নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙাপৰা সমষ্টিত হ’বলগীয়া উপ নিৰ্বাচন এই মুহুৰ্তলৈকে নিশ্চিত হোৱা নাই- ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ২৯ ফেব্ৰুৱাৰীঃ ৰঙাপৰা সমষ্টিত হ’ব লগীয়া উপ – নিৰ্বাচন এতিয়াও অনিশ্চয়তাত , নিশ্চিত নহয় যে ৰঙাপৰা সমষ্টিত উপ নিৰ্বাচন হবই বুলি। এতিয়ালৈকে ঠিৰাঙেই কৰা নাই উপনিৰ্বাচন হ’ব নে নাই- আজি ৰঙাপৰা সমষ্টিটোৰ কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰিবলৈ আহি এই মন্তব্য কৰে অসম চৰকাৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই | উল্লখ্য যে ,মন্ত্রী শৰ্মাই আজি পুৱাৰে পৰা তেজপুৰৰ সাংসদ পল্লৱলোচন দাসক লগত লৈ সমষ্টিটোৰ সৰুপাটগাঁও , মানশিৰি- চিলনী সংযোগী পথ ,ঔহলাগাঁও ,কমাৰীগাঁও- এৰাগাঁও সংযোগী পথ , বালিগাঁও পথ নিৰ্মাণৰ শুভাৰম্ভ কৰাৰ লগতে চতিয়া সমষ্টিৰ চাৰিদুৱাৰ স্হিত কন্যাকা পৰিদৰ্শন কৰে | বিধায়ক পদ্মৰ হাজৰিকাৰ প্ৰসংশাত পঞ্চমুখ হৈ মন্ত্ৰী গৰাকী। লগতে মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে কন্যাকাই বহু যুৱক – যুৱতীৰ সংস্থাপন মুকলি কৰাৰ লগতে স্বকীয় চিনাকিৰে বিশ্ববিখ্যাত হ’ব। আনহাতে ৰাজ্যসভাৰ দুখন আসন নিশ্চিতভাৱে বিজেপিয়ে লাভ কৰিব বুলি উল্লেখ ড০ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ  কৰে।

You might also like