সম্পাদকীয় : বিহু আহিল
নির্বাচনী উত্তেজনাই সমগ্র পৰিৱেশ স্পর্শ কৰি থকাৰ মাজতে অসমীয়াৰ অতি আপোন ৰঙালী বিহু আহিব আৰু সমগ্র অসমবাসীকে নতুন বছৰত প্রৱেশৰ আনন্দ আৰু জাতীয় উৎসৱটোৰ মাধুর্য সোঁৱৰাই দিব৷ বিহু বুলিলে, বিশেষকৈ ৰঙালী বিহু বুলিলেই সমাজখনক সাধাৰণতে যি ধৰণৰ এক হেন্দোলনিয়ে জোকাৰি যায়, এইবাৰ স্বাভাৱিক কাৰণতেই তাৰ প্রভাৱ অলপ কম হ’ব৷ অৱশ্যে আয়োজনত পার্থক্য থাকিলেও কিন্তু বিহুৰ আবেদন হ্রাস নহয়৷ অতীতৰ বিহু, গ্রামীণ সমাজৰ বিহু, মঞ্চৰ বিহু আদিৰ কথা আলোচনা কৰি থাকিলেও কিন্তু এতিয়াৰ বিহুই এক নিজস্ব চৰিত্র ধাৰণ কৰিছে, যিটো চৰিত্র সাধাৰণ সংগীতানুষ্ঠানৰ সমতুল্য৷ এই সংগীতানুষ্ঠানকেই জাতীয় উৎসৱৰ মান্যতা প্রদান কৰাটো সাংস্কৃতিকভাৱে কিমান উচিত হৈছে, সেই প্রসংগত সকলো নিমাত৷ অতীতৰ বিহুৰ উদাহৰণেৰে এতিয়াৰ মঞ্চ বিহুক সমালোচনা কৰা কথাটো বাদ দি সামাজিক বিৱর্তন আৰু পৰিৱর্তনৰ কথা মনত ৰাখি বিহুটোক কেনেদৰে জাতীয় উৎসৱৰ সন্মানেৰে উদ্যাপন কৰিব পৰা যায়, সেইটোহে আলোচনাৰ মূল বিষয় হোৱা উচিত৷ বিহু মানেই এতিয়া মূলতঃ একোখন সংগীত সন্ধিয়া আৰু কিমান বিখ্যাত গায়ক–গায়িকাক সেই অনুষ্ঠানত অংশগ্রহণ কৰোৱাব পাৰি, ঠিক তাৰেইহে প্রতিযোগিতা৷ এই গায়ক–গায়িকাসকলে বিহুগীত গোৱাৰ কথা নাই, নিজৰ নিজৰ জনপ্রিয় গীতবোৰহে গোৱাৰ কথা আৰু উৎসাহী দর্শকেও সেই গীতৰ প্রতি সঁহাৰি দি বিহুতলীখনক এক উদ্দামতাপূর্ণ পৰিৱেশনস্থলীলৈ পৰিৱর্তিত কৰাটোতহে যেন বিহুৰ সফলতা নিহিত হৈ থাকে৷ এই পেছাদাৰী গায়ক–গায়িকাসকলে গীত পৰিৱেশনৰ বাবে নিজৰ নিজৰ বাদ্যযন্ত্র, আলোকব্যৱস্থা, সহযোগী গায়িকা–নৃত্যশিল্পী আদিৰ ব্যৱস্থা কৰে আৰু সেইবোৰ তেওঁলোকৰ পেছাৰ অংগ৷ এই পৰিৱেশনত কিন্তু বিহুৰ একো ৰূপ প্রতিফলিত নহয়৷ গায়িকাসকলে প্রায়েই মেখেলা–চাদৰেই পিন্ধে যদিও পুৰুষসকলেহে বিভিন্ন ধৰণৰ বেশভূষা কৰা দেখা যায়৷ দুই–এখন আয়োজক কমিটীয়ে গায়ক–গায়িকাসকলৰ্ পোছাক আৰু পৰিৱেশন কৰিবলগীয়া গীতৰ ক্ষেত্রত অলপ বাধানিষেধ আৰোপ কৰিব বিচাৰে যদিও গুণমুগ্ধৰ সংখ্যা অধিক থকা গায়ক–গায়িকাই সেই বাধা মানি চলিব নিবিচাৰে৷
