নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায়দৰাবাদত থকা পাকিস্তানীক খেদিব নোৱাৰিব

নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ ‘কা’ক লৈ হায়দৰাবাদৰ একাংশ জনতাই তীব্র প্রতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে হায়দৰাবাদত দীর্ঘদিন ধৰি বাস কৰি থকা পাকিস্তানক খেদিব নোৱাৰিব বুলি টিআৰএছ বিধায়ক আৰেকাপুৰী গান্ধীয়ে কৰা মন্তব্যই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে ৷ বিধায়ক গান্ধীয়ে পাকিস্তানৰ পৰা আহি হায়দৰাবাদত থকা লোকক খেদিব নোৱাৰো বুলি কৰা আপত্তিজনক মন্তব্যৰ বাবে বিজেপিয়ে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে ৷ লক্ষণীয় যে বিধায়কগৰাকীয়ে পাকিস্তানৰ পৰা আহি হায়দৰাবাদত থাকি দেশৰ বিৰুদ্ধে ষড়যন্ত্র কৰা বুলিও মন্তব্য কৰিছিল৷ বিতর্কিত মন্তব্য কৰা বিধায়কগৰাকীয়ে প্রয়োজন সাপেক্ষে ৰাজহুৱা সভা পতাই নহয়, বিধানসভাত ‘কা’ৰ বিৰুদ্ধে প্রস্তাৱ গৃহীত কৰি কেন্দ্রলৈ প্রেৰণ কৰা বুলিও মন্তব্য কৰিছিল৷ বিধায়কগৰাকীৰ ভিডি’ ফুটেজত উল্লেখ থকা মতে যদি কোনো লোকৰ ঠিকনা নাই, পাকিস্তানৰ পৰাও আহিছে, ৰাজস্থান, মহাৰাষ্ট্র অথবা কর্ণাটকৰ পৰাও আহিছে, তেতিয়াহ’লে তেওঁলোকে জীৱিত থকালৈকে কাকো খেদি পঠিয়াব নোৱাৰিব ৷ দেশৰ নাগৰিকৰ লগত পাকিস্তানীক জড়িত কৰি বিধায়কগৰাকীয়ে কৰা মন্তব্যই ইতিমধ্যে ৰাজ্যখনৰ ৰাজনীতিও উত্তাল কৰি তুলিছে ৷

You might also like