নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বাৰ্তাৰ কুমুদ তালুকদাৰক ফুলেশ্বৰী ডেকা প্ৰেৰণা বঁটা প্ৰদান

কণ্ঠশিল্পী দিপান্বিতা ডেকাকো ফুলেশ্বৰী ডেকা প্ৰেৰণা বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ এপ্ৰিলঃ নিয়মীয়া বাৰ্তা কাকতৰ জ্যেষ্ঠ সাংবাদিক কুমুদ তালুকদাৰলৈ আগবঢ়োৱা হৈছে ফুলেশ্বৰী ডেকা সোঁৱৰণী শ্ৰেষ্ঠ সাংবাদিকতাৰ উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা বঁটা৷ ৰাজ্যৰ আগশাৰীৰ সাহিত্য-সংস্কৃতি আৰু সমাজ সেৱাৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা সমন্বয় উন্নয়ন চেৰিটেবল ট্ৰাষ্টৰ ২২সংখ্যক সমাৰোহত জ্যেষ্ঠ সাংবাদিক তথা অসম সাহিত্য সভা সংবাদৰ কাৰ্যবাহী সম্পাদক তালুকদাৰক এই বঁটা প্ৰদান কৰা হয়৷ চানমাৰিৰ পেঞ্চনাৰ ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁক এই সন্মানজনক বঁটা প্ৰদান কৰে বিশিষ্ট শিল্পী , লেখক তথা চিকিৎসক ডাঃ অঞ্জনজ্যোতি চৌধুৰী আৰু ট্ৰাষ্টৰ সচিব প্ৰকাশ ডেকাই৷ আজি দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত এখন সভাত শ্ৰেষ্ঠ গায়িকাৰ বঁটা প্ৰদান কৰা হয় জনপ্ৰিয় কন্ঠশিল্পী দিপান্বিতা ডেকাক৷ আনহাতে এই অনুষ্ঠানতে নেহা ভাগৱতীক শ্ৰেষ্ঠ উদীয়মান বঁটা, জয়ন্ত বৰপূজাৰীক সাহিত্য জ্যোতি বঁটা, সাহিত্যিক চন্দ্ৰধৰ কলিতাক সাহিত্য ৰত্ন বঁটা, পূৰ্ণিমা ডেকা চহৰীয়াক জনপ্ৰিয় নৃত্য শিল্পীৰ প্ৰেৰণা বঁটা, পূৰবী দাস কলিতাক কৃতী শিক্ষয়িত্ৰীৰ প্ৰেৰণা বঁটা, কৃষ্ণ মেধিক কৃতী শিক্ষকৰ প্ৰেৰণা বঁটা আৰু কালাৰ ৱৰ্ল্ডছক শ্ৰেষ্ঠ শিল্প কলা বিদ্যালয় প্ৰেৰণা বঁটা প্ৰদান কৰা হয়৷ অনুষ্ঠানত সাহিত্যিক ড° যতীন্দ্ৰনাথ ডেকা, ড° কমল মজুমদাৰ, ড° ধনেশ্বৰ বৰুৱা , নিৰূপা ৰয় বৰুৱা আৰু সমাজসেৱক ড° ভূমিধৰ দাসক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বঁটাসমূহ প্ৰদান কৰে ডা° অঞ্জনজ্যোতি চৌধুৰীৰ লগতে ট্ৰাষ্টৰ পৰিচালন সচিব সবিতা বৰ্মন ডেকা, সচিব প্ৰকাশ ডেকা, ডা° তপন ডেকা আদিয়ে৷ আজিৰ সভাতে জনপ্ৰিয় কবি প্ৰকাশ ডেকাৰ “ সকলোতকৈ আপোন ” শীৰ্ষক কাব্য গ্ৰন্থখন উন্মোচন কৰা হয়৷ ইপিনে বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ট্ৰাষ্টে চলাই অহা “ নিম কন্যা ” লিজা ডেকাৰ তত্বাবধানত আয়োজন কৰা সদৌ অসম চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটাসমূহ প্ৰদান কৰে ক্ৰমে ড° যতীন্দ্ৰনাথ ডেকা, ড° নিৰূপা ৰয় বৰুৱা , বিশিষ্ট আবৃত্তিকাৰ কৃপাঞ্জলী কটকী আৰু , ফেশ্বন ডিজাইনাৰ মনি দাসে৷

You might also like