নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশী ছোৱালী বিয়া পতা গৌৰৱ গগৈয়ে কি বুজিব অসমৰ সভ্যতা-সংস্কৃতি- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

🔹 ‘মাটিৰ গোন্ধ-ঘামৰ গোন্ধ গৌৰৱ গগৈয়ে পোৱা নাই’

বিশেষ বাৰ্তা, ১৯ মাৰ্চ : অসমৰ সংস্কৃতি-পৰম্পৰাৰ লগত গৌৰৱ গগৈ বহুদিন ধৰি নাই। তেওঁ বিদেশত থাকিলে, বিদেশী ছোৱালী বিয়া পাতিলে, গতিকে তেওঁনো কেনেকৈ জানিব অসমৰ সভ্যতা-সংস্কৃতি ?- এই তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। গৌৰৱ গগৈৰ শিষ্টাচাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ আৰু কয় যে অসমৰ সভ্যতা-সংস্কৃতি জানিব লাগিলে ঘামৰ গোন্ধ পাব লাগিব, মাটিৰ গোন্ধ পাব লাগিব। মাটিৰ গোন্ধ আৰু ঘামৰ গোন্ধ গৌৰৱ গগৈয়ে পোৱা নাই। তেওঁ পাইছে বিদেশী মানুহৰ সুবাস, বিদেশত থকাৰ সুবাস। গতিকে গৌৰৱ গগৈয়ে এনেকুৱা কথা ক’বই, তাত আচৰিত হ’বলগীয়া একো নাই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে সেইবিলাক দেশত তেনেকুৱাই চলে হয়তো। আমাৰ দেশৰ পৰম্পৰা হ’ল- জ্যেষ্ঠজনৰ আদৰ, মৰম, সমন্বয়। ইয়াত ৰাজনৈতিক মতাদৰ্শৰ উপৰি এটা ব্যক্তিগত সম্পৰ্ক থাকে, সেই সম্পৰ্কবিলাক আমি ৰক্ষা কৰিব লাগে বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে আমাৰ যিটো সভ্যতা-সংস্কৃতি, সেয়া অত্যন্ত নমনীয়। আমি প্ৰত্যকজনে প্ৰত্যককে লগ পালে ভালকৈ মাতষাৰ দিওঁ, বিধানসভাৰ ভিতৰত আমাৰ মাজত যুক্তিগত, মত পাৰ্থক্য থাকিব, কিন্তু আমি মানুহ হিচাপে ব্যক্তিগতভাৱে সকলোৰে সকলোৰে লগত সম্পৰ্ক থাকে। জ্যেষ্ঠজনৰ পৰা আমি আশীৰ্বাদ বিচাৰোঁ, বিভিন্নজনৰ লগত আলাপ-আলোচনা কৰোঁ। ৰাজনীতিৰ ক্ষেত্ৰত এই কথাবোৰ ৰাজনীতিকৰণ কৰাটো উচিত নহয় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

You might also like