ধুবুৰীৰ অধিবক্তাই আজমলৰ লগ লগাই দিছিল শ্বাৰ্জিলক
নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ অসম তথা উত্তৰ-পূবক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ ভয়ংকৰ প্ৰৰোচনামূলক ৰাজহুৱা মন্তব্য আগবঢ়োৱা জেএনইউৰ গৱেষক ছাত্ৰ শ্বাৰ্জিল ইমামে মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ মাৰাথন জেৰাত বহু ন ন চাঞ্চল্যকৰ তথ্য সদৰী কৰিছে ।
বিশেষকৈ এআইইউডিএফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰে নতুন দিল্লীত গোপন বৈঠকত মিলিত হোৱা সন্দর্ভত এক গুৰুত্বপূর্ণ বিষয় স্বীকাৰ কৰিছে শ্বার্জিল ইমামে৷ জেএনইউৰ গৱেষক ছাত্রজনৰ উদ্ধৃতিৰে অপৰাধ শাখাৰ এক শীর্ষস্থানীয় সূত্রই জানিবলৈ দিয়া মতে, আজমলৰে সাক্ষাৎ তথা গোপন বৈঠকত মিলিত হোৱাৰ আঁৰৰ মানুহজন আছিল ধুবুৰীৰ এজন অধিবক্তা৷ এই অধিবক্তাজনৰ সৈতে শ্বার্জিল ইমামৰ পূর্বৰে পৰা পৰিচয় আছিল৷ সেই সূত্রেই আজমল আৰু শ্বার্জিল ইমামক নতুন দিল্লীত লগ কৰাই দিছিল অধিবক্তাজনে৷ জেৰাকালত শ্বার্জিল ইমামে অসমৰ আন একাংশ ব্যক্তিৰ নাম লোৱা বুলিও সূত্রটোত প্রকাশ৷ অৱশ্যে অধিক তদন্তৰ স্বার্থত এই বিষয়ে প্রকাশৰ পৰা সূত্রটোৱে বিৰত থাকে৷
লক্ষণীয়ভাৱে শ্বার্জিল ইমামে গুৱাহাটী ভ্রমণ কৰাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে৷ এই গুৱাহাটী ভ্রমণৰ সময়ত ৰাষ্ট্রদ্রোহৰ গোচৰত অভিযুক্ত শ্বার্জিল ইমামে গোলকগঞ্জলৈও গৈছিল৷ জেএনইউত অধ্যয়ন কৰা গোলকগঞ্জৰ এজন ছাত্রৰ ঘৰলৈ শ্বার্জিল ইমামে যোৱাৰ সন্দেহ কৰা হৈছে৷
উল্লেখ্য যে ৰাষ্ট্রদ্রোহৰ গোচৰত অভিযুক্ত শ্বার্জিল ইমামক যোৱা ২৮ জানুৱাৰীত দিল্লী আৰক্ষীয়ে বিহাৰৰ জেহানবাদৰ পৰা গ্রেপ্তাৰ কৰিছিল৷ মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই ৰুজু কৰা ১/২০২০ নম্বৰৰ গোচৰটোত শ্বার্জিলক যোৱা ২০ ফেব্রুৱাৰীত গুৱাহাটীলৈ আনে৷ তাৰ পাছৰে পৰা শ্বার্জিল ইমামক অপৰাধ শাখাৰ লগতে বিশেষ শাখাৰ উচ্চপদস্থ বিষয়াৰ দলে জেৰা অব্যাহত ৰাখিছে৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, জেৰাৰ সমান্তৰালভাৱে শ্বার্জিল ইমামৰ লেপটপ, হোৱাট্ছএপকে ধৰি ছ’চিয়েল মিডিয়াৰ একাউণ্টসমূহ পৰীক্ষা কৰি থকা হৈছে৷ লগতে বিচৰা হৈছে তেওঁৰ ম’বাইল ফোনকল ৰেকর্ড৷ তদন্তত ইয়াৰ পৰা লাভ কৰিবলগীয়া তথ্যসমূহ যথেষ্ট সহায়ক হ’ব বুলি সূত্রটোৱে দাবী কৰিছে৷