নিয়মীয়া বাৰ্তা, ৩ মেঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যত তুংগত চলিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ৷ ৩নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নৱগঠিত ৪০নং টিহু বিধানসভা সমষ্টিৰ কৈঠালকুছিত কালি ভাৰতীয় জাতীয় কংগ্ৰেছ দ’লৰ মনোনীত প্ৰাৰ্থী দীপ বায়নক লগত লৈ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে৷ নলবাৰী জিলাৰ কৈঠালকুছিৰ শ্ৰীশ্ৰী কলিয়া গোঁসাই ঘৰ জোৱাৰ্দ্দি সত্ৰ প্ৰাংগনত মধুপুৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাখনত অংশ লৈ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে গণতান্ত্ৰিক অধিকাৰ, সাংবিধানিক অধিকাৰ ৰক্ষাৰ স্বাৰ্থত সমাগত নিৰ্বাচনত অগপ-বিজেপি-ইউ.পি.পি.এল. মিত্ৰজোঁটৰ প্ৰাৰ্থীক পৰাজিত কৰি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক বিজয়ী কৰাবলৈ আহ্বান জনায়৷ভাষণ প্ৰসংগত গগৈয়ে পুনৰ কয়, আমি আদৰ্শ ভিত্তিত ৰাজনীতি কৰিব বিচাৰিছো আৰু বৰপেটাত এজন যুৱ প্ৰাৰ্থী থিয় কৰাইছো৷ গতিকে যুৱ প্ৰাৰ্থী দীপ বায়নক আপোনালোকে ভোট দিয়ক৷ ইপিনে এইবাৰৰ নিৰ্বাচনৰ প্ৰভাৱ আঢ়ৈ বছৰ পিচত হ’ব লগা বিধানসভা নিৰ্বাচনতো পৰিব বুলি মন্তব্য আগবঢ়ায় সাংসদ গৌৰৱ গগৈয়ে৷ সেয়ে আজিৰ পৰাই সেই পৰিৱেশৰ সৃষ্টি কৰিব লাগিব বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে৷ ভাষণ প্ৰসংগত সাংসদগৰাকীয়ে শাসকীয় বিজেপি দলটোক বিভিন্ন কথাৰে কটাক্ষ কৰে৷ মধুপুৰ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি দিলীপ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত আৰু নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি,যুৱ নেতা ৰাতুল পাটোৱাৰীয়ে আদৰণি ভাষণ আগবঢ়োৱা সভাখনত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ভাষণ আগবঢ়াই সকলোকে ৭ মে’ত দলে বলে ওলাই আহি দীপ বায়নক ভোট দিবলৈ আহ্বান জনায়৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক প্ৰদ্যুৎ ভূঞা, ৰাইজৰ দ’লৰ সম্পাদক হেমন্ত সূতকে ধৰি কংগ্ৰেছ দ’লৰ বহু নেতা-কৰ্মী, বিষয়ববীয়া উপস্থিত থকা সভাখনত প্ৰাৰ্থী দীপ বায়নে কংগ্ৰেছৰ হৈ সাহসেৰে ওলাই অহা পৰিবৰ্তনকামী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে৷ সভাখনৰ পূৰ্বে কংগ্ৰেছ কৰ্মীসকলে নলবাৰীৰ ৰাজীৱ ভৱনৰ পৰা এক বাইক ৰেলীৰে গৌৰৱ গগৈক সভাস্থলীলৈ আদৰণি আনে৷ আৰু পাছত গৌৰৱ গগৈয়ে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী কলিয়া গোঁসাই ঘৰ জোৱাৰ্দ্দি সত্ৰত আঠু লৈ সেৱা জনাই নিৰ্বাচনী সভাখনত অংশগ্ৰহণ কৰে৷
প্ৰেৰক শৈলেন বৰ্মন