নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ চীনত ক’ৰোনা ভাইৰাছৰ সংহাৰ সামান্য হ্রাস পালেও ই বিশ্বৰ ৫০খন দেশলৈ প্রসাৰিত হৈছে ৷ ঘাতক ভাইৰাছটোৰ স্থিতি নির্ণায়ক বিন্দুলৈ নামি আহিছে যদিও এই ভাইৰাছে বিশ্বজুৰি মহামাৰী ৰূপ লোৱাৰ সম্ভাৱনা প্রকট কৰিছে বিশ্ব স্বাস্থ্য সংস্থা (ডব্লিউএইচ’)ই৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্রছ আধনম ঘেব্রেয়েছাছে জেনেভাত প্রকাশ কৰা মতে বিগত দুদিনত ভাইৰাছটোক লৈ সংস্থাটোৱে নির্ণায়ক বিন্দুত উপনীত হৈছে ৷ চীনত নতুনকৈ ভাইৰাছত আক্রান্ত লোকৰ লগতে বিশ্বৰ আন প্রান্ততটো এই ভাইৰাছত আক্রান্ত হোৱা লোক চিনাক্ত হৈছে ৷ এই সময়খিনি শংকাৰ সময় নহয় যদিও প্রতিখন দেশে ভাইৰাছটো প্রতিহত কৰাৰ বাবে জৰুৰী ব্যৱস্থা গ্রহণ কৰিব লাগিব ৷ উল্লেখ্য যে ৫০ দেশৰ ভিতৰত কোৰিয়াত ২০২২, জাপানত ৮৯৪, ইটালীত ৬৫০, ইৰানত ২৪৫, ছিংগাপুৰত ৯৬, হংকঙত ৯৩, আমেৰিকাত ৬০, কুৱেইটত ৪৩, থাইলেণ্ডত ৪১, ফ্রান্সত ৩৮, বাহৰেইনত ৩৩, টাইৱানত ৩২, অষ্ট্রেলিয়াত ২৩, মালয়েছিয়া, জার্মানী, ভিয়েটনাম, গ্রেট ব্রিটেইন, কানাডা, আৰব, স্পেইন, মাকাও আদিত ১০জনতকৈ বেছি লোক আক্রান্ত হৈছে ৷