নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ উপস্থিতিত নগাঁৱত সুৰেশ বৰাৰ মনোনয়ন দাখিল

বিশেষ বাৰ্তা, ৪ এপ্ৰিলঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৯ নম্বৰ নগাঁও সংসদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাৰ মনোনয়ন দাখিল পৰ্বত অংশগ্ৰহণ কৰে। বৰাই মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে নগাঁও চহৰৰ ডচন হাইস্কুলৰ খেলপথাৰ (গৰুফিল্ড)ত আয়োজিত এক সভাত ভাষণ দি দলীয় প্ৰাৰ্থীক ভোটদান কৰি নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিবলৈ মুখ্যমন্ত্ৰী ড° শৰ্মাই আহ্বান জনায়। ভাৰত মাতা কী জয়, নৰেন্দ্ৰ মোদী জিন্দাবাদ, বিজেপি জিন্দাবাদ, অগপ জিন্দাবাদ শ্লোগানেৰে নিজৰ ভাষণ আৰম্ভ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই বিজেপিৰ কাৰণে অলপ কষ্ট কৰিবলৈ আহ্বান জনাই কয়, “যদি আমি মোদীক প্ৰধানমন্ত্ৰী পাতিব লাগে সুৰেশ বৰাক জিকাবই লাগিব।সুৰেশ বৰাৰ কাৰণে পদুম ফুলত ভোট দিলে মোদী প্ৰধানমন্ত্ৰী হৈ গ’ল। গতিকে মোদী কোন? নগাঁৱত বৰ্তমান মোদী সুৰেশ বৰা।” কংগ্ৰেছ দলক পুৰণা অচল টকা বুলি কটাক্ষ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়,”কংগ্ৰেছ দল এতিয়া পুৰনা নোটৰ দৰে।পুৰণা নোট দিলে কোনোবাই বজাৰত মাল বস্তু দিব নেকি আজিৰ দিনত? কংগ্ৰেছক ভোট দিলেও একো দিব নোৱাৰে।মোদীয়ে ভাৰতক ক’ত লৈ গ’ল আজি আমি সকলোৱে দেখিছো।সেই কাৰণে কংগ্ৰেছ দলৰ কথা চিন্তা কৰি লাভ নাই।আমাৰ মাথো এটাই চিন্তা মোদীক ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগে।” নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড°শৰ্মাই অৰুণোদয়কে প্ৰমুখ্যে বিজেপি চৰকাৰৰ বিভিন্ন হিতাধিকাৰী আঁচনিৰ কথা উল্লেখ কৰাৰ লগতে আন কেতবোৰ প্ৰতিশ্ৰুতিও দিয়ে। তেওঁ কয়যে, দুখীয়া পৰিয়ালে একোখন ৰেচন কাৰ্ডৰ পৰা পাঁচটাকৈ চৰকাৰী সুবিধা লাভ কৰিছে।লগতে লাখপতি বাইদেউ সকলক চৰকাৰে দিব লগীয়া দহ হেজাৰ টকাৰ উপৰিও আৰু ২৫হেজাৰকৈ টকা দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে ড° শৰ্মাই। তেওঁ আৰু কয়,”ল’ৰাৰ পঢ়াৰ দায়িত্ব মাক -দেউতাকৰ। ছোৱালীৰ পঢ়াৰ দায়িত্ব এই মামাৰ।এইবাৰ মেট্ৰিক পৰীক্ষাত যিমান ছোৱালী পাছ কৰিব সকলোৱে চাইকেল, স্কুটী, বিনামূলীয়া কিতাপৰ লগতে তেওঁ লোকৰ বেংক একাউন্টত দহ হেজাৰকৈ টকা জমা দিম। দুবছৰীয়া উচ্চতৰ মাধ্যমিক পঢ়োতে প্ৰতি বছৰে দহ হেজাৰকৈ মুঠ ২০ হেজাৰ টকা লাভ কৰিব। উচ্চতৰ মাধ্যমিক পাছ কৰি কলেজত নামভৰ্তি কৰিলে চাৰে বাৰ হেজাৰ টকা, ইউনিভাৰ্ছিটিত নামভৰ্তি কৰিলে ২৫হেজাৰকৈ টকা দিম।”তেওঁ কয়,”মোৰ লক্ষ্য ২০১৬ৰ আগতে প্ৰত্যেকটো দুখীয়া পৰিয়ালক অৰুণোদয় দিয়া।আয়ুস্মান ভাৰত,জীৱন বীমা, স্বাস্থ্য বীমা দিয়া, ছোৱালীক কলেজলৈ লৈ যোৱা মোৰ লক্ষ্য।”লগতে চৰকাৰে এক লাখ চৰকাৰী চাকৰি দিয়াৰ যি লক্ষ্য নিৰ্ধাৰণ কৰিছিল তাক ডেৰ লাখলৈ বৃদ্ধি কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে। বিগত তিনিটা বছৰত ৰাজ্যখনত বহুত উন্নয়ন হোৱা বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “যোৱা তিনিটা বছৰত অসমৰ বহুত উন্নয়ন হ’ল। আন্দোলন নোহোৱা হ’ল।কাম কৰি খাব পৰা এটা পৰিৱেশ হ’ল।দালাল লাহে লাহে কমি গৈছে, বসুন্ধৰাৰ জৰিয়তে থলুৱা মানুহে মাটি পোৱা আৰম্ভ কৰিলে, লাহৰিঘাট -ধিঙত ধুনীয়াকৈ মথাউৰি হৈছে। মানুহৰ আজি কষ্ট বহুত কমি গ’ল।” সুখ-শান্তি-সমৃদ্ধিৰ বাবেই বিজেপিক ভোট দিবলৈ আহ্বান জনাই ড° শৰ্মাই কয়, “মই অসমৰ সকলো মানুহৰ জীৱনলৈ সুখ-শান্তি আৰু সমৃদ্ধি নমাই আনিব খুজিছো। এই কাম তেতিয়াহে কৰিব পাৰিম যেতিয়া নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ’ব।কাৰণ সূৰ্যই পোহৰ দিলেহে চন্দ্ৰই পোহৰ বিলাব পাৰিব। মোদী থাকিলেহে মই জিলিকি থাকিব পাৰিম। মোদী নাথাকিলে জিলিকি থাকিব নোৱাৰো।” তেওঁ বিজেপি দলৰ কাৰ্যকৰ্তা সকলক আজিৰ পৰাই মোদীৰ হাত আৰু অধিক শক্তিশালী কৰিবলৈ অভিযান আৰম্ভ কৰিবলৈ আহ্বান জনাই কয়,”আজিৰ পৰা আপোনালোকেই হিমন্ত বিশ্ব শৰ্মা।” সুৰেশ বৰাৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা,অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত,অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা, বিজেপি নেতা তথা বিধায়ক নোমল মমিন, ৰমাকান্ত দেউৰী,ৰূপক শৰ্মা, শশীকান্ত দাস, জিতু গোস্বামী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই, প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, গিৰীন্দ্ৰ কুমাৰ বৰুৱা, প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমান, মোবাৰক আলী পাঠান, গুণেশ্বৰ দাস,জিলা বিজেপিৰ সভাপতি অভিজিত নাথ, নগাঁও জিলা অগপৰ সভাপতি মণিমাধৱ মহন্ত আদি উপস্থিত আছিল।
মুখ্যমন্ত্ৰীৰ নেতৃত্বত  বিশাল সমদল কৰি মনোনয়ন দাখিল কৰিবলৈ আহিল সুৰেশ বৰা 
ইপিনে, এই সভাৰ পিছতে ডচন হাইস্কুলৰ খেলপথাৰৰ পৰা মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাই  বিজেপিৰ নেতা -কৰ্মী সকলৰ সৈতে এক বিশাল সমদল কৰি নগাঁও চহৰৰ মাজেৰে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আহে।পাছত বৰাই জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ হাতত নিজা মনোনয়নপত্ৰ দাখিল কৰে।বৰাই মনোনয়নপত্ৰ দাখিল কৰা সময়ত তেওঁক সংগ দিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী কেশৱ মহন্ত, পীযুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা,বিধায়ক ৰূপক শৰ্মা আদিয়ে। বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাক মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত সংগ দিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পাছত সংবাদ মাধ্যমৰ আগত কয়, “ৰাইজৰ মৰমেই আমাৰ আশীৰ্বাদ। ৰাইজৰ মৰম আৰু আশীৰ্বাদ লৈ কৰ্মক্ষেত্ৰ আৰু ৰণক্ষেত্ৰলৈ আহিছোঁ। নগাঁৱত আজি এই জন সমুদ্ৰই বাৰ্তা দিছে যে সুৰেশ বৰা জিকিবই।” আনহাতে, সুৰেশ বৰাক মনোনয়ন দাখিল কৰিবলৈ আহোতে সংগ দিয়া মন্ত্ৰী পীযুষ হাজৰিকাই কয়, “মই দৃঢ়তাৰে কৈছোঁ সুৰেশ বৰা এই নিৰ্বাচনত জয়ী হ’বই। প্ৰদ্যুৎ বৰদলৈয়ে নগাঁৱত কতো কামো কৰা নাই আৰু কতো যোৱাও নাই। গতিকে তেওঁৰ বিৰুদ্ধে তীব্ৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে। প্ৰদ্যুৎ বৰদলৈৰ সভাত পাঁচশতকৈ বেছি মানুহ হোৱা দেখা নাই। আমাৰ সভাত চাৰিওফালে হাজাৰ হাজাৰ মানুহ। সেয়ে আমাৰ দৃঢ় বিশ্বাস আমাক সকলোৱে সমৰ্থন কৰিব।” মন্ত্ৰী হাজৰিকাই কংগ্ৰেছ নেতা কৰ্মীয়ে দল ত্যাগ কৰাটো একো ডাঙৰ কথা নহয় বুলি মন্তব্য কৰি কয়, মুঠতে কংগ্ৰেছ দলটো এসময়ত নাইকীয়া হৈ যাব।মনোনয়নপত্ৰ দাখিল কৰি বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাই কয়, “নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দহ বছৰত ভাৰতবৰ্ষত যি উন্নয়ন মূলক কাম হৈছে আৰু অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি উন্নয়ন হৈছে সেয়ে এইবাৰ ৰাইজে পুনৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাটো বিছাৰিছে। ৰাইজ আমাৰ লগত আছে আৰু পুনৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত।সেয়ে ৰাইজে বিজেপিক ভোট দিব।”
প্ৰেৰক কনক হাজৰিকা
You might also like