🎯বাক্সাৰ নিকাছীত ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
🎯বাক্সাৰ এ, বি, চি ব্লকত শীঘ্ৰেই ভূমি পট্টা
🎯পৰেশ বৰুৱাক মূলসুঁতিলৈ অনাৰ প্ৰচেষ্টা চলি আছে
বিশেষ বাৰ্তা, ১ মে’ : বিটিআৰত এতিয়া বন্দুকৰ ট্ৰিগাৰ দেখুৱাই ভোট বিচৰাৰ দিন উকলি গ’ল। পূৰ্বৰ দৰে এতিয়া আৰু বন্দুকৰ ভয়ত মানুহে ভোটদান নকৰে। বন্দুকৰ সলনি নমস্কাৰ জনাইহে ভোট বিচৰাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আজি বাক্সা জিলাৰ নিকাছিত কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আমি সকলোৱে একত্ৰিত ভাবে আগবাঢ়ি গ’লে দেশৰ লগতে বিটিআৰ অঞ্চলতো উন্নতি হ’ব। এই অঞ্চলটো উন্নতিৰ বাবে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পাতিবলৈ আমি সকলোৱে সংকল্প গ্ৰহণ কৰিব লাগিব। কাৰণ বৰ্তমান পৰিস্থিতিত বিপিএফ বা কংগ্ৰেছ দলক ভোট দি লাভ নাই। কটা হাতৰ কাম নাই, নাঙলৰ দাম নাই। বৰ্তমান সময়ত কোনেও নাঙলেৰে হাল নাবায়। তথ্য, প্ৰযুক্তিৰ দিনত মানুহ উন্নত হৈছে। সেয়ে এতিয়া ট্ৰেক্টৰ চলায়। কিয়নো ট্ৰেক্টৰৰ চালক আছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ বিটিচি তথা ৰাজ্যতো চৰকাৰ নাই। গতিকে তেওঁলোকে একো উন্নয়ন কৰিব নোৱাৰা। উন্নতি আমিহে কৰিব পাৰিব। আনহাতে কোকৰাঝাৰ লোকসভা সমষ্টিবাসীক বিভাজিত নহৈ বড়ো-অবড়ো সকলোৱে মিলি চলি নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা দৰং-ওদালগুৰি লোকসভা সমষ্টিত ইউ পি পি এল দলৰ কৰ্মীসকলে পদুমত ভোট প্ৰদান কৰিছে, গতিকে কোকৰাঝাৰত বিজেপি কৰ্মী সকলে ট্ৰেক্টৰৰ ছবিত ভোট প্ৰদান কৰিব লাগে। কোকৰাঝাৰত জয়ন্ত বসুমতাৰী বিজয়ী হ’লে ইয়াত বসবাস কৰা অন্যান জাতি-জনগোষ্ঠীৰ হৈ মই প্ৰমোদ বড়োক কব পাৰিব। যদিহে আমাৰ কৰ্মী সকলে ভোট নিদিয়ে তেতিয়া হ’লে মই একো কব নোৱাৰিম। মোৰ সন্মানৰ কথা আছে। আপোনালোকে মোৰ কথা শুনি ইউ পি পি এল দলৰ প্ৰাৰ্থীগৰাকীক ভোট দিব। তেওঁ কষ যে নৱ শৰণীয়াই নিজকে অসমীয়া বুলি ভাৱে কিন্তু আমিও অসমীয়া। লগতে তেওঁ কয় যে নৱ কুমাৰ শৰণীয়াই অকলে একো কৰিব নোৱাৰে। তেওঁৰ চৰকাৰ বিটিচিতো নাই, দিশপুৰতো নাই, দিল্লীতো নাই। সমস্যা সমাধান আমিহে কৰিব পাৰিম, তেওঁ আমাক সমস্যা সমাধানৰ সুযোগ দিব। আনহাতে লোকসভা নিৰ্বাচনৰ পিছতে ২০২৬ৰ বিধানসভা নিৰ্বাচনত ১০৫তকৈ অধিক আসন লাভৰ আশা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰৰ ২৪ৰ নিৰ্বাচনৰ ইভিএমত সকলো ওলাই পৰিব বুলি উল্লেখ কৰে। ইফালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সভাত বছৰ বছৰ ধৰি ভূমি পট্টাৰ পৰা বঞ্চিত হৈ থকা বাক্সা জিলাৰ এ, ব্লক, বি ব্লক আৰু চি ব্লকত শীঘ্ৰেই ভূমি পট্টা প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে। তেওঁ কয় যে মুছলপুৰ মহকুমা অন্তৰ্গত এই অঞ্চলটোৰ ৰাইজে স্বাধীনত্তোৰ সময়ৰে পৰা মাটিৰ পত্তা বিচাৰি হাবাথুৰি খাই আহিছ। কিন্তু বিটিচিত বসবাস কৰা এই অঞ্চলৰ প্ৰতিটো পৰিয়ালকে মাটিৰ পত্তা প্ৰদান কৰিব। আনহাতে বৃহত্তৰ নিকাছী অঞ্চলটোৰ উন্নয়নৰ হকেও মুখ্যমন্ত্রীগৰাকীয়ে কাম কৰিব বুলি নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে বৰমাৰ পৰা নিকাছী পথটো চাৰিলেনযুক্ত কৰাৰ বাবে ইতিমধ্যে ৮২ কোটি টকা আৱন্টন দিয়া হৈছে। ইয়াৰোপৰি দোং বান্ধ নিৰ্মাণৰ লগতে নিকাছী- সূৱণখাটা সংযোগী পথৰ দিৰিং নদীৰ ওপৰত পকী দলং নিৰ্মাণ কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ পাচতে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্রীগৰাকীয়ে শান্তি স্থাপনৰ বাবে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাকো মূলসূঁতিলৈ অনাৰ প্ৰচেষ্টা চলি থকা বুলি মন্তব্য কৰে। আনকি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা সন্দৰ্ভত মন্তব্য কৰি কয় যে ৰাইজে গান্ধী পৰিয়ালক দেখা নাছিল, দেখা পাব। লগতে আমাৰো দুটামান ভোট বৃদ্ধি পাব। উল্লেখ্য যে আজিৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু ৰাজ্য সভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে অঞ্চলটোৰ শান্তি আৰু সুৰক্ষাৰ বাবে ইউপিপিএলৰ নেতা তথা এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়। সভাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, পীযুষ হাজৰিকা, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা, বাক্সা জিলাৰ বিজেপি সভাপতি শৰৎ শৰ্মা, প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়োকে ধৰি দলীয় নেতা কৰ্মী উপস্থিত থাকে।
প্ৰেৰক নীৰেন কুমাৰ শৰ্মা