নিয়মীয়া বাৰ্তা, ২০ মাৰ্চ : কাছাৰ জিলাত পুনৰ এক এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে ।মহিলাক অপহৰণ আৰু বলাৎকাৰৰ চেষ্টা চলোৱাত অভিযুক্ত এজন আৰক্ষীৰ গুলীত আহত হৈছে। কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ পালইৰবন্দৰ শিৱপুৰত এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। অপৰাধীজনৰ নাম জমিৰ উদ্দিন । তেওঁৰ ঘৰ শ্ৰীকোনা আলমবাগত। মঙলবাৰে নিশা সংঘটিত হয় এই এনকাউণ্টাৰ কাণ্ড। লক্ষীপুৰৰ গৃহবধূ অপহৰণ গোচৰত জড়িত আছিল জমিৰ উদ্দিন। বৰ্তমান জমিৰ উদ্দিন শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। তদুপৰি সন্তোষ দাস নামৰ আৰক্ষী জোৱান এজন আহত হৈ চিকিৎসাধীন হৈ আছে। কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তোৱে জনোৱা মতে, ১৬ মাৰ্চৰ পুৱা ৫.৩০ বজাত পালইৰবন্দৰ শিৱপুৰত দুগৰাকী মহিলা প্ৰাত:ভৱনত ওলোৱাৰ সময়ত চাৰি দুষ্কৃতিকাৰীয়ে অপহৰণৰ চেষ্টা চলায়। দুষ্কৃতিকাৰীয়ে এগৰাকী মহিলাক অপহৰণ কৰি লৈ যায় আৰু পিছলৈ বলাৎকাৰৰ চেষ্টা চলায়। দুষ্কৃতিকাৰীয়ে মহিলাগৰাকীক চোকা অস্ত্ৰৰে ভয়-ভীতি দেখুৱাই বলাৎকাৰৰ চেষ্টা কৰে। উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰোৱাৰ পাছত আৰক্ষীয়ে অভিযান চলাই চাৰি দুষ্কৃতিকাৰীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী অধীক্ষক নোমল মাহাত্তোৱে জনোৱা মতে, কালি নিশা এই চাৰি দুষ্কৃতিকাৰীৰ ভিতৰৰ জমিৰ উদ্দিনক ঘটনাস্থলীৰ পৰা অস্ত্ৰ উদ্ধাৰৰ বাবে লৈ যোৱা হৈছিল। ঘটনাস্থলীলৈ লৈ যোৱাৰ সময়ত জমিৰ উদ্দিনে আৰক্ষী জোৱান সন্তোষ দাসক আঘাত কৰি পলাই যোৱাৰ চেষ্টা কৰে। তেনে সময়তে আৰক্ষীয়ে কন্ট্ৰোল ফায়াৰ কৰে। ফলত জমিৰ উদ্দিনৰ ভৰিত গুলী লাগে আৰু আহত হয়। বৰ্তমান জমিৰ উদ্দিন শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে। তদুপৰি আৰক্ষী জোৱানজনো চিকিৎসাধীন হৈ আছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয়- অভিযুক্ত জমিৰ উদ্দিন গৰু চুৰিৰ ঘটনাতো জড়িত। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি উল্লেখ কৰে তেওঁ।
প্ৰেৰক গৌতম তালুকদাৰ