নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত-পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহৰ সামৰণি

🎯১১জনক এমফিল ডিগ্ৰী, ৪৩১জন শিক্ষাৰ্থীক স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান ৰাজ্যপালৰ
বিশেষ বাৰ্তা, ২০ মাৰ্চঃ নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৰোহৰ আজি সামৰণি পৰে। নলবাৰী জিলা পুথিভঁৰালত অনুষ্ঠিত আজিৰ সমাৰোহত উপস্থিত থাকে ৰাজ্যপাল তথা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ আচাৰ্য গোলাব চান্দ কাটৰিয়া৷ অনুষ্ঠানত ২০২০-২২ আৰু ২০২১-২৩ বৰ্ষত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা ১১জনক এম ফিল ডিগ্ৰী আৰু ৪৩১জন শিক্ষাৰ্থীক স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰে। এই অনুষ্ঠানতে বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগৰ শ্ৰেষ্ঠ স্নাতকোত্তৰসকলক একোটাকৈ সোণৰ পদক প্ৰদান কৰা হয়৷ লগতে সংস্কৃত বিভাগৰ পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ মেধাসম্পন্ন দুগৰাকী ছাত্ৰীক ১০ হাজাৰ টকা ‘ধ্ৰুৱনাৰায়ণ আৰু মাখনী গোস্বামী বৃত্তি’ প্ৰদান কৰা হয়৷ উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনৰ সমাৱৰ্তন অনুষ্ঠানত ২০২০-২২ বৰ্ষৰ সংস্কৃত বৈদিক অধ্যয়ন বিভাগৰ ২৪জন, সংস্কৃত সাহিত্য বিভাগৰ ৩২জন, শিক্ষা বিভাগৰ ২৪জন, ৰাজনীতি বিজ্ঞান বিভাগৰ ৩২জন, দৰ্শন বিভাগৰ ২১জন, অসমীয়া বিভাগৰ ৪৮জন, পাঁচ বছৰীয়া সংস্কৃত সংহত পাঠ্যক্ৰমৰ ১৬জন, যোগ বিজ্ঞান স্নাতকোত্তৰ ডিপ্লমাৰ ১২জন, গান্ধীয়ান ষ্ট্যাডিজৰ স্নাতকোত্তৰ ডিপ্লমাৰ ৮জন৷ ২০২১-২৩ বৰ্ষৰ সংস্কৃত সাহিত্যৰ ২৮জন, সংস্কৃত বৈদিক সংস্কৃত ১৭জন, সংস্কৃত সৰ্বদৰ্শনৰ ১১জন, পাঁচ বছৰীয়া সংসত পাঠ্যক্ৰমৰ ১৯জন, শিক্ষা বিভাগৰ ১৯জন, ৰাজনীতি বিজ্ঞান বিভাগৰ ৩৭জন, দৰ্শন বিভাগৰ ৩১জন, অসমীয়া বিভাগৰ ৩২জন, যোগ বিজ্ঞানৰ স্নাতকোত্তৰ ডিপ্লমাৰ ১০জন৷
ইয়াৰ লগতে শিক্ষা বিভাগৰ ৬জন, সংস্কৃত সাহিত্যৰ ২জন, বৈদিক সংস্কৃত বিভাগৰ এজন, দৰ্শন বিভাগৰ এজন, ৰাজনীতি বিজ্ঞান বিভাগৰ এজন মুঠ ১১জন শিক্ষাৰ্থীক এম ফিল ডিগ্ৰী  প্ৰদান কৰা হয়৷ অনুষ্ঠানটোত উপস্থিত থাকি ৰাজ্যপালগৰাকীয়ে অনাদিকালৰ পৰা বৰ্তমানলৈকে ভাৰতত সংস্কৃতে গ্ৰহণ কৰি অহা ভূমিকা সম্পৰ্কে ভাষণ প্ৰদান কৰে ৷ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক ভাৰতৰ অতীতৰ গৌৰৱ সম্পৰ্কে অধ্যয়ন কৰিবলৈ অনুৰোধ জনায় আৰু লগতে বিশ্ববিদ্যালয়ৰ সকলো ডিগ্ৰী প্ৰাপ্তক তেওঁলোকৰ অনাগত জীৱনৰ বাবে শুভেচ্ছা প্ৰদান কৰে৷ অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলৰ লগতে বিশ্ববিদ্যালয়ৰ কৰ্ট, কাৰ্যবাহী পৰিষদ আৰু শৈক্ষিক পৰিষদৰ সকলো সদস্যৰ লগতে নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকা, জিলাৰ আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসৰ উপৰি মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় ভাষা সমিতিৰ অধ্যক্ষ, পদ্মশ্ৰী বঁটাপ্ৰাপক চমুকৃষ্ণ শাস্ত্ৰী ৷ উক্ত সভাতে চমুকৃষ্ণ শাস্ত্ৰীয়ে ভাৰতবৰ্ষত সংস্কৃত ভাষাৰ ভৱিষ্যতে লব লগা ভূমিকা সম্পৰ্কে  আৰু সংস্কৃতৰ মহত্ত্ব সম্পৰ্কে বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰহ্লাদ আৰ যোশী, পঞ্জীয়ক ড° মদন চন্দ্ৰ বড়ো, পৰীক্ষা নিয়ন্ত্ৰক ড° ৰঞ্জিত তিৱাৰী, জিলা আয়ুক্ত বৰ্ণালী ডেকা, আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাস, কাৰ্যবাহী পৰিষদ অধ্যাপক মুক্তা বিশ্বাস, শৈক্ষিক পাৰিষদ ড° নকুল চন্দ্ৰ ডেকা, হৰিনাৰায়ণ দাস, কাৰ্যবাহী পৰিষদ অধ্যাপক সুদেষ্ণা ভট্টাচাৰ্য, অৱসৰী অধ্যাপক নন্দিতা ভট্টাচাৰ্য, হিৰণ শৰ্মা আদি উপস্থিত থাকে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like