নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাবৰ আৰ্থিক বৰঙণি-সাহায্য প্ৰদান

নিয়মীয়া বাৰ্তা, ১ মে’ : বিভিন্ন জনকল্যাণমূলক কাৰ্যৰ লগতে ব্যতিক্ৰমী সামাজিক কামকাজেৰে বিৰল নিদৰ্শন দাঙি ধৰি এক সামাজিক দায়বদ্ধতাৰ পৰিচয় দিয়া বজালী অঞ্চলৰ অন্তৰ্গত পাটাছাৰকুছিৰ অন্যতম স্বেচ্চাসেৱী সামাজিক অনুষ্ঠান প্ৰাগজ্যোতি ক্লাবৰ তৰফৰ পৰা আজি ক্লাবৰ কাৰ্য্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ক্লাবৰ বহুমুখী আঁচনি ৰূপায়ণৰ অধীনত এটা অনুষ্ঠানক আৰ্থিক বৰঙণি আৰু প্ৰাগজ্যোতি সাহায্য নিধিৰ জৰিয়তে চাৰিগৰাকীক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। অনুষ্ঠানত পাটাছাৰকুছি হাইস্কুলৰ সমীপত পাটাছাৰকুছি অঞ্চলিক ছাত্ৰ সন্থাৰ নিৰ্মাণৰত শ্বহীদ বেদীটোৰ নিৰ্মাণ কাৰ্য্যৰ বাবে পাটাছাৰকুছি অঞ্চলিক ছাত্ৰ সন্থাক এক লাখ টকাৰ বৰঙণি প্ৰদান কৰাৰ লগতে নলবাৰীৰ কুমাৰ ভাস্কৰবাৰ্মা সংস্কৃত পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সদ্যঘোষিত স্নাতকোত্তৰ পৰীক্ষাত সংস্কৃত সৰ্বদৰ্শণত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰি সোণৰ পদক লাভেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা পাটাছাৰকুছিৰ ছাত্ৰী দীপিকা শৰ্মাক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰাগজ্যোতি সাহায্য নিধিৰ জৰিয়তে ক্ৰমে প্ৰতিভাধৰ ছাত্ৰী গৰাকীৰ লগতে দুৰ্গত ক্ৰমে শিল্পী মলোৰাম হীৰা (মলো কা), ভাৰতী দেৱী আৰু পাৰ্থ প্ৰতীম পৰাশৰ তথা প্ৰবাল প্ৰতীম পৰাশক পাঁচ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ক্লাবৰ সাহায্য নিধিৰ সমম্ময়ক নিতুল শৰ্মাই আঁত ধৰা এই অনুষ্ঠানত ক্লাবৰ সভাপতি ৰফিকুল হক, সম্পাদক শিখৰ গোস্বামী, উপদেষ্টা মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, হিৰেন শৰ্মা, সমাজকৰ্মী কৈলাশ ডেকা, কৈলাশ ৰয়, পৰমেশ হালৈ, প্ৰসন্ন শৰ্মা, প্ৰকাশ শৰ্মা, দিগন্ত গোস্বামী, নিবাৰণ ৰয় আদিকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰেৰক উৎপল মেধি

You might also like