🔹 সাহিত্য অকাডেমি বঁটাপ্ৰাপক দামোদৰ মাউজোসহ ১৪খন দেশৰ লেখক-সাহিত্যিকৰ অংশগ্ৰহণ
বিশেষ বাৰ্তা, ১৯ মাৰ্চ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু গুৱাহাটীস্থিত সাহিত্য-সাংস্কৃতিক অনুষ্ঠান ‘ফ’কেল’ (Focal)ৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে ‘ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ, ২০২৪’। স্থানীয় ‘ৰংঘৰ প্ৰেক্ষাগৃহ’ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আদৰণী ভাষণেৰে এই মহোৎসৱৰ শুভাৰম্ভণি কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক জিতেন হাজৰিকাই। আদৰণী ভাষণত উপাচাৰ্যগৰাকীয়ে কয়- “এই সাহিত্য মহোৎসৱত বিশ্বৰ ১৪খন দেশৰ আগশাৰীৰ লেখক-সাহিত্যিকে অংশগ্ৰহণ কৰিছে। মুঠ ৩২টা অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰি মনৰ ভাব প্ৰকাশ কৰিব। এই প্ৰয়াসে আমাৰ ছাত্ৰ সমাজৰ প্ৰভূত উপকাৰ সাধন কৰিব। সাহিত্য আৰু সংস্কৃতিৰ সাধনাই এটা জাতিক আগুৱাই যোৱাত ইন্ধন যোগায়। অসমীয়া সাহিত্যৰো এক সুদৃঢ় ইতিহাস আছে। মই আশা ৰাখিছোঁ- ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ, ২০২৪-এ নতুনৰ দুৱাৰ উন্মোচিত কৰাত আমাক সহায় কৰিব। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্ঞানপীঠ বঁটাৰে বিভূষিত, সাহিত্য অকাডেমি বঁটাপ্ৰাপক কংকণী আৰু ইংৰাজী ভাষাৰ অন্যতম প্ৰতিথযশা সাহিত্যিক দামোদৰ মাউজো। ভাষণ প্ৰসংগত সাহিত্যিকগৰাকীয়ে কয়- “পঠনে সাহিত্যৰ প্ৰসাৰত ইন্ধন যোগায়। পঠনে পঢ়ুৱৈ আৰু লেখকৰ মাজত সংযোগ সাধনৰ মাধ্যম হিচাপে থিয় দিয়ে। এখন ঠাই ভ্ৰমণ কৰিবলৈ গ’লে আমি সেই ঠাইখনৰ কেৱল নৈসৰ্গিক শোভাহে দেখা পাওঁ। সেই ঠাইৰ সাহিত্য অধ্যয়ন কৰিলে আমি ঠাইখনৰ মানুহৰ মনন-চিন্তন আৰু সাংস্কৃতিক কালিকাৰ সৈতে সুগভীৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হওঁ। সাহিত্যই ভাষিক সীমনা অতিক্ৰম কৰি গৈ বিশ্ব ভাতৃত্ববোধ গঠনত সহায় কৰে। তদুপৰি, একমাত্ৰ সাহিত্যইহে নতুন প্ৰজন্মৰ মননক গভীৰভাৱে প্ৰভাৱিত কৰিব পাৰে। তাৰ বাবে লেখক-সাহিত্যিকসকলে নিজকে যুঁজাৰুৰ ভূমিকাত অধিষ্ঠিত কৰিব পাৰিব লাগিব। সাহিত্যই প্ৰেম আৰু কৰুণাৰ বাৰ্তা বহন কৰিব লাগিব। এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি