তিৰুচিৰাপল্লীৰ জাম্বুকেশ্বৰ মন্দিৰত খননত ওলাল ৫০০ সোণৰ মুদ্রা
নিয়মীয়া বাৰ্তা ২৮ ফেব্ৰুৱাৰীঃ তামিলনাডুৰ তিৰুচিৰাপল্লীৰ জাম্বুকেশ্বৰ মন্দিৰৰ সমীপত খননৰ সময়ত ১.৭ কিলোগ্রামৰ সোণৰ মুদ্রা উদ্ধাৰ হৈছে৷ মন্দিৰ কর্তৃপক্ষই প্রকাশ কৰা মতে কালি বিয়লি খনন কৰি থকাৰ সময়তে ৫০৫টা সোণৰ সৰু মুদ্রাৰ লগতে আন এটি কিছু ডাঙৰ পৰিমাণৰ সোণৰ মুদ্রা উদ্ধাৰ হয়৷ উদ্ধাৰ হোৱা সোণৰ মুদ্রাকেইটাৰ ওজন ১.৭ কিলোগ্রাম৷ মাটিৰ প্রায় ৭ ফুট তলত থকা এই সোণ মুদ্রাত খচিত হৈ আছে আৰবী ভাষা৷ আৰবী ভাষা অংকিত থকা সোণৰ মুদ্রাকেইটা ১০০০–১২০০ খ্রীষ্টাব্দৰ বুলি অনুমান কৰা হৈছে৷ ইতিমধ্যে সোণ মুদ্রাকেইটাক মন্দিৰ কর্তৃপক্ষই আৰক্ষীৰ হাতত গতাই দিছে৷ আৰক্ষীয়ে পুৰাতাত্ত্বিক বিভাগৰ হাতত সোণৰ মুদ্রাকেইটা গতাই দিয়াৰ পৰিকল্পনা কৰিছে৷ পুৰাতত্ত্ব বিভাগে এই সোণৰ মুদ্রা সন্দর্ভত বিতং তথ্যৰ সন্ধান লাভ কৰাৰ সম্ভাৱনা আছে৷