ছমৰীয়াত প্ৰধান শিক্ষকৰ মন গ’লেহে খোল খায় বিদ্যালয়
নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ চৰকাৰে শিক্ষাৰ উন্নয়নৰ বাবে বিদ্যালয়ে বিদ্যালয়ে লাখ লাখ টকা খৰচ কৰিছে যদিও একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পালমৰা মানসিকতাৰ বাবেই আজি যেন বিফল হ’ব ধৰিছে বিভাগটোৰ লক্ষ্য৷ শেহতীয়াকৈ পোহৰলৈ আহিছে কামৰূপৰ ছমৰীয়া শিক্ষাখণ্ডৰ এখন বিদ্যালয়ৰ তেনে এক অনুশাসনহীন কাণ্ড৷ বিদ্যালয় খোলা থকা অৱস্থাতো একেৰাহে প্ৰায় সপ্তাহ দিন ধৰি বন্ধ হৈ আছে মন্দিৰা এন চি দক্ষিণপাৰ প্ৰাথমিক বিদ্যালয়খন | একেৰাহে প্ৰায় সপ্তাহদিন আনকি সপ্তাহৰ প্ৰথম দিনটোত, অৰ্থাৎ সোমবাৰেও খোল নাখালে বিদ্যালয়খনৰ দুৱাৰৰ তলা। বিদ্যালয়খনৰ এনে অনুশাসনহীন কাণ্ড প্ৰত্যক্ষ কৰি দুই-একে মোবাইলৰ জিপিএছ কেমেৰাৰে আৱদ্ধ কৰি সামাজিক মাধ্যমত আপলোড কৰাত ৰাষ্ট্ৰ হৈ পৰে এই তথ্য। প্ৰধান শিক্ষক নৃপেন চন্দ্ৰ হীৰাই বিদ্যালয়খন কৰ্মদিনতো ইচ্ছাকৃতভাৱে বন্ধ কৰি থোৱাৰহে উল্লেখ। বিদ্যালয়ৰ বছৰেকীয়া পৰীক্ষা শেষ হোৱাৰ বাবেই শিক্ষকগৰাকীয়ে বিদ্যালয় বন্ধ কৰি বাকী সহঃ শিক্ষকসকলকো নিজৰ নিজৰ ঘৰলৈ যোৱাৰ সেউজ সংকেত দিয়ে। শিক্ষা বিভাগৰ নমস্য শিক্ষকৰ এনে কাণ্ডজ্ঞানহীন কাণ্ডক লৈ সৰ্বত্ৰ চৰ্চা চলিছে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস