নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙালৈ ২০২৩–২৪ বর্ষত আগমন ৩.২৭ লাখ পর্যটকৰ

🔹 বিশ্ব ঐতিহ্যক্ষেত্রত দর্শনার্থীৰ সংখ্যাৰ সর্বকালৰ অভিলেখ

বিশেষ বাৰ্তা, ৪ এপ্রিল : বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত দর্শনার্থীৰ সংখ্যাই সর্বকালৰ অভিলেখ গঢ়িছে৷ ২০২৩–২৪ বর্ষত ৰাষ্ট্রীয় উদ্যানখনলৈ আগমন ঘটে মুঠ ৩,২৭,৪৯৩জন পর্যটকৰ৷ ইয়াৰে ৩,১৩,৫৭৪জন ঘৰুৱা (ভাৰতীয়) হোৱাৰ বিপৰীতে ১৩,৯১৯জন আছিল বিদেশী৷ আৰম্ভণিৰে পৰা বর্তমান পর্যন্ত কোনো এটা বছৰত প্রথমবাৰৰ বাবে সর্বাধিকসংখ্যক দর্শনার্থীয়ে কাজিৰঙা ভ্রমণ কৰিছে৷ লক্ষণীয়ভাৱে ২০২৩–২৪ বর্ষত কাজিৰঙা ভ্রমণ কৰা পর্যটকৰ পৰা আহৰণ হোৱা ৰাজহৰ পৰিমাণ হ’ল ৮,৮১,৮৪,১৬১ টকা৷ প্রকৃতিৰ বিনন্দীয়া পৰিৱেশ, সমৃদ্ধ জৈৱ–বৈচিত্র্য আৰু এশিঙীয়া গঁড়ৰ দৰে আপুৰুগীয়া জীৱ–জন্তুৰ ৰম্যভূমি কাজিৰঙা সকলো শ্রেণীৰ পর্যটক তথা বন্যপ্রেমীসকলৰ বাবে পছন্দৰ পর্যটনস্থলী হিচাপে চিহ্ণিত হৈ আহিছে৷ উল্লেখ্য যে ৰাষ্ট্রীয় উদ্যানখনত ৩টা প্রশাসনিক সংমণ্ডল আছে৷ সেইকেইটা হৈছে– পূব অসম বন্যপ্রাণী সংমণ্ডল, বিশ্বনাথ বন্যপ্রাণী সংমণ্ডল আৰু নগাঁও বন্যপ্রাণী সংমণ্ডল৷ তথ্য অনুসৰি, ২০২৩–২৪ বর্ষত পূব অসম বন্যপ্রাণী সংমণ্ডলত ৩,২০,৯৬১জন দর্শনার্থী হোৱাৰ বিপৰীতে ৮,৫৯,৪৮,৩৫১ টকা ৰাজহ সংগ্রহ হয়৷ সেইদৰে নগাঁও বন্যপ্রাণী সংমণ্ডলত দর্শনার্থী আৰু ৰাজহৰ পৰিমাণ আছিল ক্রমে ৩,৪৮৪জন আৰু ৬,২৪,০০০ টকা৷ বিশ্বনাথ বন্যপ্রাণী সংমণ্ডলত ৩,০৪৮জন দর্শনার্থীৰ সমাগম ঘটে আৰু ১৬,১১,৮১০ টকা ৰাজহ সংগ্রহ হয়৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ২০২৩ চনৰ অক্টোবৰ মাহৰ মাজভাগত বাৰিষাৰ পিছত পুনৰ মুকলি হোৱা ৰাষ্ট্রীয় উদ্যানখনত পর্যটন ঋতুৰ মূল আকর্ষণ আছিল– ‘জংঘল ছাফাৰী’ আৰু ‘হাতী ছাফাৰী’ৰ বিকল্প৷ কার্বি আংলঙত চাইকেল চলোৱা পথ, পাণবাৰী বনাঞ্চল আৰু চিৰাঙৰ ‘ট্রেকিং পথ’ কেইছোৱাৰ বাবে আগবঢ়োৱা সুযোগ সংযুক্ত কৰাৰ ফলত আকর্ষণ বৃদ্ধি পাইছে৷ তদুপৰি ‘চোৰান আহেম’ (কার্বি) আৰু ‘অর্জুন উকুম’ (মিচিং) জাতিভিত্তিক ৰেষ্টুৰেণ্টসমূহেও লাভ কৰিছে জনপ্রিয়তা৷ একেদৰে বুঢ়াচাপৰিৰ মহিলা নেতৃত্বাধীন ৰেষ্টুৰেণ্ট ‘বিচাগ–না’ (বড়ো)য়েও সুন্দৰ আৰম্ভণি কৰিছে৷ ডলফিন চাবলৈ ‘নাও ছাফাৰী’ৰ অধীনত নতুন পথৰ লগতে পাণপুৰ–বুঢ়াচাপৰি ‘জীপ আৰু চাইকেল ছাফাৰী চার্কিট’ৰ সংযোজনো হৈ পৰিছে আকর্ষণৰ কেন্দ্রবিন্দু৷

You might also like