যোৰহাটত ২.৫ লাখ ভোটৰ ব্যৱধানত হাৰিব গৌৰৱ গগৈ : পীয়ূষ হাজৰীকা
নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ কংগ্ৰেছ দলত এতিয়া নীতিও নাই নেতাও নাই৷ যাৰ বাবে দলটোৰ ভিতৰচৰাত আৰম্ভ হোৱা প্ৰচণ্ড ধুমুহাত দিকভ্ৰান্ত নেতা-কৰ্মীসকলে এতিয়া বিজেপিত যোগদান কৰিছেহি৷ এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰীকাৰ৷ সমাগত লোকসভা নিৰ্বাচনৰ দলীয় কৰ্মীৰ অন্যতম ৱাৰৰুম তথা ৯৬নং শিৱসাগৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনী কাৰ্য্যালয় মুকলি অনুষ্ঠানত আজি মন্ত্ৰী হাজৰীকাই এনেদৰে কয়৷ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী তপন গগৈক কাষত বহুৱাই মন্ত্ৰী হাজৰীকাই কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক কটাক্ষ কৰি কয় যে সংসদীয় এলেকাৰ চুক-কোণ চিনি নোপোৱা প্ৰাৰ্থীয়ে কি নিৰ্বাচনী যুঁজত নামিব৷ পাৰিজাত, চূণপোৰা, শলগুৰি, দিল্লীঘাট, সৰাগুৰি পঞ্চায়তৰ নাম শুনি নোপোৱা গৌৰৱ গগৈৰ দৰে পেৰাচ্যুটেৰে ওপৰৰ পৰা প্ৰাৰ্থীয়ে যোৰহাট সমষ্টিটোত আঢ়ৈ লাখতকৈও অধিক ভোটৰ ব্যৱধানত পৰাস্ত্ৰ হব৷ সততে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ধিং, বটদ্ৰৱা, চামগুৰিত হৃদয়খন থৈ অহা গৌৰৱ গগৈয়ে যদিও নিজৰ ইচ্ছাৰ বিপৰীতে যোৰহাটত প্ৰতিদ্বন্দিতাত নামিছে তথাপি ফলাফলৰ পুৰ্বেই অন্তৰ্ধান হব ৷ বসন্তৰ কুলিৰ সৈতে তুলনা কৰা গৌৰৱ গগৈক বহাগৰ পিছত কুলি অন্তধ্যান হৈ পৰাৰ দৰে গৌৰৱ গগৈও অন্তৰ্ধান হৈ পৰিব৷ ৰাহুল গান্ধী-অখিল গগৈৰ পৰিকল্পিত ষড়যন্ত্ৰৰ ভিত্তিতেই যোৰহাটৰ দৰে একেবাৰে অপৰিচিত তথা খিলঞ্জীয়া-সচেতন ভোটাৰৰ সমষ্টিত গৌৰৱ গগৈক প্ৰতিদ্বন্দিতাৰ নমোৱাৰ নামত ৰাজনৈতিক হত্যাৰ মুখলৈ ঠেলি দিয়াৰ লগতে অনুৰূপ ধৰণে ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰিণজ্যোতি গগৈকো প্ৰতিদ্বন্দিতাৰ নামত ৰাজনৈতিক হত্যাৰ মুখলৈ ঠেলি দিছে৷ শান্তি-প্ৰগতি, উন্নতিৰ বাবে বিজেপিৰ বিকল্প নাই বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই পুনৰ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত উন্নয়নৰ ধল ববলৈ আৰম্ভ কৰিছে৷ কংগ্ৰেছৰ আমোলৰ পৰা ৰাইজৰ দলৰ আমোললৈকে শিৱসাগৰে সদায়েই উন্নয়নৰ ক্ষেত্ৰত পিছপৰি ৰৈছে ৷ অৱশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম মালা আচঁনিৰ অধীনত কেইবাটাও পথৰ নিৰ্মাণ কাৰ্য্য, ডেৰশ কোটি টকীয়া ৰংঘৰৰ প্ৰকল্প, ১৫ কোটি টকীয়া ২৫নং বেটেলিয়নৰ কাৰ্য্যালয় মুকলি, শিৱসাগৰক আইকনিক চাইট ঘোষণা, চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰমুখী প্ৰথমটো খোজৰ লগতে শ শ কোটি টকাৰ উন্নয়নৰ কাম চলি আছে জিলাখনত৷ প্ৰাথী তপন গগৈক প্ৰশংসাৰে উপচাই দিয়া মন্ত্ৰী হাজৰিকাই কয় যে যোৰহাট লোকসভা সমষ্টিটোত শেহতীয়া বিজেপিৰ শাসনৰ সময়চোৱাত আৰম্ভ হোৱা অভাৱনীয় উন্নয়নেই বিজেপি প্ৰাৰ্থীগৰাকীৰ বাবে বিজয়ৰ মূল মন্ত্ৰ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাবে ৰাইজে পুনৰ বিচাৰে বুলি উল্লেখ কৰি আগন্তুক নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে চাৰিশ বিশখন আসনৰ সীমা অতিক্ৰম কৰাৰ বিপৰীতে বিজেপিয়ে অকলেই অকলেই অভিলেখসংখ্যক ৩৮০খনৰ অধিক আসন লাভ কৰিব বুলি মন্তৰ্ব্য কৰে ৷ উল্লেখ্য যে পূৰ্বনিৰ্ধাৰিত কাৰ্য্যসূচী অনুসৰিয়েই শিৱসাগৰৰ কে পি চাৰিআলিস্থিত ৯৬নং শিৱসাগৰ সমষ্টিৰ নিৰ্বাচনী কাৰ্য্যালয় ফিতা কাটি দলীয় কৰ্মীৰ বাবে মন্ত্ৰীগৰাকীয়ে মুকলি কৰে৷ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাথী তপন গগৈ সহিতে অনুষ্ঠিত হোৱা আজিৰ প্ৰথমখনি কাৰ্য্যালয় মুকলি আৰু নিৰ্বাচনী সভাত প্ৰাক্তন বিধায়ক কুশল দুৱৰী, অ বি চি মৰ্চাৰ নেতা হেমন্ত গগৈ, বিজেপি নেতা বিশ্ব ভূঞা, বিজেপি নেত্ৰী সুৰভি ৰাজকুঁৱৰী, দীপিকা দুৱৰী, হৰিপ্ৰসন্ন হাজৰিকা, বিজেপিৰ সংখ্যালঘু বিভাগৰ সভাপতি ৰাণা খানৰ লগতে প্ৰায় সহস্ৰাধিক নেতা-কৰ্মী উপস্থিত থাকে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান