তলবৰ পিছতে চিআইডিৰ কাৰ্যালয়ত এপিএছচিৰ পৰীক্ষা নিয়ন্ত্ৰকৰ ভিৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ এপ্ৰিলঃ এপিএছচিত সংঘটিত ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰিৰ তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী গোট (এছটিএফ)–এ৷ নির্ধাৰিত ছমাহৰ ভিতৰত তদন্ত প্রক্রিয়া শেষ কৰাৰ বিপৰীতে এছটিএফে ৰাকেশ পালৰ কার্যকালত সংঘটিত নিযুক্তি কেলেংকাৰিৰ আন কেতবোৰ নতুন তথ্যৰ ভিত্তিত অনুসন্ধান আৰম্ভ কৰিছে৷ ইয়াৰ অংশ হিচাপে এছটিএফে ২০১৩ বর্ষত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত দায়িত্ব পালন কৰা ৩০জন পৰীক্ষা নিৰীক্ষকক তলব কৰিছিল৷ কালি ৭জনৰ পিছত আজি চিআইডিত পুনৰ হাজিৰ হৈছে বহুকেইগৰাকী পৰীক্ষা নিৰীক্ষক।