জীৱনৰ ধুমুহাই টলাব নোৱাৰা জীৱন চন্দ্র দাস
- ড০ লতিকা ডেকা
হয়, সঁচাকৈয়ে জীৱনআৰম্ভ হয় ষাঠিবছৰবয়স অতিক্রম কৰাৰ পাছতহে৷ অলপতে আমাৰ ঘৰলৈ মোৰ একালৰ শিক্ষাগুৰু জীৱন চন্দ্র দাস ছাৰ আহিছিল তেওঁৰ অৱসৰী জীৱনৰ গুৰুত্বপূর্ণ দিনটোৰ সাক্ষী হ’বলৈ আমাক নিমন্ত্রণ দিবলৈ৷ সুদীর্ঘ ৩৫ বছৰ পাছত স্কুলীয়া জীৱনৰ ছাৰজনক দেখি আমি কি কৰিম কি নকৰিম ভাবি বিবুধিত পৰিলোঁ৷ আমাৰ সাদৰ সম্ভাষণ গ্রহণ কৰি ছাৰে কৈ গ’ল আমি এৰি অহা স্কুলীয়া দিনবোৰৰ কথা৷ অনর্গলভাৱে কৈ গ’ল তেওঁৰ শিক্ষক জীৱনৰ নির্মমবাস্তৱৰ বেথা৷ আমি মৌন হৈ শুনি গ’লোঁ তাহানি ছাৰৰ ক্লাছত প্রথম বেঞ্চতবহা সেই একান্তবাধ্য ছাত্রীগৰাকীৰ দৰে তেওঁৰ জীৱনৰ উত্থান–পতন, কেইবাটাওবছৰ ধৰি বিনাবেতনে প্রদান কৰা শিক্ষকতাৰ কথা৷ যি দুর্বিষহ জীৱন সামৰিব নোৱাৰি আজিবহু শিক্ষকে বিনাবেতনে আত্মহত্যা পর্যন্ত কৰিবলৈ কুণ্ঠাবোধ কৰা নাই৷ মাক–দেউতাক, ভাই–ককাই, পত্নী আৰু ল’ৰা দুজনৰে ভৰা দাস ছাৰৰ পৰিয়ালটো এসময়ত হেনোবহু দুর্যোগৰ মুখামুখি হ’বলগাত পৰিছিল৷ যি কথা শুনি আমাৰ চকু চলচলীয়া হৈ গৈছিল৷ জীৱনৰ মধ্য বয়সত যিবোৰ কাম তেওঁ কৰিব নোৱাৰিলে, এতিয়া ছাৰে সেই কামবোৰ কৰিবলৈ সংকল্পবদ্ধ৷ গ্রাম্য চহা জীৱনত খেতি–খোলা চলাই নিয়াৰ লগতে সমাজৰ স’তে সামাজিক–সাংস্কৃতিক কাম–কাজতব্যস্ত থকাৰ উপৰি তেওঁ সংকল্প লৈছে গ্রন্থ অধ্যয়ন আৰু গ্রন্থ ৰচনাৰ দৰে মহৎ কামত নিজকে নিয়োজিত কৰাত৷ ইতিমধ্যে জীৱন চন্দ্র দাস ছাৰে নিজৰ জীৱনক লৈ প্রায় সম্পূর্ণ কৰি তুলিছে ‘জীৱন’ বিষয়ক এখন অনবদ্য অভিনন্দন গ্রন্থ৷ যি গ্রন্থৰ উন্মোচনী অনুষ্ঠানত তেওঁৰ পুৰণা ছাত্র–ছাত্রীৰ উপস্থিতি অন্তঃকৰণেৰে কামনা কৰিছে৷ জানিব পাৰি আপ্লুত হ’লোঁ যে সেইসকল ছাত্র–ছাত্রীৰ মাজত আমিও আছোঁ৷ জীৱন দাস ছাৰে সেই অনুষ্ঠানৰবাবেই আমাকনিমন্ত্রণ জনাব আহিছিল আমাৰ ঘৰলৈ৷ আমিও সংকল্প লৈছিলোঁ সেই সভাত যেনে–তেনে উপস্থিত থাকিবলৈ৷ স্মর্তব্য যে অৱশেষত এনে এক মহান উদ্দেশ্য আগত ৰাখি ‘জীৱন’ বিষয়ক গ্রন্থখন সম্পূর্ণ হ’ল৷ যোৱাটোবছৰত কিতাপখনৰ কাম শেষ হওঁ হওঁ অৱস্থাতে ছাৰৰ ঘটিল এক হূদয়বিদাৰক অঘটন৷ ষাঠিৰোর্ধ্বৰ ছাৰে স্কুটী লৈ ঘূৰা–ফিৰা কৰোঁতে ঘটিল এক দুর্ঘটনা৷ দুর্ঘটনাগ্রস্ত হৈ জীৱন দাস ছাৰৰ কেইবাডালো কামিহাড ভাগিল৷ ছমাহ শয্যাশায়ী হৈ ৰ’ল৷ হ’লে কি হ’ব? তীব্র বেদনাবোৰেও তেওঁক ম্রিয়মাণ কৰি তুলিব নোৱাৰিলে৷ হঁাহি হঁাহি সকলো যাতনা গ্রহণ কৰিলে৷ অৱশেষত সম্পূর্ণ সুস্থ হৈউঠিল আৰু জীৱনৰ প্রত্যহিক কাম–কাজত মনোনিৱেশ কৰিলে৷ লগতে প্রকাশ পালে জীৱন চন্দ্র দাসৰ কর্মময় জীৱনৰ জীৱন বিষয়ক অভিনন্দন গ্রন্থ৷ প্রখ্যাত গ্রীক দার্শনিক এৰিষ্টটলে কৈছিল– ‘শিক্ষকএডাল মমবাতিৰ দৰে, যিয়ে নিজে গলি আনক পোহৰ দিয়ে৷’ অর্থাৎ সেইসকলব্যক্তিয়ে শিক্ষক হ’ব পাৰে, যিয়ে নিজৰ জীৱনৰ সমস্ত দুখ–কষ্ট আওকাণ কৰি নিজৰ সর্বস্ব উজাৰি শিক্ষার্থীৰ মাজত জ্ঞান বিলাব পাৰে৷ আৰু সেই জ্ঞানৰ পোহৰেৰে শতসহস্র গৰাকীৰ জীৱন উজলাই তুলিব পাৰে৷ কোৱা হয় শিক্ষাগুৰু শিক্ষার্থীসকলৰ দ্বিতীয় পিতৃ–মাতৃ৷বহু মাক–দেউতাকে সন্তানক জন্মহে দিয়ে, কিন্তু সেই সন্তানক জ্ঞানৰ আলোকেৰে আলোকিত কৰি ঘৰ, সমাজ, দেশ আৰু বিশ্বৰ সুনাগৰিক কৰি গঢ়ি তোলাত আগভাগ লয় শিক্ষকেহে৷ কেৱল প্রয়োজনীয় শিক্ষাগত অর্হতাৰে এগৰাকী প্রকৃত শিক্ষক হ’ব নোৱাৰে, ইয়াৰবাবে শিক্ষকগৰাকীৰ থাকিব লাগিব অলেখ গুণ৷ প্রখ্যাত শিক্ষাবিদ হেনৰী এডামছে কৈছিল– ‘এজন শিক্ষকে আমাৰ জীৱনত সামগ্রিকভাৱে এনে প্রভাৱ পেলাই যে সেই প্রভাৱ ক’ত গৈ শেষ হয়, সেয়া কোনেও ক’ব নোৱাৰে৷’ আমাৰ জীৱনতো তেনে প্রভাৱ পেলোৱা এগৰাকী শিক্ষক হৈছে জীৱন চন্দ্র দাস ছাৰ৷ দাস ছাৰৰ ঘৰ কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্রৰ অন্তর্গত লেজাগাঁৱত৷ অলপতে (২০১৮ চনৰ ৩১ ডিচেম্বৰত) পূব পাৰ গান্ধীজী উচ্চ মাধ্যমিক বিদ্যাপীঠৰ পৰা অৱসৰ গ্রহণ কৰিছে৷ ইয়াৰ পূর্বে ১৯৮১ চনৰ পৰা ১৯৮৩ চনলৈ বোর্কা ছোৱালী হাইস্কুলত সহকাৰী শিক্ষক পদত বিনাবেতনে নিয়োজিত হৈআছিল৷ সেই সময়ছোৱাত দাস ছাৰ আমাৰ গণিত আৰু বিজ্ঞানৰ শিক্ষাগুৰু আছিল অষ্টম শ্রেণীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা