নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিমুখী ৰাজু চাহু! অসম কংগ্ৰেছৰ উপ-সভাপতি পদ ত্যাগ

বিশেষ বাৰ্তা, ২৭ মাৰ্চ : দেশজুৰি নিৰ্বাচনী গৰম বতাহৰ মাজতে কংগ্ৰেছত সৃষ্টি হৈছে খহনীয়াৰ৷ মংগলবাৰে অসম জাতীয় পৰিষদৰ সভাপতি তথা বিৰোধী যৌথ মঞ্চৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ দলেবলে মনোনয়নপত্ৰ দাখিল কৰাৰ দিনটোতেই তিনিচুকীয়া জিলা কংগ্ৰেছৰৰ সভাপতি প্ৰণৱ বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক বিৰিঞ্চি নেওগসহ এটা চাৰিজনীয়া দলে কংগ্ৰেছ ত্যাগ কৰি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোনোৱালৰ ওচৰত বিজেপিত যোগদান কৰিছিল। তাৰ পাছতে আজি পুনৰ তিনিচুকীয়া জিলাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ সভাপতি ৰাজু চাহুৱে উপ সভাপতি পদবী ত্যাগ কৰে। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰালৈ এক পত্ৰৰ জৰিয়তে সভাপতিগৰাকীৰ কামকাজত অসন্তুষ্টি প্ৰকাশ কৰি উপ সভাপতিৰ পদবী ত্যাগ কৰা বুলি উল্লেখ কৰে পত্ৰখনত৷ উল্লেখযোগ্য যে মঙলবাৰে তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাই মবাইল ফোন অফ কৰি ৰখাৰ বিপৰীতে কিন্তু প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি ৰাজু চাহুৱে বিৰোধী যৌথ মঞ্চৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ডিব্ৰুগড় জিলা আয়ুক্ত কায্যালয়ত মনোনয়নপত্ৰ দাখিল কৰাৰ সময়ত সংগ দিছিল ৷ নিশাটোতেই এনে কি কাণ্ড ঘটিল যে হঠাৎ পুৱাই উপ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদ ত্যাগ কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ৷ তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাই বিজেপিত যোগদান কৰাৰ পাছত তৎকালীনভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বৰুৱাক বহিস্কাৰ ঘোষণা কৰি জিলা কংগ্ৰেছৰ জয়ন্ত কলিতাক সভাপতিৰ দায়িত্ব প্ৰদান কৰাৰ কায্যত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাজু চাহুৰ স’তে সভাপতি ভূপেন বৰাই কোনো আলোচনা নকৰাৰ বাবেই উপ সভাপতিৰ দায়িত্ব ত্যাগ কৰা বুলি এতিয়া চৰ্চিত হৈছে মুখেমুখে৷ কিন্তু জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহু চাহুৱে সংবাদমাধ্যমৰ জৰিয়তে স্পষ্টকৈ উল্লেখ কৰি ভূপেন বৰাই দলৰ কোনো কৰ্মীৰ স’তে কথা আলোচনা নকৰাকৈ সিদ্ধান্ত লয় বুলি উল্লেখ কৰে৷ আনহাতে, বিজেপিত যোগদান কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নত এতিয়ালৈকে তেনে চিন্তা কৰা নাই বুলি উল্লেখ কৰে আৰু আগন্তুক নিৰ্বাচনত লুৰিণজ্যোতি গগৈৰ ক্ষেত্ৰত সাধাৰণ কংগ্ৰেছ কৰ্মী হিচাপে যি কৰিব পৰা যায় কৰা হ’ব মন্তব্য কৰে ৰাজু চাহুৱে৷ ইফালে, কংগ্ৰেছ নেতাসকলৰ বিজেপি গমনৰ প্ৰাকমুহূৰ্তত নিজৰ দায়িত্ব ত্যাগ কৰাটো এক পৰম্পৰাগতলৈ পৰিণত হৈছে৷ প্ৰথমে নিজৰ দায়িত্ব ত্যাগ কৰি এদিন বা দুদিনৰ পাছতে কংগ্ৰেছ দল ত্যাগ কৰি গেৰুৱা বসন পিন্ধি আহিছে কিছুদিন ধৰি একাংশ জ্যেষ্ঠ কংগ্ৰেছ নেতাই। গতিকে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাজু চাহুৱেও অতি কম সময়তেই নিৰ্বাচনী গৰম বতাহৰ মাজতেই পিন্ধিব নেকি গেৰুৱা বসন বুলি এতিয়া সৰ্বত্ৰ চৰ্চিত হৈ পৰিছে৷

প্ৰেৰক বিবেক বড়া

You might also like