নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীৰ শাসনত দৰিদ্ৰ লোকৰ জীৱনলৈ শান্তি ঘূৰি আহিছে : সৰ্বানন্দ সোণোৱাল

🎯ছমৰীয়াত বিজয় সংকল্প সমাৱেশত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

🎯বিজুলী কলিতা মেধিৰ হৈ চলালে প্ৰচাৰ

নিয়মীয়া বাৰ্তা, ১ মে’ : কামৰূপ জিলাৰ বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ছমৰীয়া সত্ৰত আজি আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ৫নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ ছমৰীয়া ৰামসৰস্বতী খেলপথাৰত অনুষ্ঠিত বিজয় সংকল্প সমাৱেশত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলায় আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক পদুম ফুলৰ ছবিত ভোট দি নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী কৰিবলৈ আহ্বান সৰ্বানন্দ সোণোৱালৰ। আজিৰ এই বিজয় সংকল্প সমাৱেশত দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী,দক্ষিন কামৰূপ জিলাৰ প্ৰভাৰী অনিৰ্বাণ গোস্বামী, ছমৰীয়া সত্ৰ মণ্ডলৰ সভাপতি পাৰ্থকৃষ্ণ অধিকাৰী, বনগাঁও-ছয়গাঁও মণ্ডলৰ সভাপতি ধীৰাজ ঠাকুৰীয়া, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালৰ লগতে বকো-ছয়গাঁও সমষ্টিৰ বিভিন্ন মণ্ডল,মৰ্চাৰ বিষয়বীয়াৰ লগতে প্ৰায় পাঁচ সহস্ৰাধিক কাৰ্যকৰ্তা উপস্থিত থাকে। ভাষন প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বিশ্ব নেতা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত সমগ্ৰ ভাৰতবৰ্ষত যোৱা ১০টি বৰ্ষত সকলোফালে উন্নয়ৰ ধাৰা বৈছে। বিশেষকৈ দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ ২৫ কোটি জনসাধাৰণৰ জীৱনলৈ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই পৰ্যায়ৰ পৰা উদ্ধাৰ কৰিছে। বিশ্ব নেতা নৰেন্দ্ৰ মোদীয়ে কৰা বিভিন্ন জনকল্যানমূলক কামৰ ফলত দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ জনসাধাৰণে শান্তি পাইছে, যি কাম কংগ্ৰেছে ষাঠি বছৰে কৰিব পৰা নাছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰৰ দিনত উন্নয়নৰ জোৱাৰ উঠিছে। সেইবাবে ৰাইজে উপলব্ধি কৰিছে যে বিশ্ব নেতা নৰেন্দ্ৰ মোদী পুনৰবাৰ তৃতীয়টো কাৰ্যকালৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈ থাকক বা হৈ থকা উচিত। ৰাইজে বিচাৰিছে যে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ থাকিলে দেশৰ শাসনভাৰ সততা আৰু নিষ্ঠাৰে চলিব আৰু দেশৰ ১৪০ কোটি ৮৪ লাখ লোকে ন্যায় পাব আৰু সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ পাব। গতিকে সকলোৱে একত্ৰিত হৈ নৰেন্দ্ৰ মোদীক ভাৰতবৰ্ষৰ পুনৰ প্ৰধানমন্ত্ৰী বনোৱাৰ বাবে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক আপোনালোকৰ বহুমূলীয়া ভোট টো দিবলৈ আহ্বান জনালোঁ।

প্ৰেৰক প্ৰীতম বায়ন

You might also like