নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৬ৰ পিছত প্ৰাক্তন বিধায়ক হ’ব ৰকিবুল হুছেইন

🔹 ধুবুৰীত বিজেপি-অগপৰ কাৰ্যকৰ্তাৰে বৈঠক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিল : যোৰহাটত বিপক্ষৰ প্ৰাৰ্থীৰ সৈতে কোনোধৰণৰ প্ৰতিদ্বন্দ্বিতা নহয় বুলি দাবী অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। ৰাজ্যৰ যোৰহাট লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁট আৰু বিপক্ষ কংগ্ৰেছ দলৰ এজনকৈ সাংসদ পৰস্পৰৰ বিৰুদ্ধে থিয় হোৱা সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে গৌৰৱ গগৈৰ সৈতে থকা লোকে সদায় আহি বিজেপিত যোগদান কৰি আছে। দুদিন পূৰ্বে তেওঁৰ লগত থকা দুজন লোক আহি আমাৰ দলত যোগ দিছে। লগতে তেওঁৰ মন্তব্য- কোনোবাই বিজয়ী প্ৰাৰ্থীৰ সংগ এৰি আন দলত কিয় যোগদান কৰিব। আনহাতে, সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত উত্তৰ-পূৰ্বাঞ্চলৰ ২৩খনতকৈ অধিক আসনত বিজয়ী হ’ব বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ ১৩খন আসনত বিজয় নিশ্চিত বুলি দাবী কৰাৰ সমান্তৰালকৈ ১৪খন আসনতেই বিজয়ী হোৱাৰ বাবে প্ৰচেষ্টা চলাই থকা বুলি কয় মন্ত্ৰীগৰাকীয়ে। আনহাতে, এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলে ৩খন আসনত জয়ী হ’ব বুলি কৰা মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া বিচাৰি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য- অসমৰ পৰিৱেশ এতিয়া এনে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ১৩খন আসনত জিকিমেই আৰু যি এখন আসন আছে; ইয়াত আজিৰ পৰা আৰম্ভ হৈছে। আজি মই প্ৰথমবাৰ ধুবুৰীলৈ আহিছোঁ আৰু আজিৰ পৰা ধৰি লওক- এইখনো জিকিবলগীয়া হৈ গ’ল। আনহাতে, ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন সন্দৰ্ভত সাংবাদিকে বিচৰা মন্তব্যৰ উত্তৰ দিবলৈ গৈ তেওঁ কয় যে ৰকিবুল হুছেইনৰ এনেয়ে ভৱিষ্যৎ নাই। ভৱিষ্যৎ এইটোৱে যে ২০২৬ লৈকে বিধায়ক হৈ থাকিব আৰু তাৰ পিছত প্ৰাক্তন বিধায়ক হ’ব। উল্লেখ্য যে আজি ধুবুৰীৰ অগ্ৰসন ভৱনত বিজেপি আৰু অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকলৰ সৈতে এখন যৌথ বৈঠকত অংশগ্ৰহণ কৰে ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। গুৰুত্বপূৰ্ণ উক্ত বৈঠকখনত আগন্তুক লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। বৈঠকখনৰ অন্তত আয়োজিত এক যোগদান কাৰ্যসূচীতো উপস্থিত থাকে তেওঁ। আজিৰ এই কাৰ্যসূচীত বিজেপিৰ ধুবুৰী জিলাৰ সভাপতি প্ৰসেনজিৎ দত্ত প্ৰমুখ্যে বিজেপি আৰু অগপ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like