নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল : অহা ১৯ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে ১২নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিতো চলিছে শাসক-বিৰোধীৰ তীব্ৰ নিৰ্বাচনী যুঁজ ৷ ইয়াৰ মাজতে আজি সোণাৰি চাপৰিত পশ্চিম ঢকুৱাখনা মণ্ডলৰ অন্তৰ্গত ৭খন গাঁও পঞ্চায়তক লৈ বিজেপি, অসম গণ পৰিষদ আৰু সন্মিলিত গণ শক্তি অসম মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰি নিৰ্বাচনী প্ৰচাৰ অধিক ত্বৰান্বিত কৰে টীম ঢকুৱাখনাৰ নেতা তথা ৭৭নং ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই ৷ নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত সোণাৰি চাপৰি কেঁকুৰি অঞ্চলৰ বহুসংখ্যক লোকে গেৰুৱা দলটোত যোগদান কৰি বিধায়কগৰাকীৰ হাত অধিক শক্তিশালী কৰে ৷ অনুষ্ঠানত সমষ্টি কমিটীৰ সদস্য যতীন পেগু, অসম গণ পৰিষদৰ ঢকুৱাখনা জিলা সমিতিৰ সভানেত্ৰী ৰূপাঞ্জলি চুতীয়া, সন্মিলিত গণ শক্তি অসমৰ মণ্ডল সভাপতিকে ধৰি বহুসংখ্যক নেতা-কৰ্মীকে ধৰি পশ্চিম ঢকুৱাখনা মণ্ডলৰ অন্তৰ্গত ৭খন পঞ্চায়তৰ দলীয় বিষয়ববীয়াৰ লগতে ২ শতাধিক লোক উপস্থিত থাকে ৷

You might also like