নিয়মীয়া বাৰ্তা, ১ মে’ : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচটা দিন বাকী থকা অৱস্থাত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে বৰপেটা লোকসভা সংসদীয় সমষ্টিত৷ অসমৰ উল্লেখযোগ্য সমষ্টি হিচাপে বিবেচিত বৰপেটা লোকসভা সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টী, কংগ্ৰেছ, চি.পি.আই (এম)কে ধৰি বিভিন্ন দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে নিজৰ নিজৰ প্ৰচাৰ অভিযান বৃদ্ধি কৰিছে৷ প্ৰাৰ্থীসকলৰ সমান্তৰালভাৱে স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰশাসনেও চলাইছে ব্যাপক তৎপৰতা৷ তিনিকোণীয়া যুঁজৰ সম্ভাৱনা প্ৰকট হৈ পৰা ৩নং বৰপেটা লোকসভা সমষ্টিটোত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীক৷ ইতিমধ্যে ফণীভূষণ চৌধুৰীক জয়যুক্ত কৰাৰ লক্ষ্যৰে ৰণত নামিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ শীৰ্ষ নেতাই৷ অন্যহাতে কংগ্ৰেছে বৰপেটা লোকসভা সমষ্টিটোৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে দীপ বায়নক৷ কংগ্ৰেছৰ নতুন মুখৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয় কৰাৰ লক্ষ্যৰে বৰপেটা লোকসভা সমষ্টিটোৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, অসম প্ৰদেশ কংগ্ৰছে কমিটিৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈকে ধৰি অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই৷ ইপিনে চি.পি.আই (এম) য়ে বৰপেটা লোকসভা সমষ্টিটোত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে চি.পি.আই (এম) ৰ জ্যেষ্ঠ নেতা তথা সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক৷ প্ৰাৰ্থীগৰাকীয়ে বৰপেটা লোকসভা সংসদীয় সমষ্টিটোৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে৷ মনোৰঞ্জন তালুকদাৰক সাংসদ হিচাপে জয়যুক্ত কৰাৰ লক্ষ্যৰে ইতিমধ্যেই বামপন্থী দল সমূহৰ নেতৃত্বই উঠিপৰি লাগিছে৷ চি.পি.আই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন চমুকৈ ডি.ৱাই.এফ, এছ. এফ. আইয়ে মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত লোকসভা সমষ্টিটোৰ গাঁৱে, গাঁৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ৷ সমষ্টি পুননিৰ্ধাৰণেৰে গঠিত ৩নং বৰপেটা লোকসভা সমষ্টিটো এইবাৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ মুঠ পোন্ধৰগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱা বৰপেটা লোকসভা সমষ্টিটোত এইবাৰ ভোট প্ৰদান কৰিব মুখ্যমন্ত্ৰীসহ অসম চৰকাৰৰ চাৰিগৰাকীকৈ কেবিনেট মন্ত্ৰী আৰু কেইবাগৰাকী নিগম-নিকায়ৰ অধ্যক্ষই ৷ অসমৰ অতিকৈ গুৰুত্বপূৰ্ণ আৰু শাসকীয় পক্ষৰ সন্মান ৰক্ষাৰ বাবে বৰপেটা দখলৰ যুঁজত বিজেপিৰ মুখ্যমন্ত্ৰীসহ চাৰিগৰাকী কেবিনেট মন্ত্ৰীয়ে পদুম ফুলৰ বিপৰীতে ভোট দিব হাতীৰ ছবিত৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, পৰিৱেশ আৰু বন, সংখ্যালঘু কল্যাণকে ধৰি আন কেতবোৰ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জনস্বাস্থ্য কাৰিকৰী, পৰ্যটনৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমাকে ধৰি কেইবাটাও বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৭ এপ্ৰিলত ভোটদান কৰিব হাতীৰ ছবিত৷ তদুুপৰি ৩নং লোকসভা সমষ্টিটোৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক চৰকাৰৰ নিগম-নিকায়ৰ অসম পেট্ৰো কেমিকেলছৰ স্বতন্ত্ৰ সঞ্চালক জিতু তালুকদাৰ, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ন ডেকা, অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপনন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱা আৰু অসম বৃক্ষৰোপণ আৰু বাগিছা শস্য উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ অশোক শৰ্মাইও হাতীৰ ছবিত ভোটদান কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাৰ চেষ্টা চলাব৷ মুঠ দহটা বিধানসভা সমষ্টি ক্ৰমে অভয়াপুৰী, বঙাইগাঁও, ভবানীপুৰ-সৰভোগ, বৰপেটা (এছ.চি), পাকাবেতবাৰী, বজালী, হাজো (এছ.চি), বৰক্ষেত্ৰী, টিহু আৰু নলবাৰীৰ মুঠ ১৯,৪৯,৮৭৩ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিবলগীয়া অসমৰ অতিকৈ গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় সমষ্টিটো কাৰ দখললৈ যায় সেয়া অহা ৪ জুনতহে নিশ্চিত হ’ব!
প্ৰেৰক তফিকুৰ ৰহমান