বিজেপিৰ প্রার্থিত্বৰ চর্চাত ৰমেন ডেকা–ৰাজেন গোহাঁই–ভুবনেশ্বৰ কলিতা
নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ অসমৰ তিনিখন ৰাজ্যসভাৰ আসনৰ বাবে অহা ২৬ মার্চত নির্বাচন অনুষ্ঠিত হ’ব৷ এই নির্বাচনত বিজেপিয়ে এখন আসনত নিজাববীয়াকৈ মিত্রজোঁটৰ সহযোগত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ এখন আসন বিজেপি মিত্রজোঁটে মিত্রদল বি পি এফক দিয়াৰ কথা ইতিমধ্যে প্রকাশ কৰিছে৷
ইয়াৰ বিপৰীতে বিৰোধী দল কংগ্রেছ আৰু এ আই ইউ ডি এফে তৃতীয়খন আসনত এজন উমৈহতীয়া প্রার্থী থিয় কৰোৱাৰ পোষকতা কৰি আহিছে৷ এই মুহূর্তলৈ কোনো এটা দলেই আনুষ্ঠানিকভাৱে প্রার্থী তালিকা প্রকাশ কৰা নাই৷
বিজেপিৰ এক সূত্রই জানিবলৈ দিয়া মতে, মিত্রজোঁটৰ সহযোগত বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া আসনখনৰ বাবে ইতিমধ্যে বহুকেইগৰাকী নেতাৰ নাম চর্চালৈ আহিছে৷ এইক্ষেত্রত প্রাক্তন সাংসদ ভুবনেশ্বৰ কলিতা, ৰমেন ডেকা, ৰাজেন গোহাঁইৰ নাম বিভিন্ন মহলত চর্চিত হৈ আহিছে৷ ইয়াৰ সমান্তৰালভাৱে শেহতীয়াকৈ বিজেপিৰ পৰা উত্থাপন হৈছে সুভাষ দত্তৰ নাম৷
ইপিনে বিৰোধী দল কংগ্রেছ আৰু এ আই ইউ ডি এফৰ উমৈহতীয়া প্রার্থীক কেন্দ্র কৰিও ব্যাপক চর্চা অব্যাহত আছে৷ দুয়োটা দলে ‘কা’বিৰোধী এগৰাকী ব্যক্তিক উমৈহতীয়াভাৱে নির্বাচিত কৰাৰ পোষকতা কৰিছে৷ এইক্ষেত্রত ‘কা’বিৰোধী আন্দোলনৰ নেতৃত্ব বহন কৰি অহা অভিনেত্রী বৰষাৰাণী বিষয়া, শিল্পী জুবিন গার্গ, সাংবাদিক অজিত কুমাৰ ভূঞা, অধিবক্তা অৰূপ বৰবৰা, চলচ্চিত্র নির্মাতা জাহ্ণু বৰুৱা আদিৰ নাম চর্চালৈ অহাৰ কথা অকপতে প্রকাশ কৰিছে জ্যেষ্ঠ কংগ্রেছ নেতা তথা ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে৷