নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদাবাৰী–মালিগাঁৱৰ হোটেল–বেকাৰীসহ ৮খন ব্যৱসায়িক প্রতিষ্ঠান ছীল

জনস্বাস্থ্যৰ প্রতি ভাবুকি কঢ়িয়াই খাদ্যৰ নামত বৰবিহ বিক্রীঃ খাদ্য সুৰক্ষা বিভাগৰ অভিযান

নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ  গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত একাংশ অসাধু ব্যৱসায়ীয়ে জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰি অস্বাস্থ্যকৰ পৰিৱেশত প্রস্তুত কৰা খাদ্যসামগ্রী বিক্রী কৰি আহিছে৷ খাদ্য সুৰক্ষা বিভাগৰ অভিযানত পুনৰ পোহৰলৈ আহিছে এই তথ্য৷ ৰাজহুৱা অভিযোগৰ ভিত্তিত আজি খাদ্য সুৰক্ষা বিভাগে মালিগাঁও আৰু আদাবাৰীৰ কেইবাখনো হোটেল–ৰেষ্টুৰেণ্ট আৰু বেকাৰী প্রস্তুত কৰা ব্যৱসায়িক প্রতিষ্ঠানত চলোৱা অভিযানত এই ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ কেৱল ব্যৱসায়িক স্বার্থত জনস্বাস্থ্যৰ প্রতি ভাবুকিৰ সৃষ্টি কৰি মুনাফা লুটি অহা ব্যৱসায়ীৰ বিৰুদ্ধে আজি খাদ্য সুৰক্ষা বিভাগৰ এটা দলে অভিযান চলাই মালিগাঁও আৰু আদাবাৰীৰ ৭খনকৈ ব্যৱসায়িক প্রতিষ্ঠান ছীল কৰি দিয়ে৷ খাদ্য সুৰক্ষা বিভাগৰ বিষয়া তৰুণ দাসৰ নেতৃত্বত যোৱা দলটোৱে মালিগাঁৱত অভিযান চলাই পঞ্জাবী হোটেল, মোহনছ হোটেল, মা হোটেল, ৰমেশ গুপ্তা হোটেল, বিমল ঘোষ হোটেল আৰু বিৰিয়ানী চেণ্টাৰ, আদাবাৰীৰ ডিলাক্স বেকাৰীত অস্বাস্থ্যকৰ পৰিৱেশত জনস্বাস্থ্যৰ প্রতি ভাবুকিৰ সৃষ্টি কৰি খাদ্য প্রস্তুত কৰি অহাৰ অভিযোগত ছীল কৰি দিয়ে৷ খাদ্য সুৰক্ষা বিভাগৰ নীতি–নিয়ম উলংঘা কৰি ব্যৱসায় চলোৱাৰ অভিযোগত মীনা গুপ্তা হোটেল, নিশা হোটেল, মা মনসা হোটেল, বিষ্ণু মিষ্টান্ন ভাণ্ডাৰ, আদাবাৰীৰ ওম ছুইটছ এণ্ড বেকাৰী, নিউ পদ্মা বেকাৰী, শ্যামা হোটেল এণ্ড ৰেষ্টুৰেণ্ট আৰু আনন্দ মিষ্টান্ন ভাণ্ডাৰক কাৰণ দর্শোৱাৰ জাননী জাৰি কৰে৷ লক্ষণীয় যে গুৱাহাটী মহানগৰীৰ একাংশ হোটেল আৰু ৰেষ্টুৰেণ্টত পূতিগন্ধময় আৰু অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্রস্তুত কৰি বিক্রী কৰি অহাৰ অভিযোগ নতুন নহয়৷

You might also like