🔹 চোমৰাশালিত ১৪টা বাংলা ইটাভাতা জেচিবিৰে ভাঙিলে প্ৰশাসনে
নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বাঘাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত চোমৰাশালি গাঁৱৰ জনবসতি অঞ্চলত থকা ১৪টাকৈ বৃহৎ বাংলা অবৈধ ইটাভাতা ভাঙি দিয়ে প্ৰশাসনে। মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱাৰ উপস্থিতিত জেচিবি লগাই উক্ত অবৈধ বাংলা ইটাভাতাসমূহ ভাঙি দিয়া হয়। লক্ষণীয় যে মানকাচৰ ৰাজহ চক্ৰৰ অধীনত ২৭৩টা ইটাভাতা আছে। ইয়াৰে ৯০ শতাংশ ইটাভাতাই চৰকাৰী নীতি-নিয়ম উলংঘা কৰি অবৈধভাৱে চলাই থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে জিলা প্ৰশাসনৰ তৰফৰ পৰা অবৈধ ইটাভাতাৰ বিৰুদ্ধে জাননী প্ৰেৰণ কৰিছিল। কিন্তু অবৈধ ইটাভাতাৰ মালিকে জিলা প্ৰশাসনৰ নিৰ্দেশক অমান্য কৰি জনবসতিপূৰ্ণ স্থান, একাংশ শিক্ষা প্ৰতিষ্ঠান, চৰকাৰী অফিচৰ কাষত বাংলা ইটাভাতাসমূহ স্থাপন কৰাত বিষাক্ত ধোঁৱাই ছানি ধৰি pollution সৃষ্টি কৰি আহিছে। নতুনকৈ মানকাচৰ ৰাজহ চক্ৰত চক্ৰ বিষয়া হিচাপে যোগদান কৰা প্ৰাঞ্জল শৰ্মা বৰুৱাই জিলা প্ৰশাসনৰ নিৰ্দেশত বাঘাপাৰাৰ চোমৰাশালিৰ ১৪টাকৈ ইটাভাতা জেচিবি লগাই উচ্ছেদ কৰে আৰু অনাগত দিনত পৰ্যায়ক্ৰমে অবৈধ বাংলা ইটাভাতাসমূহৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱাই সদৰী কৰে।
প্ৰেৰক ফাৰহাদ আহমেদ