নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ এপ্রিলত নলবাৰীত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী সভা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ এপ্ৰিলঃ লোকসভা নির্বাচনক লৈ যথেষ্ট আগ্রাসী হৈ পৰা ৰাজ্যিক বিজেপিয়ে দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ নির্বাচনক লৈ আৰম্ভ কৰিছে বিশেষ প্রস্তুতি৷ উল্লেখ্য যে তৃতীয় পর্যায়ৰ নির্বাচনী প্রচাৰ চলাবলৈ ১৭ এপ্রিলত অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ প্রধানমন্ত্রীগৰাকীয়ে নলবাৰীত এখন বিশাল নির্বাচনী সভাত অংশ ল’ব৷ ইয়াকে লৈ ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে ব্যাপক প্রস্তুতি৷ বৰপেটা সমষ্টিৰ অন্তর্গত ১০টা বিধানসভা সমষ্টিৰ লগতে গুৱাহাটী আৰু দৰং-ওদালগুৰি সমষ্টিক লৈ মুঠ ১৬টা বিধানসভা সমষ্টিৰ পৰা প্রধানমন্ত্রীৰ সভাত দলীয় সমর্থক আৰু কার্যকর্তাক গোট খুৱাবলৈ ইতিমধ্যে পৰিকল্পনা প্রস্তুত কৰি তুলিছে বিজেপিয়ে৷ ১৬ এপ্রিলৰ বিয়লি ভাগত গুৱাহাটীত উপস্থিত হ’বলগা প্রধানমন্ত্রীগৰাকীয়ে ১৭ এপ্রিলৰ পুৱা ১১ বজাত নলবাৰীৰ বৰকুৰাত হ’বলগা নির্বাচনী সভাত অংশ ল’ব৷ মন কৰিবলগীয়া যে বিজেপি আৰু মিত্রজোঁটে এইবাৰ বৰপেটা সমষ্টিৰ বাবে অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীক প্রক্ষেপ কৰিছে৷ বঙাইগাঁও সমষ্টিৰ পৰা একেৰাহে ৮বাৰকৈ বিধায়ক হোৱা ফণীভূষণ চৌধুৰীৰ বিজয় সুনিশ্চিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হ’বলগীয়া প্রধানমন্ত্রীৰ নির্বাচনী সভা সফল কৰি তুলিবলৈ ৰাজ্যিক বিজেপিয়ে বৰপেটা সমষ্টিৰ ১০টাকৈ বিধানসভা সমষ্টিত ১০গৰাকীকৈ প্রভাৰী নিয়োগ কৰিছে৷ ৰাজ্যিক বিজেপিৰ সূত্রই প্রকাশ কৰা অনুসৰি প্রধানমন্ত্রীৰ নির্বাচনী সভাত দুই লাখতকৈ অধিক লোক সমৱেত হোৱাৰ সম্ভাৱনা আছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, অগপৰ সভাপতি অতুল বৰা, ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৰ লগতে ৰাজ্যিক বিজেপি আৰু মিত্রদলৰ শীর্ষনেতা উপস্থিত থাকিবলগীয়া এই সভাৰ পৰাই প্রধানমন্ত্রীয়ে দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ নির্বাচনৰ প্রচাৰৰ ৰণশিঙা বজাব৷ উল্লেখ্য যে প্রধানমন্ত্রীৰ আগমনৰ পূর্বেই ১১ এপ্রিলত অসমত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী ৭ এপ্রিলত অসমলৈ অহাৰ কথা আছিল যদিও উক্ত ভ্রমণসূচী বাতিল কৰি ১১ এপ্রিলত নির্বাচনী প্রচাৰ চলাবলৈ উপস্থিত হ’ব গৃহমন্ত্রীগৰাকী৷ পূর্বৰ কার্যসূচী অনুসৰিয়ে গৃহমন্ত্রীগৰাকীয়ে লখিমপুৰ আৰু হোজাইত নির্বাচনী সভাত উপস্থিত থাকিব৷

You might also like