ৰঙালী বিহুটো যিকোনো ধৰণৰ সংগীত সন্ধিয়ালৈ পৰিৱর্তিত হোৱা কথা মনত ৰাখি সদৌ অসম ছাত্র সন্থাই গুৱাহাটীত কেন্দ্রীয়ভাৱে ৰঙালী বিহুৰ আয়োজন কৰিবলৈ আৰম্ভ কৰে আৰু দিনে–পোহৰে হোৱা সেই আয়োজনত বিহুৰ সৌন্দর্য আৰু আবেদন ধৰি ৰখাৰ চেষ্টা কৰা হয়৷ আয়োজক আৰু বহুসংখ্যক দর্শকে পৰিধান কৰা পোছাক, বিভিন্ন লোকগীত–মাতৰ প্রদর্শন আৰু শেষত ৰাইজৰ স্বতঃস্ফূর্ত অংশগ্রহণে এই বিহুটোত জাতীয় উৎসৱ এটাৰ ৰূপ প্রদান কৰে৷ সমাজত আধুনিক গীত–মাতৰ চর্চা আৰু প্রদর্শনৰ প্রয়োজন নিশ্চয় আছে, সেইবোৰৰ বাবে গোটেই বছৰটো পোৱা যায়৷ কিন্তু জাতীয় উৎসৱ হিচাপে গণ্য কৰা ৰঙালী বিহুৰ নামত আয়োজিত অনুষ্ঠানবোৰক সাধাৰণ জনপ্রিয় চেহেৰাৰ সংগীত সন্ধিয়ালৈ ৰূপান্তৰিত হ’ব নিদিয়াটো নির্ভৰ কৰে মূলতঃ আয়োজকসকলৰ ওপৰতেই৷ কিন্তু এই দায়িত্বটো এতিয়ালৈকে সদৌ অসম ছাত্র সন্থাৰ বাহিৰে আন কোনেও গ্রহণ কৰা নাই৷ সদৌ অসম ছাত্র সন্থাই আৰু অধিক পৰিকল্পিতভাৱে সমগ্র অসমতে এনে ধৰণৰ আয়োজন কৰি ৰঙালী বিহুটোক সম্ভ্রমপূর্ণ অৱস্থাত ৰখাৰ দায়িত্ব পালন কৰিব পাৰে আৰু কৰাটো সময়ৰ দাবী৷ চৰকাৰেও বিহু উদ্যাপন কৰা কিছু কমিটীক অর্থসাহায্য প্রদান কৰে৷ চৰকাৰে এই অর্থসাহায্য প্রদান কৰা সময়ত বিহু উদ্যাপনক সাধাৰণ সাংস্কৃতিক সন্ধিয়া কৰি নোতোলাৰ চর্ত দিব পাৰে৷ বিহুৰ সময়ত প্রায় নিয়মীয়াভাৱে প্রকাশ হোৱা এটা হূদয়বিদাৰক বাতৰি হ’ল– ৰাতিৰ ভাগত ঘটা গাডী দুর্ঘটনাত বিহুৰ শিল্পীৰ মৃত্যু৷ আয়োজকসকলে এই কথাটোত মনযোগ দি সেইমতে ব্যৱস্থা গ্রহণ কৰিলে বিহুৰ সময়ত এনে কৰুণ সংবাদক আঁতৰত ৰাখিব পাৰিব বুলি আশা কৰিব পাৰি৷ এটা সময়ত বিহু মানেই আছিল বিভিন্ন আলোচনীৰ বিশেষ সংখ্যাৰ প্রকাশ৷ এই কামটো ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্যৰ অংগ আছিল৷ বিভিন্ন কাৰণত বৌদ্ধিক চর্চাৰ এই ধাৰাটো শুকাই আহিছে৷ এই দিশটোৰ প্রতি অকল বিহু আয়োজকসকলেই নহয়, অসম সাহিত্য সভাকে ধৰি তেনেজাতীয় প্রতিষ্ঠানবোৰে মনযোগ দিয়াটো উচিত৷