নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমৰীয়া সত্ৰত আয়ুষ চেণ্টাৰ স্থাপনৰ আশ্বাস সৰ্বানন্দ সোণোৱালৰ

🎯বৰবিষ্ণু আতাৰ থান, ছমৰীয়া সত্ৰত সেৱা ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

নিয়মীয়া বাৰ্তা, ১ মে’ : কামৰূপ জিলাৰ শ্ৰীশ্ৰীবৰবিষ্ণু আতাৰ থান, ছমৰীয়া সত্ৰত আজি দুপৰীয়া উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে আজি ছমৰীয়া ৰামসৰস্বতী খেলপথাৰত গুৱাহাটী লোকসভ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আয়োজিত বিজয় সংকল্প সমাৱেশত ৰাইজক সম্বোধন কৰি নিৰ্বাচনী সভাৰ অন্তত বৰবিষ্ণু আতাৰ থানত উপস্থিত হৈ সেৱা লয়।ইয়াৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৰবিষ্ণু আতাৰ থান, ছমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ ভকত, বাপ বান্ধৱসকলৰ সৈতে বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ভকত বাপ বান্ধৱৰ সৈতে আলোচনাৰ অন্তত ছমৰীয়া সত্ৰৰ বিশিষ্ট সমাজকৰ্মী নিপু বৰাই ছমৰীয়া সত্ৰবাসী ৰাইজৰ সুবিধাৰ্থে ছমৰীয়া সত্ৰত এটি ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ এটি আয়ুষ কেন্দ্ৰ স্থাপন কৰাৰ বাবে অনুৰোধ জনোৱাত সমাজকৰ্মী নিপু বৰাৰ অনুৰোধ ৰক্ষা কৰি ছমৰীয়া সত্ৰত ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ অধীনত এটি আয়ুষ কেন্দ্ৰ স্থাপন কৰাৰ আশ্বাস প্ৰদান কৰে। ইয়াৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ নিগমানন্দ অধিকাৰীৰ সৈতে কলপাতত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে আৰু তেওঁৰ পৰৱৰ্তী নিৰ্বাচনী কাৰ্যসূচী হাজোলৈ হেলিকপ্তাৰযোগে উৰা মাৰে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like