নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুৰ মৃতদেহত ছার্জিকেল ব্লেড চলালে আজিও অশ্রু নিগৰে দীপলালৰ

নিয়মীয়া বাৰ্তা ২৮ ফেব্ৰুৱাৰীঃ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ছুইপাৰ দীপলাল বাজফৰে চাকৰি জীৱনৰ ৩৪ বছৰত চিকিৎসালয়ৰ প’ষ্টমর্টেম কক্ষত মৰণোত্তৰ পৰীক্ষাৰ বাবে কটা–ফলা কৰিবলগীয়া হৈছে প্রায় ৭০ হাজাৰ শৱদেহ৷ এইদীপলাল নহ’লে চিকিৎসালয়খনত মৰণোত্তৰ পৰীক্ষা সম্ভৱ নহয়৷ কিয়নো মৃতদেহ এটা তেওঁ কটাৰ পিছত তাক প্রত্যক্ষ কৰি চিকিৎসকে মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন লিখে৷ নিতৌ মৃতদেহৰ লগতে ব্যস্ত থাকিলেও দীপলালৰো আছে অন্য দহজনৰ নিচিনা এখন হূদয়৷ প’ষ্টমর্টেম টেবুলত কেতিয়াবা মৃতদেহ তুলি লৈ আৱেগিক হৈ পৰে তেওঁ৷ এই সন্দর্ভত বাজফৰে জনোৱা মতে, তেওঁ নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এজন চাফাই কর্মী (ছুইপাৰ) হিচাপে চাকৰিত যোগদান কৰিছিল ১৯৮৬ চনত৷ প্রথম তিনি মাহ চিকিৎসালয়খনৰ অধীক্ষকৰ কার্যালয়ত চাফাই কর্মচাৰী হিচাপে নিয়োজিত হোৱাৰ পিছত তেওঁক নিয়োগ কৰা হয় চিকিৎসালয়খনৰ মৰণোত্তৰ পৰীক্ষা কক্ষত৷ তেতিয়াৰ পৰা আজি পর্যন্ত সুদীর্ঘ ৩৪ বছৰ তেওঁ প’ষ্টমর্টেম কক্ষত মৃতদেহ কটা–ছিঙা কৰা কামত নিয়োজিত হৈ আছে৷ প্রথম যিদিনা প’ষ্টমর্টেম ৱার্ডত টেবুলত মৃতদেহ এটা তুলি হাতত ছার্জিকেল ব্লেড লৈ মৃতদেহটো কাটিবলৈ লৈছিল, তেতিয়া তেওঁৰ ভয় লাগিছিল৷ মনটো ভাল লগা নাছিল৷ যাৰ বাবে প্রথম তিনি মাহমান নিশা ভালকৈ শুৱই পৰা নাছিল৷ সপোনত প’ষ্টমর্টেম টেবুলত কটা মৃতদেহবোৰ দেখা পাই শিহৰি উঠিছিল৷ তেওঁ কয়, ‘ত্রিশ বছৰমানৰ আগৰ কথা৷ সেইদিনা প’ষ্টমর্টেম টেবুলত এজনী কণমানি ছোৱালীৰ মৃতদেহ তুলি লৈ যেতিয়া প’ষ্টমর্টেম কৰিবলৈ হাতত ছার্জিকেল ব্লেড তুলি লৈছিলো, মোৰ হাত দুখন থৰ থৰকৈ কঁপিছিল৷ দুচকু সেমেকি উঠিছিল৷ মই কণমনিটো কাটিবলৈ প্রথম অমান্তি হৈছিলোঁ যদিও চিকিৎসকগৰাকীয়ে মনা নাছিল৷ কাৰণ প’ষ্টমর্টেমত পেট বা মূৰ ফালাটো নিয়ম৷ অনিচ্ছা সত্ত্বেও অৱশেষত পেটটো ফালিব লগা হৈছিল৷ সেইদিনা ৰাতি মোৰ টোপনি হোৱা নাছিল৷ নিশা বিভিন্ন অলৌকিক সপোন দেখি ভয় খাইছিলোঁ৷ ‘ইপিনে, প’ষ্টমর্টেম কৰিবলৈ আত্মহত্যা কৰা, দুর্ঘটনাত পতিত হৈ মৃত্যু হোৱাসহ অস্বাভাৱিক মৃত্যু হোৱা লোকৰ মৃতদেহবোৰ প’ষ্টমর্টেম টেবুলত তুলি লৈ ছার্জিকেল ব্লেডেৰে বুকুৰ পৰা তল পেটলৈ ফালিব লাগে দীপলালে৷ তেওঁ এই কামটোকে সুদীর্ঘ ৩৪ বছৰে কৰি আহিলেও আজিও যিকোনো শিশুৰ মৃতদেহ প’ষ্টমর্টেম টেবুলত দেখিলেই তেওঁক দুখে হেঁচা মাৰি ধৰেবুলি অকপটে প্রকাশ কৰিলে৷ দীপলালে লগতে কয় যে ৩৪ বছৰে তেওঁ ৭০ হাজাৰৰো অধিক বিভিন্ন মৃতদেহ প’ষ্টমর্টেম কৰিবলৈ কটা–ফলা কৰিছে৷ কিন্তু যেতিয়াই কোনো শিশুৰ মৃতদেহ প’ষ্টমর্টেম কৰিবলৈ প’ষ্টমর্টেম টেবুলত থৈ হাতত ছার্জিকেল ব্লেডখন তুলি লয়, তেতিয়াই তেওঁৰ হাত কঁপি উঠে৷দুর্ঘটনাত মৃত্যু হোৱা কোনো শিশুৰ মৃতদেহ যেতিয়া প’ষ্টমর্টেম কৰিবলৈ আনে, তেতিয়া অভিভাৱকসকলে প’ষ্টমর্টেমৰ বাবে কাটিব নিদিয়ে৷ কান্দোনত গগন ফালে তেওঁলোকে৷ বৰ দুখ লাগে৷ তদুপৰি, ডেকা–গাভৰুৰ মৃতদেহো প’ষ্টমর্টেমৰ কাৰণে কাটিবলৈ বেয়া লাগে৷ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত প’ষ্টমর্টেম কৰিবলৈ দৈনিক কমেও পাঁচটাকৈ মৃতদেহ অনা হয় বুলি প্রকাশ কৰে৷ উল্লেখ্য যে হৰিজন সম্প্রদায়ৰ লোক হ’লেও দীপলালে নাখায় কোনো ৰাগিয়াল দ্রব্য৷ এইদৰে তেওঁ এক নজিৰ সৃষ্টি কৰা কাম সুদীর্ঘ বছৰ ধৰি কৰি আহিছে৷ দীপলালৰ এনে জীৱনগাথাই নগাঁৱত সকলোৰে আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে৷

You might also like