পর্যন্ত৷ উল্লেখ্য, সেই সময়ছোৱাত আমাৰ বিদ্যালয়খন আছিল অমঞ্জুৰিকৃত৷ বিজ্ঞান আৰু অংকৰ শিক্ষক পাবলৈকে নাছিল৷ যি দুই–এগৰাকী আছিল, তেওঁলোকে চৰকাৰী চাকৰি পোৱা মাত্রেই আঁতৰি গৈছিল৷ তেনে আকালৰ দিনত জীৱন চন্দ্র দাস ছাৰ আমাৰবাবে এচমকা পোহৰৰ ৰূপত আৱির্ভাৱ হৈছিল৷ আৱির্ভাৱ হৈছিল পথ প্রদর্শকৰ ৰূপত৷ ছাৰে বিজ্ঞান আৰু অংক শিকোৱাৰ উপৰি ছবি আঁকিবলৈ শিকাইছিল৷ তেওঁ কৈছিল– ‘ভৱিষ্যতে বিজ্ঞান বিষয়ত পঢ়িবলৈ হ’লে ছবি ঁকাত পাকৈত হ’ব লাগিব৷’ মই ছাৰৰ কথা শুনি তেতিয়াই মনে–প্রাণে থিৰাং কৰিছিলোঁ ভৱিষ্যতে কলা শাখাত পঢ়িমবুলি৷ সেইমতে জীৱনৰ গতিপথ নির্মাণো কৰিছিলোঁ৷ স্কুলীয়া দিনৰ ছাৰ–বাইদেউসকলৰ দিহা–পৰামর্শ গ্রহণ কৰি সুফল লাভ কৰিছোঁ৷ যাৰ বাবে আজি এখন কলেজৰ এটা বিভাগৰ মুৰব্বী অধ্যাপিকাৰ দৰে এটা পদত অধিষ্ঠিত হ’ব পাৰিছোঁ৷যি নহওক, যি দুবছৰৰ বাবে দাস ছাৰক শিক্ষক হিচাপে পাইছিলোঁ, সেই দুবছৰ তেওঁ আমাৰবাবে হৈপৰিছিল জীৱনৰ পথ প্রদর্শক৷ সহজ কথাত ‘গাইড এণ্ড ফিল’চফাৰ’৷ সেই সময়ৰ আমাৰ প্রাণৰ লগৰী ক্রমে অম্বিকা, উর্মিলা, গুণৱতী আৰু মোক দাস ছাৰে ‘ফ’ৰ ষ্টাৰ’ বুলি অভিহিত কৰিছিল৷ আমি চাৰিজনীয়ে শ্রেণীকোঠাত সদায়ে প্রথম বেঞ্চতবহিছিলোঁ৷ সেইদিনত আমি লগ হৈ স্কুলৰ ফাংচনবোৰত সৰু সৰু বেঞ্চবোৰ একলগ কৰি মঞ্চ তৈয়াৰ কৰিছিলোঁ৷ কাৰণ তেতিয়াৰ দিনত স্কুলবোৰত কোনো ধৰণৰ সভাগৃহবা অডিট’ৰিয়াম নাছিল৷ তাকে দেখি ছাৰে কৈছিল– সৰু সৰু বেঞ্চবোৰ লগ লাগি যিদৰে বহল মঞ্চ তৈয়াৰ হৈছে, তেনেদৰে জীৱনৰ সৰু সৰু অভিজ্ঞতাবোৰ লগ লাগিহে মানুহৰ জীৱন নাটৰ মঞ্চখন সর্বাংগ সুন্দৰ হৈউঠে৷ এইগৰাকী ছাৰে আমাক শিকাইছিল যে শিক্ষকতাবৃত্তিটো কেৱল দৰমহা খোৱাবৃত্তি নহয় ই এক উত্তম সমাজসেৱা, দেশৰ, দহৰ হিতার্থে কৰা এক আদর্শনীয় কাম৷ তেওঁৰ কর্ম দেখি ভাবিছিলোঁ এগৰাকী শিক্ষকে বিনাবেতনে কেইবাবছৰো শিক্ষার্থীক শিক্ষাদান কৰি এটি যৌথ পৰিয়াল চলোৱাটো কিমান দুর্বিষহ এনে দুর্বিষহতাক নেওচা দিও ছাৰে হঁাহি–ধেমালিৰ মাজেৰে আমাক সময়ে সময়ে ধেমেলীয়া আৰু আমোদজনক