নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ মালঞ্চা গাঁৱত ৪৩সংখ্যক পালনামৰ সফল সামৰণি

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চ : নগৰবেৰাৰ সত্ৰগ্ৰাম মালঞ্চাত তিনিদিনীয়াকৈ ৪৩ সংখ্যক পালনাম মহোৎসৱ উদযাপন কৰা হয় | এই বিশেষ ধৰ্মীয় কাৰ্যসূচীভাগক লৈ গাঁওখনত উখল-মাখল পৰিৱেশ বিৰাজ কৰে | আমন্ত্ৰিত পুৰুষ-মহিলাৰ ভিন্ন স্থানৰ কেইবাটাও নামদলে নাম পৰিৱেশনেৰে শোভাবৰ্ধন কৰে মালঞ্চা গাঁৱৰ পালনামত | স্মৰ্তব্য যে নগৰবেৰাৰ মহাপুৰুষীয়া সত্ৰ এখনো আছে মালঞ্চা গাঁৱত। পৰম্পৰাগতভাৱে উদযাপন কৰা এই পালনামৰ এইবেলি ৪৩ সংখ্যক আয়োজন | নামদলৰ নাম চাবলৈ গাঁওবাসীৰ উপৰি প্ৰতিবেশী গাঁওসমূহৰো ভালেসংখ্যক ভক্তিপ্ৰাণ লোকৰ সোঁত বয় মালঞ্চালৈ | তিনিদিনীয়া এই কাৰ্যসূচী শনিবাৰৰ পুৱা অৰ্থাৎ ১৬ মাৰ্চৰ পুৱা ধৰ্মধ্বজা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় আৰু আজি  পুৱা গাঁওখনত ভাগৱত ভ্ৰমণেৰে আনুষ্ঠানিকভাৱে সামৰণি পৰে | দেওবাৰৰ ব্ৰহ্মমুহূৰ্তৰ পৰা অখণ্ড ভাগৱত পাঠ আৰু সন্ধিয়াৰে পৰা আমন্ত্ৰিত নামদলে পৰিৱেশন কৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হয় গাঁৱৰ আকাশ-বতাহ | দক্ষিণ কামৰূপৰ একমাত্ৰ মালঞ্চা গাঁৱতেই এই পালনামৰ পৰম্পৰা থকা বুলিও উল্লেখ কৰে আয়োজক সমিতিৰ বিষয়ববীয়াসকলে |

 প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like