খ্যাতনাম ছবি নিৰ্মাতা, লেখক জাহ্নু বৰুৱাই কয়- তেওঁ সৰু হৈ থাকোঁতে তেওঁলোকৰ অঞ্চলত ৰাস্তা-ঘাট নাছিল, আছিল এটা গ্ৰন্থাগাৰ। এই গ্ৰন্থাগাৰটোৱে তেওঁৰ মননত গভীৰভাৱে ৰেখাপাত কৰিছিল আৰু মানুহ হোৱাৰ পথত উৎসাহিত কৰিছিল। লগতে তেওঁ কয়- পঢ়া-শুনা শেষ কৰাৰ পিছত আগলৈ কি কৰিম তাক লৈ মই বিবুধিত পৰিছিলোঁ। এনেতে এদিন দেউতাই কাষতে বহুৱাই মোক ক’লে যে মানুহৰ সন্মুখত দুটা পথ খোলা থাকে- এটা সৃষ্টিৰ আৰু আনটো ধ্বংসৰ। মই সৃষ্টিৰ পথটোকে নিৰ্বাচন কৰিলোঁ। সাহিত্য আৰু কলা-সংস্কৃতিয়ে হাতত হাত ধৰি আগবাঢ়ে। মই আশাবাদী যে এই সাহিত্য মহোৎসৱে এক নতুনৰ ধাৰা উন্মোচিত কৰিব। এই সাহিত্য মহোৎসৱৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ইয়াৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ল’গ’ (Logo) ডিজাইনিঙৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল।
এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে নিৰ্বাচিত হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু অধ্যয়ন কেন্দ্ৰৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ পল্লৱ কলিতাক ৫০০০ টকা আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়। উল্লেখ্য যে এই আদৰণী অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সকলো বিভাগৰ শিক্ষক, অৱসৰপ্ৰাপ্ত শিক্ষক, মহাবিদ্যালয়সমূহৰ একাংশ অধ্যক্ষ, গৱেষক, ছাত্ৰ-ছাত্ৰী, সাহিত্যানুৰাগী আৰু লেখক-সাংবাদিক উপস্থিত থাকে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোণোৱালে জনোৱা অনুসৰি, এই সাহিত্য মহোৎসৱত বিশ্বৰ ১৪খন দেশৰ লগতে ভাৰতৰো একাংশ আগশাৰীৰ লেখক-সাহিত্যিকে অংশগ্ৰহণ কৰিছে। তেওঁলোকৰ মাজৰে অন্যতমসকল হৈছে- অভয় কে (ভাৰত), এজে থমাচ (ভাৰত), আমোল ৰাওচাহেব বোৰহাৰে (ভাৰত), এনড্ৰিও ফিডেল ফাৰ্নাণ্ডো (শ্ৰীলংকা), অংকুশ শইকীয়া (ভাৰত), আন মোৰগান (ইংলেণ্ড), অনুৰাধা শৰ্মা পূজাৰী (ভাৰত), আনভাৰ আলী (ভাৰত), অৰিন্দম বৰকটকী (ভাৰত), অৰূপ কুমাৰ দত্ত (ভাৰত), অৰূপজ্যোতি শইকীয়া (ভাৰত), আশীষ গুপ্তা (ভাৰত), বি কল্যাণ চক্ৰৱৰ্তী (ভাৰত), বেনিয়ামিন (ভাৰত), বিজয়া চাৱিয়ান (ভাৰত), ড° চিএছ লক্ষ্মী (ভাৰত), চুডেন কাবিমো (ভাৰত), দামোদৰ মাউজো (ভাৰত), দেৰিল লিম ৱেই জি (চিংগাপুৰ), ধ্ৰুৱ হাজৰিকা (ভাৰত), ডাঃ অৰূপ কুমাৰ শইকীয়া (ভাৰত), ফ্লেভিয়া বোমফিম (ব্ৰাজিল), জি কানাটো চোফি (ভাৰত), হালিনা ক্ৰক (ইউক্ৰেইন), ইৰেনা কাৰ্পা (ইউক্ৰেইন), জয়ৰাম এন মেনন (ভাৰত), জয়ন্ত নাৰায়ণ চৌধুৰী (ভাৰত), জীৱন নৰহ (ভাৰত), জুৰি বৰা বৰগোহাঞি (ভাৰত), জ্বীশ্ৰী বড়ো (ভাৰত), কে জয়কুমাৰ (ভাৰত), কে এছ নায়াৰ (ভাৰত), কেট মিল্ডেনহাল (অষ্ট্ৰেলিয়া), কিৰণ মানৰাল (ভাৰত), কৃষ্ণন শ্ৰীনিবাসন (ভাৰত), লক্ষীপ্ৰিয়া গগৈ (ভাৰত), লাঞ্চ দাউৰিচ (ত্ৰিনিদাদ এণ্ড টবেগো), লেখা ৰায় (ভাৰত), লেফটেনেণ্ট জেনেৰেল মহিন্দৰ পুৰী (ভাৰত), মামং দাই (ভাৰত), এম কিকন (ভাৰত), মাৰ্কোচ মাগুমা (ব্ৰাজিল), মৃদুল বৰদলৈ (ভাৰত), নবীনা দাস (ভাৰত), নমিতা দেৱীদয়াল (ভাৰত), ড° নম্ৰতা পাঠক (ভাৰত), নাছৰিন চাত্তাৰ (ভাৰত), ডাঃ নিৰ্মল কুমাৰ চাহেৱালা (ভাৰত), নীলিমা ঠাকুৰীয়া হক (ভাৰত), নোৰা ইকস্তেনা (লাটভিয়া), অ পি সিং (ভাৰত), পল্লবী ডেকা বুজৰবৰুৱা (ভাৰত), পংকজ থাপা (ভাৰত), প্ৰদীপ কে সিং (ভাৰত), প্ৰহ্লাদ চন্দ্ৰ তাছা (ভাৰত), প্ৰবীণ গোৰখিন্দী (ভাৰত), প্ৰেমাংকা গোস্বামী (ভাৰত), কুয়েন নুয়েন (ভিয়েটনাম), ৰাহুল জৈন (ভাৰত), প্ৰাধ্যাপক ৰামকৃষ্ণ ৰামাস্বামী (ভাৰত), ৰণজিত ৰায় (ভাৰত), ৰবি সিং (ভাৰত), ৰীতা কোঠাৰী (ভাৰত), ৰবীন এছ নানগোম (ভাৰত), সঞ্জীৱ পল ডেকা (ভাৰত), শান্তা খুৰাই (ভাৰত), সপন সাৰন (ভাৰত), সত্যদীপ এছ চেত্ৰী (ছিকিম), শৈলজা খান্না (ভাৰত), শান্তা গোখলে (ভাৰত), শিৱ কুমাৰ বাৰ্মা (ভাৰত), শ্ৰাৱন্তি আলী (বাংলাদেশ), চচিয়েটা হুট (কম্বোডিয়া), সোহিনী চট্টোপাধ্যায় (ভাৰত), সোনাম য়াংদেন (ভূটান), সুব্ৰত চট্টোপাধ্যায় (ভাৰত), স্বামী অন্তৰ নীৰৱ (ভাৰত), টেৰেচা ৰেহমান (ভাৰত), টমো ৰিবা (ভাৰত), ট্ৰান টিয়েন কাউ দাং (ভিয়েটনাম), তৃষা ডে নিয়োগী (ভাৰত), বিবেক মেনেজেচ (ভাৰত), ৱাং ৰাণা গুৰুং (ভূটান), য়েছে দৰ্জে থংচি (ভাৰত) আৰু য়ুমলেম্বাম ইবোমচা (ভাৰত)। স্মৰ্তব্য যে অহা ২১ আগষ্টত বিয়লি ২ বজাৰ পৰা স্থানীয় ‘ৰংঘৰ প্ৰেক্ষাগৃহ’ত এই সাহিত্য মহোৎসৱৰ সামৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব।
প্ৰেৰক বিভাস দুৱৰা