নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলৰ পিছে পিছে মাৰাথন দৌৰ বাংলাদেশৰ ৫জন খেলুৱৈৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ এপ্ৰিলঃ বাংলাদেশ ক্রিকেট দলৰ ফিল্ডিং ক্রমান্বয়ে চার্কাছত পৰিণত হৈছে৷ প্রতিদিনে কিছুমান অদ্ভুত কাম কৰি ছ’চিয়েল মিডিয়াত হাঁহি বিৰিঙিয়াইছে৷ চট্টগ্রামত শ্রীলংকাৰ বিৰুদ্ধে খেলি থকা টেষ্টখনৰ সোমবাৰে সংঘটিত হয় আন এক কাণ্ড, যিটো ক্রিকেটপ্রেমীসকলে নিজৰ হাঁহি বন্ধ কৰিব নোৱাৰিলে৷ বাংলাদেশৰ ৫জন ফিল্ডাৰৰ এটা বলৰ পিছফালে দৌৰি থকা গ’ল৷ ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে হাঁহিৰ খোৰাক সৃষ্টি কৰিছে ক্রিকেটপ্রেমীৰ মাজত৷ শ্রীলংকাৰ দ্বিতীয় ইনিংছৰ ২১ অভাৰত সংঘটিত হয় এই ঘটনা৷ হাছান মাহমুদৰ বলত প্রবথ জয়সূর্যৰ বেটত বল লাগি বাউন্স হৈ গালীৰ ফালে যায়৷ তাত কোনো ফিল্ডাৰ নাছিল৷ কিন্তু শ্লিপত চাৰিজন আৰু পইণ্টত এজন আছিল৷ পাঁচোজনেই বলটো ৰখাবলৈ দৌৰিবলৈ ধৰে৷ কিন্তু বলটোৰ গতি বেছি নাছিল৷ এজন ফিল্ডাৰে সহজেই বলটো ধৰিব পাৰিলেহেঁতেন৷ কিন্তু কার্যতঃ দেখা গ’ল যে ইজনৰ পিছত সিজন বাংলাদেশী ক্রিকেটাৰে ইজনে সিজনৰ পিছফালে ৰীলে ৰেচৰ দৰে দৌৰিছে৷ যেন দৌৰাৰহে প্রতিযোগিতা চলিছে৷ এই কাণ্ডৰ বাবে বাংলাদেশৰ দলটোৱে নেটিজেনৰ ট্র’লিঙৰ পৰা সাৰি যাব নোৱাৰিলে৷ ছ’চিয়েল মিডিয়াত ফিল্ডিঙৰ ভিডি’ দেখি ক্রিকেট অনুৰাগীসকলৰ মাজত হাঁহিৰ খোৰাক যোগাইছে৷ টেষ্টখনত আৰু দুবাৰকৈ দেখা হৈছে টাইগার্ছৰ হাস্যকৰ কার্য৷ দলটোৰ অধিনায়ক নজমুল হুছেইন ছাণ্ট’ই প্রথম দিনাই শ্রীলংকাৰ কুশল মেণ্ডিছৰ বেটত লগা বল এটাৰ ডিআৰএছ লৈছিল৷ বাংলাদেশৰ অধিনায়কগৰাকীৰ এই কার্যত সিংহলী বাহিনীৰ বেটাৰসকলেও নাহাঁহি থাকিব নোৱাৰিলে৷ দ্বিতীয় দিনা এটা কেচ আয়ত্ত কৰিবলৈ তিনিজন ফিল্ডাৰে চেষ্টা কৰিছিল যদিও কেচটো আয়ত্ত কৰিবলৈ সক্ষম নহ’ল৷

You might also like