়া অভিযুক্ত ডিএছপি কিৰণ নাথক দেৰগাঁও আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে আৰু জেৰা চলাই আছে৷ আটছাৰ দেৰগাঁও শাখাৰ তৰফৰ পৰা কালি অপৰাধীক শীঘ্রে গ্রেপ্তাৰৰ দাবীত ভাৰপ্রাপ্ত বিষয়াক এখন স্মাৰক–পত্রও প্রদান কৰে৷ ইপিনে, এই ঘটনা সন্দর্ভত দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত সাংবাদিকৰ দল এটা খবৰ ল’বলৈ যাওঁতে একাডেমীৰ প্রৱেশ পথত সাংবাদিকক বাধা প্রদান কৰে প্রৱেশ কৰাত৷ বাৰম্বাৰ একাডেমী কৰ্তৃপক্ষই সাংবাদিকক যিকোনো ঘটনা সন্দর্ভত একাডেমীত প্রৱেশ কৰিব বিচাৰিলে বাধা প্রদান কৰা কার্যক গৰিহণা দিছে সাংবাদিকসকলে৷ ইপিনে, চাকৰি কার্যকালত সম্পত্তিৰ পাহাৰ গঢ়া নাথৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক নিজাববীয়া তদন্ত কৰিবৰ বাবে স্থানীয় সচেতন ৰাইজে আহ্বান জনাইছে৷

You might also like