কথা–বার্তাৰ মাজেৰে তেওঁ অংক আৰু বিজ্ঞানৰ দৰে কঠিন বিষয়কো সহজসাধ্য কৰি তুলি শিক্ষার্থীসকলক শিক্ষাদান কৰিছিল৷ আমি আজি শিক্ষকতা বৃত্তিত জডিত হৈ মর্মে মর্মে উপলব্ধি কৰিছোঁ শিক্ষাদানত সময়ে সময়ে হাস্যৰস বা মনোৰঞ্জনৰ প্রয়োজনীয়তা কিমান৷ যিদিনাখন জীৱন দাস ছাৰে তেওঁৰ অৱসৰী জীৱনটোৰ প্রথম পুৱাৰে পৰা নতুনকৈ আৰম্ভ কৰাৰ কথা চিন্তা কৰি শিক্ষকতা জীৱনৰ অন্তিম দিনটোলৈ আমাক নিমন্ত্রণ দিবলৈ আহিছিল সেইদিনা ছাৰৰ কথাবোৰ শুনি তেওঁক পুনৰবাৰ নতুনকৈ নিৰীক্ষণ কৰিলোঁ৷ সাধাৰণতে কর্মস্থানৰ পৰা বিদায় লোৱা মুহূর্ততবহু মানুহক নৈৰাশ্যই আৱৰি ধৰে৷ কিন্তু দাস ছাৰ আছিল তাৰ সম্পূর্ণ ব্যতিক্রম৷ তেওঁ জনাইছিল পূর্বৰে পৰা গ্রাম্য সৰল জীৱনৰ স’তে সংপৃক্ত বিভিন্ন উন্নয়নমূলক অনুষ্ঠান–প্রতিষ্ঠানৰ্ স’তে জডিত হৈ থকাৰ দৰে এতিয়া দুগুণ উৎসাহেৰে সেই অনুষ্ঠানবোৰত কাম কৰি যাব৷ গ্রন্থ অধ্যয়ন আৰু গ্রন্থ লিখনত মনোনিৱেশ কৰিব৷ পথাৰত নামিব আৰু নিজেই উৎপাদন কৰিব চিৰসেউজ শস্য–মৎস্য৷ যিহেতু দাস ছাৰৰ আছে তিনি ভাই–ককাই, বৌ–ভাইবোৱাৰী, ভতিজা–ভতিজীৰে পৰিপূর্ণ এক আদর্শৱান পৰিয়াল৷ কৃষিভূমি আজিও পর্যাপ্ত পৰিমাণে বিদ্যমান৷ ঘৰখনত ভাখৰি (ভঁৰাল ঘৰ), ঢেঁকীশাল, গোহালি ঘৰ, পুখুৰী, শাক–পাচলিৰ বাৰী আদি সকলো পৰিশীলিত ৰূপত জিলিকি আছে৷ যাৰ বাবে দাস ছাৰে পুনৰ পৰিকল্পনা কৰিছে শৈশৱ–যৌৱন কালছোৱাৰ দৰে গৰু–ছাগলীৰ স’তে লৱৰি–ঢ়াপলি ফুৰিব পথাৰে–সামৰে অৱসৰী জীৱন৷ তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ত গৱেষণাৰতবৰপুত্র্ কাম–কাজৰ সফল ৰূপায়ণত পার্যমানে সহাযোগিতা আগবঢ়াব৷ ঘৰখনৰ তিনি ভাই–ককাই, জা–জীয়ৰী–জোৱাইহঁতৰ্ মিলা–প্রীতি দেখি আপুনিও হয়তো হতবাক হ’ব কিয়নো আজিৰ যুগত এনে মিলা–প্রীতিৰে ভৰা ঘৰ আছেইবা কেইখন? আমি আশা কৰিম জীৱন চন্দ্র দাস ছাৰে ভবাৰ দৰে তেওঁৰ অৱসৰী জীৱনলৈ ধুমহাৰ দৰে অহা আধৰুৱা কাম–কাজবোৰ সম্পূর্ণ কৰাৰ সোণালী সুযোগ গ্রহণত এশ শতাংশই সফল হ’ব লগতে দাস ছাৰৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু অক্ষুণ্ণ থাকক ৷