নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখাশিল্পৰ কৰ্মত ব্যস্ত এজাক শিক্ষাৰ্থী

🔹 ঢকুৱাখনা মহাবিদ্যালয়ৰ ব্যতিক্রমী পদক্ষেপ

নিয়মীয়া বার্তা, ৪ এপ্ৰিল : উত্তৰ অসমৰ অন্যতম পুৰণি উচ্চ শিক্ষাৰ অনুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়। ব্যতিক্ৰমী পদক্ষেপ আৰু ব্যতিক্ৰমী চিন্তাৰ বাবে সদায় চৰ্চাত থকা মহাবিদ্যালয়খনত আজিও এক অন্য পৰিৱেশ। শ্ৰেণীকোঠাৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই আহি গছৰ তলত বহিলহি এদল শিক্ষাৰ্থী। শিক্ষাৰ্থীসকলৰ মাজত দেখা গৈছে ভীষণ ব্যস্ততা। সততে ঢকুৱাখনাত দেখা নোপোৱা মুখাশিল্পৰ কামত ব্যস্ত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল। কোনোৱে যদি কটাৰীৰে বাঁহৰ কাঠি-কামি কৰিছে, আন কোনোৱে আকৌ ৰং-তুলিকাৰে মুখাত দিছে অন্তিম পৰশ। মাজুলীৰ মুখাশিল্পৰ নিচিনাকৈ মুখা নিৰ্মাণৰ কামত ব্যস্ত হৈছে শিক্ষাৰ্থীসকল। উল্লেখ্য যে ‘বিকশিত ভাৰত’ আৰু ‘সাংস্কৃতিক অসম’ৰ প্ৰয়াসেৰে মহাবিদ্যালয়খনত সাদিনীয়াকৈ অনুষ্ঠিত হৈছে গুৰুজনাৰ অনুপম সৃষ্টি মুখাশিল্পৰ কৰ্মশালা। ঢকুৱাখনা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ, অসমীয়া বিভাগ, প্ৰতিষ্ঠান উদ্ভাৱনী কোষ আৰু উদ্যমিতা বিকাশ কোষৰ উদ্যোগত যোৱা ২ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে মাজুলীৰ চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ ড০ হেমচন্দ্ৰ গোস্বামীয়ে। মুখাশিল্পৰ কৰ্মশালাত মহাবিদ্যালয়খনৰ লগতে নিকটৱৰ্তী শিক্ষানুষ্ঠানসমূহৰ ৩৫গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। গুৰুজনাৰ এই অপূৰ্ব সৃষ্টি মুখাশিল্পৰ প্ৰতি আকৰ্ষিত এইসকল প্ৰশিক্ষাৰ্থী এতিয়া ব্যস্ত ভাওনাৰ বিভিন্ন চৰিত্ৰৰ মুখা নিৰ্মাণত।

মাজুলীৰ চামগুৰি সত্ৰৰ মুখা শিল্পী খগেন গোস্বামী, প্ৰণৱ বৰা আৰু মনোজ বৰাৰ তত্ত্বাৱধানত ছাত্ৰ-ছাত্ৰীসকল একান্তমনে ব্যস্ত হৈ পৰিছে মাটিৰ আৰু বাঁহৰ কাঠিৰে মহাপুৰুষীয়া আৰ্হিৰে মুখা নিৰ্মাণৰ কৰ্মত। মুখা প্ৰস্তুতকৰণৰ দৰে আমোদজনক কাম কৰি আনন্দিত ছাত্ৰ-ছাত্ৰীসকলো। প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰস্তুত কৰা মুখাসমূহ দেখি আপ্লুত হৈ পৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ যোগানন্দ সূতৰ লগতে অধ্যাপক-অধ্যাপিকা তথা অভিভাৱকসকলো। উঠি অহা প্ৰজন্মৰ মাজত মুখাশিল্পৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে ঢকুৱাখনা মহাবিদ্যালয় পৰিয়ালে যি পদক্ষেপ গ্রহণ কৰিছে, তাক লৈ সচেতন মহলে প্ৰশংসা কৰিছে। এই কৰ্মশালাই অনাগত দিনত মুখাশিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আহ্বায়ক সমিতিৰ হৈ অসমীয়া আৰু বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক মনোৰঞ্জন বৰদলৈ আৰু পাপৰি মালা ভূঞাই জানিবলৈ দিয়ে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like