নিয়মীয়া বাৰ্তা, ২০ মাৰ্চ : নগাঁও জিলাৰ ৰহাত এইবাৰ ওলাইছে সম্ভ্ৰান্ত চোৰ। ৰহা আৰক্ষী থানাৰ পৰা প্ৰায় দুশ মিটাৰ দূৰত্বত ৱাগনাৰ গাড়ীত আহি ফাৰ্মাচীৰ তলা ভাঙি চোৰে লৈ গ’ল প্ৰায় পাঁচ লক্ষাধিক ধন আৰু সামগ্ৰী। সমগ্ৰ ঘটনা বন্দী হৈছে চিচিটিভিত। জানিব পৰা মতে ৰহা পুৰণা চাৰিআলিস্থিত হীৰা মেডিকেল নামৰ ঔষধৰ ফাৰ্মাচীখনত সংঘটিত হৈছিল চুৰিকাণ্ড। চিচিটিভৰ ভিডিঅ’ অনুসৰি ১৫ তাৰিখৰ নিশা প্ৰায় ১ বজাত এখন ৱাগনাৰ বাহনত আহিছিল দুটা চোৰ। কমবয়সীয়া দুজন যুৱকে ফাৰ্মাচীখনৰ পৰা অলপ দূৰৈত ৱাগনাৰ বাহনখন ৰাখি মুখত মাস্ক পিন্ধি প্ৰথমে দুৱাৰৰ তলা ভাঙি দোকানখনৰ ভিতৰত প্ৰৱেশ কৰে। ফাৰ্মাচীখনৰ স্বত্বাধিকাৰীয়ে জানিব দিয়ামতে চোৰে কেচবস্কৰ পৰা নগদ ৪৫,০০০ হাজাৰ টকাৰ লগতে, এটা দামী HP কোম্পানীৰ লেপটপ, ঔষধৰ কাৰ্টুন, শিশুসকলৰ খাদ্য হৰলিক্স, নান আদিসহ প্ৰায় ৫ লক্ষাধিক নগদ ধন আৰু সামগ্ৰী চুৰি কৰি নিয়ে। এই সমগ্ৰ ঘটনা বন্দী হয় চিচিটিভি কেমেৰাত। ঘটনাৰ সন্দৰ্ভত দোকানৰ গৰাকীয়ে ৰহা আৰক্ষীক এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানেও আৰক্ষীয়ে চোৰৰ দলটিৰ সম্ভেদ পোৱা নাই। উল্লেখ্য যে ৰহা থানাৰ পৰা প্ৰায় দুশ মিটাৰ দূৰত্বত নিশা ১ বজাত চোৰে এনেদৰে চুৰি কাণ্ড সংঘটিত কৰাত সকলোকে চিন্তিত কৰি তুলিছে।
প্ৰেৰক ভৱজ্যোতি ডেকা