চীনৰ শ্বেনজানত নিষিদ্ধ কুকুৰ–মেকুৰীৰ মাংস
নিয়মীয়া বাৰ্তা ২৮ ফেব্ৰুৱাৰীঃ ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ লোৱাৰ পাছতে চীন চৰকাৰে কেবাবিধো জন্তুৰ মাংস নিষিদ্ধ কৰাৰ পৰিকল্পনা কৰিছে৷ চীনৰ বজাৰসমূহত ১২০বিধ জন্তুৰ মাংস নির্বিঘ্ণে বিক্রী হৈ আহিছে৷ এই বজাৰৰ পৰাই ক’ৰোনা ভাইৰাছৰ সৃষ্টি হোৱা বুলি বিতর্ক চলি থকা বাবেই ছেনজেনৰ কর্তৃপক্ষই বজাৰসমূহত কুকুৰ আৰু মেকুৰীৰ মাংস নিষিদ্ধ কৰাৰ পৰিকল্পনা চূড়ান্ত কৰিছে৷ অৱশ্যে গাহৰি, মুর্গী, গৰু আৰু এন্দুৰৰ মাংস পূর্বৰ দৰেই বজাৰসমূহত বিক্রী চলি থাকিব৷ লক্ষণীয় যে এন্দুৰ, বাদুলী, সাপকে ধৰি বিভিন্ন জন্তুৰ মাংস চীনৰ বজাৰত বিক্রী হৈ আহিছে৷ এই জন্তুৰ পৰাই বিভিন্ন ৰোগ, বিভিন্ন সময়ত বিয়পি পৰে যদিও চীনা প্রশাসন নিষ্ক্রিয় হৈ আছিল৷ কিন্তু শেহতীয়াভাৱে ক’ৰোনাই দেশখনৰ অর্থনীতিৰ লগতে মানৱ স্বাস্থ্যৰ প্রচণ্ড ভাবুকি কঢ়িয়াই আনিছে৷ আঢ়ৈ হাজাৰতকৈ অধিক লোকৰ মৃত্যু ঘটাৰ লগতে লক্ষাধিক লোক এই ৰোগত আক্রান্ত হৈছে৷ প্রায় নিয়ন্ত্রণহীন হৈ পৰা এই ভাইৰাছক লৈ হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হোৱা চীন চৰকাৰৰ শ্বেনজান কর্তৃপক্ষই অৱশেষত কুকুৰ, মেকুৰীৰ মাংস নিষিদ্ধ কৰাৰ পৰিকল্পনাক আদৰণি জনাইছে হিউমেন ছ’চাইটী ইণ্টাৰনেচনেলে৷ মন কৰিবলগীয়া যে বন্যপ্রাণীৰ মাংসৰ ব্যৱসায় আৰু খোৱাটো নিষিদ্ধ কৰাৰ পদক্ষেপ শীঘ্রেই গ্রহণ কৰিব৷